ETV Bharat / state

বিশাল ফুকনৰ কাৰ্যালয়ৰ ইণ্টেৰিয়’ৰ ডিজাইন কৰি জেৰাৰ সন্মুখীন কৰিশ্মা কাকতি - Bishal Phukan Investment Scam

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 7:58 PM IST

Investigation of Bishal Phukan scam : অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক বিশাল ফুকনৰ অত্যাধুনিক কাৰ্যালয়ৰ ইণ্টেৰিয়’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক ডিব্ৰুগড় সদৰ থানাত জেৰা ৷ কেবাঘন্টা জেৰাৰ অন্তত যাবলৈ দিয়া হয় কৰিশ্মা কাকতিক ৷

Investigation of Bishal Phukan scam
বিশাল ফুকনৰ কাৰ্যালয়ৰ ইণ্টেৰিয়’ৰ ডিজাইন কৰি জেৰাৰ সন্মুখীন কৰিশ্মা কাকতি (ETV Bharat Assam)

ডিব্ৰুগড়, ৮ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি বিলাসী জীৱন কটোৱা ২২ বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকন প্ৰৱঞ্চনাৰ কাহিনীয়ে ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । কম বয়সতে আনৰ টকাৰে বিলাসী জীৱন কটোৱা প্ৰৱঞ্চক বিশাল ফুকন শনিবাৰৰ পৰা থাকিব লাগা হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত ।

সামাজিক মাধ্যমত বিশাল ফুকনৰ অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাৰ কাহিনী পোহৰলৈ অহাৰ পাছতে আৰক্ষীৰ নজৰলৈ আহিছিল বিশাল ৷ অতি কম বয়সৰ বয়সীয়া ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ নিবাসী বিশাল ফুকনক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰাৰ পিচতে পোহৰলৈ আহিছে ন ন চাঞ্চল্যকৰ তথ্য ।

অভিনেত্ৰী চুমী বৰাই ভাতৃ পাতি লৈছিল বিশাল ফুকনক । বহু অভিনেতা-অভিনেত্ৰীক বিশাল ফুকনৰ ওচৰত অনলাইন ট্ৰেডিঙৰ বাবে ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰোৱাইছিল ৷ ৰাজ্যৰ বহু সম্ভ্ৰান্ত ব্যৱসায়ী, বহু ৰাজনৈতিক নেতাক ধন বিনিয়োগ কৰোৱাইছিল বিশাল ফুকনৰ ওচৰত চুমী বৰাই ৷ জেৰাত বিশালে এই কথা আৰক্ষীক জনোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

অভিযোগ অনুসৰি চুমী বৰাৰ ৰাজস্থানত পতা ডেষ্টিনেশ্যন ৱেডিঙত টকা খৰচ কৰিছিল বিশাল ফুকনে । ডুবাইত বিলাসী হোটেল বুক কৰি দিছিল বিশাল ফুকনেই । আনকি চুমী বৰাৰ ককায়েকৰ লগত ঔষধ কোম্পানী আৰম্ভ কৰিছিল বিশাল ফুকনে । আৰক্ষীয়ে চুমী বৰাক বিচাৰি অভিযান চলাইছে যদিও সন্ধান লাভ কৰা নাই । বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনা কৰি ক্ৰয় কৰা সম্পত্তি লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

আৰক্ষীৰ তথ্য মতে ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ অত্যাধুনিক কাৰ্যালয় নিৰ্মাণ কৰিছিল প্ৰৱঞ্চক বিশাল ফুকনে ৷ কাৰ্যালয়টোৰ ইণ্টেৰিয়’ৰ ডিজাইনত কেবা লাখ টকা খৰচ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে । বিশাল ফুকনৰ কাৰ্যালয়ত ইণ্টেৰিয়’ৰ ডিজাইন কৰিছিল গুৱাহাটীৰ কৰিশ্মা কাকতি নামৰ ডিজাইনাৰগৰাকীয়ে । ইয়াৰ পিচতে দেওবাৰে অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক বিশাল ফুকনৰ অত্যাধুনিক কাৰ্যালয়ৰ ইণ্টেৰিয়’ৰ ডিজাইন কৰা কৰিশ্মা কাকতিক ডিব্ৰুগড় সদৰ থানাত জেৰা চলোৱা হৈছে ৷

দেওবাৰে বিয়লি ডিব্ৰুগড় সদৰ থানাত উপস্থিত হোৱা কৰিশ্মাক বহু সময় ধৰি ডিব্ৰুগড়ৰ সদৰ থানাত জেৰা চলায় বিশাল ফুকন গোচৰৰ তদন্তকাৰী বিষয়া স্বেজল আগৰৱালে ৷ জেৰাৰ অন্তত আৰক্ষীয়ে যাবলৈ দিয়ে কৰিশ্মা কাকতিক । আৰক্ষীয়ে কি তথ্য বিশাল ফুকনৰ সম্পৰ্কত জানিব বিচাৰিল সেই কথা সংবাদ মাধ্যমৰ আগত একো প্ৰকাশ নকৰিলে কৰিশ্মাই ৷

লগতে পঢ়ক : আৰক্ষীয়েই জনা নাছিল, মই কেনেকৈ জানিম ? : বিনিয়োগ কেলেংকাৰীত নাম সাঙোৰ খোৱা সন্দৰ্ভত জুবেইৰ আনম মজুমদাৰ

ট্ৰেডিং কেলেংকাৰী: প্ৰয়োজনত তদন্তৰ ভাৰ চি বি আইক দিয়াৰ কথা ক'লে মুখ্যমন্ত্রীয়ে

তাৰ্কিক-চুমীৰ বিয়া খাবলৈ গৈ বিপদত পৰিল আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.