ETV Bharat / state

প্ৰথম পৰ্যায়ৰ ৭ লাখ হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আৰম্ভ - RATION CARD DISTRIBUTION

অসমৰ ৪৯ টা বিধানসভা সমষ্টিৰ ৰেচন কাৰ্ড বিতৰণ আৰম্ভ ।

RATION CARD DISTRIBUTION IN NALBARI
ৰেচন কাৰ্ড বিতৰণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2024, 10:22 PM IST

নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ ৭ লাখ লোকক নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে মুখ্য়মন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে তিনিচুকীয়া জিলাৰ ৬ টা বিধানসভা সমষ্টিতো একেসময়তে অনুষ্ঠিত হোৱা অনুষ্ঠানত জিলাখনৰ মুঠ ৮৩,৯৫২গৰাকী হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় ।

এই উপলক্ষে মাকুম বিধানসভা সমষ্টিৰ বাবে তিনিচুকীয়া চহৰৰ বৰগুৰিৰ আই টি আই খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ নিগমৰ অধ্যক্ষ পুলক গোহাঁইয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে । সভাত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণ, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সৰোজ গোহাঁই, মাকুম পৌৰসভাৰ সভানেত্ৰী বিপাশা বৰা উপস্থিত থাকে । সভাৰ আৰম্ভণিতে অতিৰিক্ত আয়ুক্ত লীনা পাৱে ভাষণ আগবঢ়ায় ।

ৰেচন কাৰ্ড বিতৰণ (ETV Bharat Assam)

জিলাখনৰ ডুমডুমা সমষ্টিৰ ৰূপাই চাইদিঙৰ সৌৰভ কলা পৰিষদত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰূপেশ গোৱালা । তেওঁ সমষ্টিটোৰ ৫৬৬০ টা নতুন হিতাধিকাৰী পৰিয়ালৰ মাজত ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰে । ইয়াৰ ফলত ১৪,৮৮৩ জন লোক উপকৃত হ'ব । অনুষ্ঠানৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে ডুমডুমা সমজিলাৰ আয়ুক্ত নুজাহাৎ নাছৰিণে।

তিনিচুকীয়াৰ মানৱ কল্যাণ ভৱনত আয়োজিত তিনিচুকীয়া বিধানসভা সমষ্টিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণ । জিলাখনৰ সদৰ সমষ্টিটোত নতুন হিতাধিকাৰী পৰিয়ালৰ সংখ্যা হৈছে ৬৩১৭ টা আৰু জনসংখ্যা ১৫,৭৪২জন । অনুষ্ঠানটোত আদৰণি ভাষণ দিয়ে অতিৰিক্ত আয়ুক্ত মিৰ্জানা হুছেইনে ।

শদিয়া বিধানসভা সমষ্টিৰো ছপাখোৱা ৰাজহুৱা খেলপথাৰত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ বাবে নতুনকৈ প্ৰদান কৰিবলগীয়া ৭৮৯৮ খন ৰেচন কাৰ্ড বিতৰণৰ বিতৰণৰ প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় । শদিয়া সম-জিলাৰ আয়ুক্ত মানসজ্যোতি নাথে জনোৱা মতে, এই কাৰ্ডখিনিয়ে সমষ্টিটোৰ ১৫,৫৩৪ জন লোকক সামৰি লৈছে।

ইপিনে,মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বাবে ৰঙ্গমঞ্চ ব্লক তিনিআলিত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মা । ইয়াত প্ৰদান কৰিবলগীয়া ৭২১০ খন ৰেচন কাৰ্ডে ১৩,১৫১ জন হিতাধিকাৰীক সামৰি ল'ব । একেদৰে ডিগবৈ বিধানসভা সমষ্টিৰ বাবে টিংৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক সুৰেণ ফুকন । এই সমষ্টিটোত ৫৪০৬ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব, যাৰ দ্বাৰা লাভান্বিত হ'ব ১১,০৯৪ জন লোক। এই অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত জাভেদ আৰমানো উপস্থিত থাকে।

নলবাৰীত জয়ন্ত মল্লবৰুৱাৰ হুংকাৰ

নলবাৰীতো আজি বিতৰণ কৰা হ'ল ৰেচন কাৰ্ড । নলবাৰী সমষ্টিত ৩১০৭ খন নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হয় । আজি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত এই ৰেচন কাৰ্ড বিতৰণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়," আগৰ বিতৰণ ব্যৱস্থাৰ পৰিবৰ্তন কৰি এতিয়া এক পৰিকল্পিত আৰু নিকা বিতৰণ ব্যৱস্থা কৰা হৈছে । এতিয়া প্ৰকৃত দুখীয়া লোকে স্বচ্ছভাৱে বিনামূলীয়া চাউল লাভ কৰিছে । কোনো লোকে ৰেচন কাৰ্ড বিতৰণত দুৰ্নীতি কৰিলে চৰকাৰ কঠোৰ হ'ব তেওলোকৰ বিৰুদ্ধে ।" সভাত জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ লগতে পৌৰপতি আৰু অন্যান্য বিষয়বীয়া সকল উপস্থিত থাকে ।

টীয়কত ৰেচন কাৰ্ড বিতৰণৰ ৰামেশ্বৰ তেলীৰ

নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী সমগ্ৰ অসমৰ লগতে টীয়ক সমষ্টিটো শুভাৰম্ভ কৰা হয় । কাকজান কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে আচঁনিৰ শুভাৰম্ভ কৰে । উক্ত অনুষ্ঠানত অগপ নেতা বিকাশ শইকীয়া,যোৰহাট জিলা অগপৰ সভাপতি সৌৰভপ্ৰাণ বৰা,টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ,জিলা সহকাৰী আয়ুক্ত মহেন্দ্ৰ নৰহৰ উপস্থিত থাকে । উল্লেখযোগ্য যে আজি নতুনকৈ টীয়ক সমষ্টিৰ মুঠ ১৪৪০৪ হিতাধিকাৰীক ৪১৬০খন নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হয় ।

লগতে পঢ়ক:২০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিলে মুখ্য়মন্ত্ৰীয়ে - RATION CARD DISTRIBUTION

১৫ ডিচেম্বৰত অসমৰ প্ৰায় ২০ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড - RATION CARD DISTRIBUTION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.