ETV Bharat / state

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস উদযাপন, কৃতী শিক্ষকক বঁটা প্ৰদান - Teachers Day 2024

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 7:10 PM IST

Teachers Day 2024: মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত পবিতৰা হাটত বৃহস্পতিবাৰে আয়োজন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী । জিলাখনৰ ১৪ গৰাকী শিক্ষকক বিশেষ বঁটা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বিশিষ্ট অতিথি হিচাপে উপস্থিত বিশিষ্ট শিক্ষাবিদ ড৹ অমৰ জ্যোতি চৌধুৰী ।

Teachers Day 2024
মৰিগাঁও প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস উদযাপন,কৃতী শিক্ষকক বঁটা প্ৰদান (ETV Bharat)

ধিং,৫ ছেপ্টেম্বৰ : "গুৱাহাটীত ৰাস্তাৰ কাষতে শাক-পাচলি বিক্ৰী কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা এগৰাকী দৰিদ্ৰ মহিলাও এসময়ত বৰষুণ পৰা গুৱাহাটী বিশ্ববিদ্যালয় মেৰামতিৰ বাবে নিজৰ উপাৰ্জনৰ ধন দিছিল । অতীতৰ পৰাই অসমৰ লোকৰ শিক্ষাৰ প্ৰতি এনে মানসিকতা আছিল । অতীতৰ সেই অসমখনক ঘুৰাই আনিব লাগিব । সেয়া আপোনালোকেই পাৰিব । মৰিগাঁওখনক ভাল পাবলৈ শিকিব লাগিব । জিলাখনক আগুৱাই নিব লাগিব ।"

শিক্ষক দিৱসৰ পৱিত্ৰ দিৱটোতে এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ড৹ অমৰ জ্যোতি চৌধুৰীৰ । মৰিগাঁৱৰ পবিতৰা হাটত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত ভাগ লৈ তেওঁ এই মন্তব্য কৰে । আনহাতে 'এটা গান শেষ হ'ল' শীৰ্ষক কবিতাৰে তেওঁ সমগ্ৰ অনুষ্ঠানটো আৱেগিক কৰি তোলে । অনুষ্ঠানটোত তেওঁ মানুহৰ জীৱনত শিক্ষা আৰু শিক্ষকৰ ভূমিকাৰ কথা উল্লেখ কৰে ।

মৰিগাঁও প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস

উল্লেখ্য যে মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা শিক্ষক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ ১৪ গৰাকী শিক্ষকক বিশেষ বঁটা প্ৰদান কৰা হয় । মৰিগাঁও জিলাখনৰ উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক, মজলীয়া বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়, প্রাথমিক বিদ্যালয় পর্যায়ত ১২ গৰাকী আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰৰ বাবে যুৱ আৰু নিষ্ঠাবান দুগৰাকী শিক্ষকক বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় ।

বঁটাপ্ৰাপক শিক্ষক

বঁটা লাভ কৰা শিক্ষকসকল হৈছে ক্ৰমে ঘুনুচা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী জিলিমণি ডেকা, মৰিগাঁও প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক চালেহউদ্দিন আহমেদ, লালিৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক চক্ৰধৰ ডেকা, দন্দুৱা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক বিমান দাস, গেৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক জ্ঞানমোহন ডেকা, নিজ মিকিৰগাঁও চৰকাৰী ছিনিয়ৰ বেচিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মনোৰম দেউৰজা, বঘৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ কুমাৰ ৰাজা, দন্দুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃণাল হাজৰিকা, বৰিগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কুমুদ চন্দ্র নাথ, মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী শ্বাহনাজ চুলতানা, বুৰাবুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিমল লৌধ আৰু জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী অনিতা কোঁৱৰ ।

ইফালে উৎকৃষ্টতাৰ প্ৰমাণপত্ৰৰ বাবে নিৰ্বাচিত যুৱ আৰু নিষ্ঠাবান শিক্ষক দুগৰাকী হৈছে ক্ৰমে মনহা প্রাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মণিকা ডেকা আৰু মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হীৰকজ্যোতি নাথ । শিক্ষক দিৱসৰ দিনাই বঁটা লাভ কৰি উৎফুল্লিত শিক্ষকসকল । আগন্তুক দিনত আৰু অধিক নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাৰো প্ৰতিশ্ৰুতি দিয়ে শিক্ষকসকলে । অনুষ্ঠানটোত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :শিক্ষক দিৱস বৰ্জন অসম কলেজ শিক্ষক সংস্থাৰ - Teachers Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.