ETV Bharat / state

কলকাতাত লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনীৰ স্বাস্থ্যৰ বুজ ললে সাংস্কৃতিক মন্ত্রী বিমল বড়াই - Minister Bimal Borah

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 8:51 PM IST

Lakshminath Bezbaruah's grand daughter: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষৰ স্বাস্থ্যৰ বুজ লয় ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই ৷ বৃহস্পতিবাৰে কলকাতাস্থিত বাসগৃহত উপস্থিত হৈ সাহিত্যৰথীৰ নাতিনীৰ স্বাস্থ্যৰ বুজ ল'লে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

MINISTER BIMAL BORAH
সাহিত্যৰথীৰ নাতিনীৰ কাষত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী (Minister Bimal Borah/X HANDLE)

গুৱাহাটী, 8 আগষ্ট : অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষৰ স্বাস্থ্যৰ বুজ লয় ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই ৷ বৃহস্পতিবাৰে অৰ্থাৎ আজি কলকাতাত উপস্থিত হৈ সাহিত্যৰথীৰ নাতিনীৰ স্বাস্থ্যৰ বুজ লয় অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে মন্ত্ৰী বিমল বড়া কলকাতাৰ বালিগঞ্জৰ এটা এপাৰ্টমেন্টত বসবাস কৰা ৰসৰাজৰ দ্বিতীয় কন্যা ৰত্না বৰুৱাৰ জীয়াৰী ইৰা ঘোষৰ বাসগৃহত উপস্থিত হয় ৷

লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ইৰা ঘোষৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী বিমল বড়াই (Minister Bimal Borah/X HANDLE)

উল্লেখ্য যে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল ৰসৰাজৰ নাতিনী ইৰা ঘোষ ৷ আজি পুৱাবেলা বেজবৰুৱাৰ নাতিনী, সমাজসেৱী অশীতিপৰ ইৰা ঘোষৰ বাসভৱনত উপস্থিত হৈ সাংস্কৃতিক মন্ত্ৰী বড়াই তেখেতৰ সৈতে বহু সময় অতিবাহিত কৰি তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেখেতৰ আশু আৰোগ্য কামনা কৰে ৷ মন্ত্ৰী বড়াই তেখেতৰ পৰিয়ালৰ খা-খবৰো লয় ৷ কথা প্ৰসংগত বেজবৰুৱাৰ নাতিনীগৰাকীয়ে পুত্ৰৰ সৈতে গৈ ওড়িশাৰ সম্বলপুৰত থকা, অসম আৰু ওড়িশা চৰকাৰৰ পৃষ্ঠপোষকতাত পুনৰ সজাই পৰাই তোলা ৰসৰাজে প্ৰায় কুৰি বছৰ কটোৱা বাসগৃহটি পৰিদৰ্শনৰ ইচ্ছাৰ কথা মন্ত্ৰী বিমল বড়াৰ আগত ব্যক্ত কৰে ৷

লগতে পঢ়ক : শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ বাবে নিৰ্বাচিত লখিমপুৰৰ সন্তান ড৹ পূৰবী শইকীয়া - SHANTI SWARUP BHATNAGAR PRIZE 2024

ৰাজ্য চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে অসমবাসীৰ হৈ তেখেতক এখনি ফুলাম গামোচা, এখন চেলেং আৰু শৰাইৰে সম্বৰ্দ্ধনা জনায় ৷ মন্ত্ৰীগৰাকী ইৰা ঘোষৰ বাসভৱনলৈ যাওঁতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে প্ৰদ্যুৎ কুমাৰ চৌধুৰী আৰু ৰণ্টু ডেকা, সমিতিৰ সদস্য দীপক তালুকদাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিনিধি হিচাপে জিতেন কুমাৰ দাস আৰু কলকাতা অসম ভৱনৰ আবাসিক আয়ুক্ত তাপস দেৱেও সংগ দিয়ে ৷

লগতে পঢ়ক : ১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি - Assam Nijut Moina Scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.