গুৱাহাটী: ৰাজ্যত আজিৰে পৰা আৰম্ভ হ'ল প্ৰায় ২০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদান প্ৰক্ৰিয়া । দেওবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ৰ ৭ লাখ লোকক নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰে ।
আজি ৩৬ নং গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টি আৰু ৩৭ নং জালুকবাৰী বিধানসভা সমষ্টিৰ ৰাইজক নতুন ৰেচন কাৰ্ড বিতৰণ কৰি অসমৰ প্ৰায় ৪৯ টা বিধানসভা সমষ্টিৰ ৰেচন কাৰ্ড বিতৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে । ৰেচন কাৰ্ড বিতৰণ কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে কয়," আজি নতুন ৰেচন কাৰ্ড লাভ কৰা সকলে ডিচেম্বৰৰ যিকোনো দিনত প্ৰথম কিস্তিৰ চাউল লাভ কৰিব । এই কাৰ্ডখনৰ জৰিয়তে হিতাধিকাৰীয়ে কেইবাটাও সুবিধা লাভ কৰিব পাৰিব । সেয়েহে ইয়াক যাদুকাৰ্ড বুলিও অভিহিত কৰিব পাৰি । "
মুখ্য়মন্ত্ৰীগৰাকীয়ে পুনৰ কয়," প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ সুবিধা লাভ কৰিব । লগতে উজ্জ্বলা আঁচনিৰ অধীনত গেছৰ সুবিধা লাভ কৰিব । ৰেচন কাৰ্ডৰ সুবিধা পাবলৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক । অসমৰ ৰেচন কাৰ্ড যাতে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰযোজ্য হয় তাৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে ।"
বিগত ৩ বছৰত 'ৱান নেচন, ৱান ৰেচন'ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে বুলি উল্লেখ কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে পুনৰ কয়," এজেণ্টৰ পৰা চাউল চুৰি বিষয়ক লৈ চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰতি মাহৰ ১-১০ তাৰিখৰ ভিতৰতহে চাউল বিতৰণ হ'ব । অহা ২২ ডিচেম্বৰত বাকী থকা সমষ্টিতো ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব । কংগ্ৰেছৰ দিনত দুখীয়া-দৰিদ্ৰৰ মুখৰ পৰা একাংশই চাউল কাঢ়ি লৈ গৈছিল । সেই চাউলেৰে একাংশ ধনী হৈছিল ।"
আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অৰুণোদয় বাচনি সপ্তাহ আৰম্ভ হৈছে বুলি মন্তব্য় কৰি তেওঁ কয়," অৰুণোদয় আঁচনিত যাতে ভুৱা হিতাধিকাৰী অন্তৰ্ভুক্তি নহয় তাৰ বাবে চৰকাৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । পূৰ্বে প্ৰতিটো সমষ্টিত প্ৰায় ২২ হাজাৰ অৰুণোদয় হিতাধিকাৰী আছিল । এতিয়া ১৫-২৮ ডিচেম্বৰৰ ভিতৰত নতুনকৈ আৰু ৮-১০ হাজাৰ হিতাধিকাৰীক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰা হ'ব । সৰ্বমুঠ প্ৰায় ৪০ লাখ লোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব । কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি,আশাকৰ্মী,অঙ্গনবাড়ী কৰ্মীসকলে অৰুণোদয় লাভ নকৰিব । চৰকাৰে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰিছে ।"
অৰুণোদয়ৰ ধন কোনে নাপায় ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়," মধ্যাহ্ন ভোজন ৰান্ধনি,আশাকৰ্মী,অঙ্গনবাড়ী কৰ্মীসকলৰ অৰুণোদয়ৰ ধন দিবলৈ মানা কৰা হৈছে । কাৰণ তেওঁলোক চৰকাৰী কৰ্মচাৰী । তাৰ পৰিৱৰ্তে মধ্যাহ্ন ভোজন ৰান্ধনি,আশাকৰ্মী,অঙ্গনবাড়ী কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কথা চিন্তা কৰা হৈছে । আগন্তুক বিত্তীয় বাজেটত সেয়া অন্তৰ্ভুক্ত কৰা হ'ব ।"
বৃদ্ধাশ্ৰমতো লাভ কৰিব ৰেচন কাৰ্ড
বৃদ্ধাশ্ৰমত থকা পিতৃ-মাতৃয়েও ৰেচন কাৰ্ড লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," কংগ্ৰেছৰ দিনত এইবোৰ একো আঁচনিৰ সুবিধা ৰাইজে পোৱা নাছিল । কংগ্ৰেছৰ দিনত কেৱল লুঙি, ধুতি,সূতা,কম্বলহে ৰাইজে পাইছিল । ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউলৰ লগতে বজাৰতকৈ কম দামত দাইল আৰু চেনি হিতাধিকাৰীক দিয়াৰ পৰিকল্পনা কৰা হৈছে । বজাৰৰ তুলনাত কম দামতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক দাইল,চেনি দিয়াৰ চিন্তা-চৰ্চা কৰা হৈছে ।"