ETV Bharat / state

অসমত প্ৰতিবছৰে নতুনকৈ ৫০ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হয় : কেশৱ মহন্ত - কৰ্কট ৰোগৰ প্ৰকোপ বেছি

Keshab Mahanta on cancer : কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰসংগত বিধানসভাত প্ৰশ্ন বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু জয়ন্ত বসুমতাৰীৰ । সদনত দিয়া তথ্য মতে, দৰং, কামৰূপ আৰু চিৰাং জিলাত কৰ্কট ৰোগৰ প্ৰকোপ বেছি । নতুনকৈ চিনাক্ত হোৱা ৰোগীৰ ৭০ শতাংশই পলমকৈ আহে চিকিৎসকৰ কাষলৈ ৷

Health Minister Keshab Mahanta on cancer in assembly
বিধানসভাত কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰসংগ
author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 4:22 PM IST

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : অসমত ভয়াৱহ হাৰত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা । সোমবাৰে বিধানসভাত এই প্ৰসংগই স্থান পায় । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সোমবাৰৰ দিনা বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু জয়ন্ত বসুমতাৰীয়ে কৰ্কট ৰোগৰ ভয়াৱহতা সন্দৰ্ভত সদনৰ দৃষ্টি আকৰ্ষণ কৰি কেতবোৰ প্ৰশ্ন উত্থাপন কৰে । ইয়াৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় ।

অসমত প্ৰতিবছৰে নতুনকৈ ৫০ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হয় বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ভিতৰত দৰং, কামৰূপ আৰু চিৰাং জিলাত কৰ্কট ৰোগৰ প্ৰকোপ বেছি । আনহাতে, নতুনকৈ চিনাক্ত হোৱা ৫০ হাজাৰ ৰোগীৰ ভিতৰত ৭০ শতাংশ ৰোগী পলমকৈ চিকিৎসকৰ কাষ চাপে তথা চিনাক্ত হয় ।

পলমকৈ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগী সম্পূৰ্ণৰূপে ৰোগমুক্ত হ'বলৈ সক্ষম নহয় । মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত তিনি বছৰত ১ কোটি লোকৰ কৰ্কট স্ক্ৰিনিং কৰাৰ কাম চলি আছে । সেইদৰে সজাগতাৰ বাবে কেইবাটাও বেচৰকাৰী সংস্থাই কাম কৰি আছে ।

ইফালে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে কামৰূপ মহানগৰীত এক লাখ স্ক্ৰিনিঙৰ লক্ষ্যৰে কাম হাতত লৈ ইতিমধ্যে ৪০ হাজাৰ স্ক্ৰিনিং সম্পূৰ্ণ কৰিছে । বৰ্তমান সময়ত পূৰ্বৰ দৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱা নাই বুলি সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে টকা-পইচা থকা লোকে টাটা মেম'ৰিয়েললৈ গ'লেও পৰীক্ষা-নিৰীক্ষা কৰি তাৰ পৰা গুৱাহাটীতে চিকিৎসা কৰাৰ পৰামৰ্শ আগবঢ়ায় ৷

বৰ্তমান সময়ত অসমতে কৰ্কট ৰোগৰ উন্নত চিকিৎসা ব্যৱস্থা আছে । যোৱা বছৰ মুকলি কৰা সাতখন কৰ্কট প্ৰতিষ্ঠাতে অত্যাধুনিক সকলো সা-সুবিধা আছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে । অসমত পৰ্যাপ্ত চিকিৎসকৰ অভাৱ থকাৰ বাবে অসমৰ কৰ্কট চিকিৎসালয়সমূহত বাহিৰৰ পৰা চিকিৎসক অনা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কয় ।

কোনো লোকে যাতে টকা-পইচাৰ অভাৱত চিকিৎসা অবিহনে চিকিৎসালয়ৰ পৰা উভতি আহিব নালাগে সেই ব্যৱস্থা অসম চৰকাৰে কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক : নগাঁৱত গৌৰৱ ! ধুবুৰীত ৰকিবুল ! খালেক-প্ৰদ্যুতৰ কি হ’ব ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.