ETV Bharat / state

বেনাৰ পোষ্টাৰ ফালি-বাহন ভাঙি দুই দলৰ সমৰ্থকে ৰাজপথক সজালে ৰণক্ষেত্ৰ

উত্তপ্ত চামগুৰি । কংগ্ৰেছ-বিজেপিৰ মাজত তীব্ৰ সংঘাত । উত্তেজিত বিজেপি কৰ্মীয়ে ভাঙিলে কংগ্ৰেছ কৰ্মীৰ বাহন ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 4:03 PM IST

Updated : Oct 15, 2024, 5:14 PM IST

Congress and BJP workers clash, tense situation in Samaguri
কংগ্ৰেছ-বিজেপি কৰ্মীৰ সংঘাতত উত্তপ্ত চামগুৰি (ETV Bharat Assam)

নগাঁও,১৫ অক্টোবৰ: উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি চামগুৰিত উত্তপ্ত পৰিস্থিতি । কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত ভয়ংকৰ সংঘাত । উত্তেজিত বিজেপি কৰ্মীৰ আক্ৰমণত ক্ষতিগ্ৰস্ত কংগ্ৰেছ কৰ্মীৰ বাহন । চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তত আঁৰি থোৱা বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ একাংশ কৰ্মীৰ বিৰুদ্ধে । যাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ।

কংগ্ৰেছ নেতা-কৰ্মীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি মঙলবাৰে সমষ্টিটোত কংগ্ৰেছীৰ বাইক ৰেলীত বাধা প্ৰদান কৰে বিজেপি দলৰ একাংশ কৰ্মীয়ে । ইয়াকে কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে চামগুৰি সমষ্টি । মঙলবাৰে সমষ্টিটোৰ শিঙিমাৰীত বিজেপিয়ে এখন সভাৰ আয়োজন কৰে । কিন্তু উক্ত সভাৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ একাংশ কৰ্মী উত্তেজিত হৈ কংগ্ৰেছৰ ৰেলীত বাধা প্ৰদান কৰে ।

ফলত দুই দলৰেই কৰ্মী-সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হয় । চামগুৰি সমষ্টিৰ শিঙিমাৰী হৈ ৰেলী কৰিব বিচৰা কংগ্ৰেছৰ নেতা কৰ্মীক বাধা প্ৰদান কৰাই নহয়, কংগ্ৰেছী বাহনতো আক্ৰমণ চলাই বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে । আনকি ৰকিবুল হুছেইনক সমষ্টিটোৰ পৰা প্ৰত্যাখ্যান কৰা বুলিও দাবী কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে একাংশই ।

কংগ্ৰেছৰ একাংশ কৰ্মীয়ে চামগুৰিত সংঘাতৰ সূত্ৰপাত কৰা বুলি বিজেপি দলৰ কৰ্মীয়ে অভিযোগ কৰিছে যদিও এই বাতৰি প্ৰস্তুত কৰা পৰ্যন্ত বিষয়টোক লৈ মুখ খোলা নাই চামগুৰি অথবা নগাঁৱৰ কংগ্ৰেছ মহলে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও চামগুৰি সমষ্টিতেই ঘটনাক কেন্দ্ৰ কৰি অব্যাহত আছে চেপা উত্তেজনা ।

লগতে পঢ়ক: শাৰদীয় মঞ্চত ৰাজহুৱাভাৱে লাঞ্চিত-অপমানিত হ'বলগীয়া হ'ল মাতৃভাষা

অসমত তৃতীয়বাৰৰ বাবে পদুম ফুলিব: নায়েব সিং ছেইনী

Last Updated : Oct 15, 2024, 5:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.