ETV Bharat / state

মহানগৰীত হত্যাকাণ্ড: কোনে হত্যা কৰিলে বিজেপি কৰ্মীক ? - BJP leader killed

BJP leader killed: মহানগৰীত চাঞ্চল্যকৰ ঘটনা । ৰে'ল লাইনত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ । নুনমাটি ছেক্টৰ ৩ৰ ৰে'ল লাইনৰ সমীপত দেওবাৰে উদ্ধাৰ হয় অসম ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ গীতা মন্দিৰ মণ্ডল কমিটীৰ কাৰ্যালয় সম্পাদক অশোক বৰ্মনৰ মৃতদেহ ।

Body of BJP worker found  at Noonmati in Guwahati
কোনে হত্যা কৰিলে বিজেপি কৰ্মীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 4:52 PM IST

গুৱাহাটী,১৮ আগষ্ট: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । মহানগৰীৰ চৌদিশে প্ৰতিদিনেই সংঘটিত হৈছে হত্যা, চুৰি, ডকাইতিৰ আদিৰ দৰে অপৰাধজনিত ঘটনা । ইয়াৰ মাজতে মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান নুনমাটি । নুনমাটি ছেক্টৰ ৩ৰ ৰে'ল লাইনৰ সমীপত দেওবাৰে উদ্ধাৰ হয় এগৰাকী বিজেপি কৰ্মীৰ মৃতদেহ । মৃত বিজেপি নেতাগৰাকী ৰাজ্যিক বিজেপি যুৱ মৰ্চাৰ গীতা মন্দিৰ মণ্ডল কমিটীৰ কাৰ্যালয় সম্পাদক অশোক বৰ্মন(টিকু) ৷ অশোৰ বৰ্মনৰ ঘৰ নুনমাটি শালবাৰী, দুই নং বাপুজী নগৰত ।

কোনে হত্যা কৰিলে বিজেপি কৰ্মীক (ETV Bharat Assam)

যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মৃত যুৱকজনৰ পৰিয়ালে । মৃত যুৱকজনৰ মূৰৰ পিচফালে আৰু ভৰিৰ তলত আঘাতৰ চিন স্পষ্ট হৈ থকালৈ চাই কোনো লোকে হত্যা কৰি ৰে'ল লাইনৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষী তথা পৰিয়ালৰ লোকে । তাৰোপৰি যুৱকজনৰ বাইক চাবি লগোৱা অৱস্থাত পোৱা গৈছে ৰে'ল লাইনৰ সমীপৰ মূল পথত ।

ৰে'ল আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি পিচত মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে । ভুক্তভোগী পৰিয়ালৰ পৰা জানিব পৰা মতে শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জিমত শৰীৰ চর্চা কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন । তাৰ পিচৰ পৰা সন্ধানহীন হৈ থকা অশোক বৰ্মনক আজি পুৱা প্ৰায় ৯ মান বজাত নুনমাটিৰ ছেক্টৰ ৩ ৰ ৰে'ললাইন কাষত মৃত অৱস্থাত ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে । লগৰ বন্ধুৰ সৈতে থকা ব্যৱসায়ীক শত্ৰুতা তথা ধনৰ লেনদেনৰ বাবে কোনো বন্ধুৱে অশোকক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে নুনমাটি থানাত দাখিল কৰিছে এখন এজাহাৰ ।

লগতে পঢ়ক: কলকাতাকাণ্ডৰ তদন্তৰ পৰিৱৰ্তে কেৱল ইজনে আনজনক দোষাৰোপ কৰাত ব্যস্ত: নিৰ্ভয়াৰ মাতৃ - Kolkata Doctor Rape murder

বৰহাটত বিজেপি নেতাক হত্যা কৰি পেলালে নৈত - Missing BJP leader found dead

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.