ETV Bharat / politics

যোৰহাট লোকসভা সমষ্টিত চক্ৰবেহু ৰচনাত কি ভুল কৰিলে বিজেপিয়ে ? - LS polls 2024 results

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 5:57 PM IST

Defeat of BJP MP Topon Gogoi: দেশৰ 18 সংখ্যক লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টি আছিল অসমৰ প্ৰায় সংখ্যক লোকেই দৃষ্টি ৰখা এটা সমষ্টি ৷ কিয়নো এই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজেপিৰ সাংসদ তপন কুমাৰ গগৈৰ বিপৰীতে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ৷ গৌৰৱক পৰাস্ত কৰাৰ বাবে বিজেপিৰ ৰথী-মহাৰথী সকলো নামিছিল ৰণক্ষেত্ৰত ৷ কিন্তু বিজেপিৰ চক্ৰবেহু ভেদি বিজয়ী হৈ ওলাই আহিল গৌৰৱ গগৈ ৷ তপন কুমাৰ গগৈয়ে কিয় পৰাজয় বৰণ কৰিব লগীয়া হ’ল, তাৰে কেইটামান কাৰণ বিশ্লেষণ কৰা হৈছে এই প্ৰতিবেদনত...

DEFEAT OF BJP MP TOPON GOGOI
LS POLLS 2024 RESULTS (ETV Bharat Assam)

শিৱসাগৰ, 10 জুন: সদ্য ঘোষিত দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ ফলাফলত অসমৰ 14 খন লোকসভা আসনৰ ভিতৰত শাসক দল বিজেপিয়ে 9 খন সহযোগী দল অগপই এখন আৰু ইউপিপিএলে এখন আসন লাভ কৰে ৷ অসমত এনডিএই মুঠ 11 খন আসন লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ বিপৰীতে বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছে মাত্র তিনিখন আসনতে সীমাবদ্ধ থাকিবলগীয়াত পৰিল ।

তপন কুমাৰ গগৈৰ পৰাজয়ৰ কাৰণ কি ? (ETV Bharat Assam)

যদিও বিজেপিয়ে অকলেই 9 খন আসন লাভ কৰিবলৈ সক্ষম হ’ল তথাপিও 14 নং যোৰহাট লোকসভা আসনখন হেৰুওৱাত বিজেপিৰ এই জয়ৰ আনন্দ গৌণ হৈ পৰিল বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব বিচাৰে ।

যিহেতু যোৰহাট লোকসভা সমষ্টিটোৰ পৰা কোনো কাৰণতেই যাতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে জয়ী হৈ যাব নোৱাৰে ইয়াৰ প্ৰতি চোকা নজৰ ৰাখিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই । যাৰবাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বয়ং যোৰহাটত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল । অসম প্ৰদেশ বিজেপিৰ সভাপতিৰ পৰা সকলো বিভাগৰ দায়িত্বত থকা পদবীধাৰীসকলে ধাৰাবাহিকভাৱে যোৰহাটত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ চলোৱাত কোনো শ্ৰুতি ৰখা নাছিল ।

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

যদি অসম চৰকাৰখনৰ মন্ত্ৰী-বিধায়কৰ বিষয়ে উল্লেখ কৰিবলৈ যোৱা যায় তেন্তে যোৰহাটত গৌৰৱ গগৈক পৰাজিত কৰি তপন গগৈক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সহিতে মন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্তমল্ল বৰুৱাকে আদি কৰি বিধায়ক, সাংসদ সকলে এক প্ৰকাৰে যোৰহাটত বাহৰ পাতি লৈছিল ।

বহু কেইগৰাকী বিজেপিৰ শীর্ষ নেতৃত্বই তপন গগৈৰ হৈ প্ৰচাৰ চলাই যিকোনো প্ৰকাৰে তেওঁক জয়ী কৰোৱাৰ চেষ্টাত ব্ৰতী হৈ পৰিছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে তপন কুমাৰ গগৈ সমষ্টিটোৰ পৰা জয়ী হ'ব নোৱাৰিলে । এই সন্দৰ্ভত ৰাজনীতিৰ ভূ-ৰখা সকলৰ মতে তপন গগৈ সাংসদ হোৱাৰ পিচত অহংকাৰী হৈ পৰিছিল । দলৰ যিসকল একনিষ্ঠ কর্মী আছিল, যি সকলে দীর্ঘ সময় ধৰি একো নোপোৱাকৈ বিজেপিৰ হৈ দলীয় কাম-কাজ কৰি গৈছিল তেওঁলোকক তপন গগৈয়ে গুৰুত্ব প্ৰদান কৰা নাছিল ।

লগতে পঢ়ক: যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

কেৱল কেইজনমান পিলিঙা নেতাক লৈ যোৰহাট জয়ৰ সপোন দেখিছিল তপন গগৈয়ে । পিলিঙা নেতাৰ কথা মতেই বহু জ্যেষ্ঠ বিজেপিৰ কৰ্মীক তপন গগৈয়ে গুৰুত্ব প্ৰদান কৰা নাছিল । আনকি একাংশ সংবাদ মাধ্যমৰ সৈতে জড়িত কৰ্মীয়েও তপন গগৈক নিজৰ আবেষ্টনীত ৰাখি যোৰহাট দ্বিতীয়বাৰৰ বাবে দখল কৰিব বুলি আশা দিছিল । এনে বিলাক কাৰকৰ বাবেই অতি আত্মবিশ্বাসী হৈ তপন গগৈয়ে এই নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হ’ল বুলি বিদ্বৎ মহলে ক'ব বিচাৰে ।

উল্লেখ্য যে, 14 নং যোৰহাট লোকসভা সমষ্টিটোৰ অধীনত আছে 93 নং সোনাৰি, 94 নং মাহমৰা, 95 নং ডিমৌ, 96 নং শিৱসাগৰ, 97 নং নাজিৰা, 98 নং মাজুলী, 99 নং টীয়ক, 100 নং যোৰহাট, 101 নং মৰিয়নি আৰু 102 নং তিতাবৰ বিধানসভা সমষ্টিকেইটা । সৰ্বমুঠ যোৰহাট লোকসভা সমষ্টিটোত ভোটাৰৰ সংখ্যা আছিল 17 লাখ 27 হেজাৰ 121 গৰাকী ।

লগতে পঢ়ক: ৰাইজৰ মৰম আৰু আৰ্শীবাদৰ বাবে বিজেপিৰ চক্ৰবেহু পৰা ওলাই আহিবলৈ সক্ষম হ’লো: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ইয়াৰ ভিতৰত সোনাৰি বিধানসভা সমষ্টিটোত ভোটাৰৰ সংখ্যা হ'ল 170921 গৰাকী, মাহমৰাত হল 146975 গৰাকী, ডিমৌত 176512 গৰাকী, শিৱসাগৰত 207715 গৰাকী, নাজিৰাত 180064 গৰাকী, মাজুলীত 140772 গৰাকী, টিয়কত 193117 গৰাকী, যোৰহাটত 147696 গৰাকী, মৰিয়নিত 164640 গৰাকী আৰু তিতাবৰ বিধানসভা সমষ্টিটো আছে 198709 গৰাকী ভোটাৰ ।

যোৰহাট লোকসভা সমষ্টিটোৰ 17 লাখ 27 হেজাৰ 121 গৰাকী ভোটাৰৰ ভিতৰত এইবাৰ 2024 ৰ নিৰ্বাচনত 13 লাখ 93 হেজাৰ 599 গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল । সমষ্টি পৰ্যায়ত কোন গৰাকী প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিছিল ইয়াক যদি লক্ষ্য কৰা যায় তেন্তে চৰাইদেউ জিলাৰ সোনাৰি সমষ্টিটোত কংগ্ৰেছ প্ৰার্থী গৌৰব গগৈয়ে 71603 টা, তপন কুমাৰ গগৈয়ে 61269 টা, একম সনাতন ভাৰতৰ প্ৰাৰ্থী অৰুণ চন্দ্ৰ সন্দিকৈয়ে 1311 টা, নির্দলীয় প্ৰাৰ্থী ৰাজকুমাৰ দুৱৰাই 1211 টা ভোট লাভ কৰাৰ বিপৰীতে 2142 টা ভোট নোটাত পৰে ।

তপন কুমাৰ গগৈৰ নিজা সমষ্টিতে 10334 টা ভোটৰ ব্যৱধানত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈৰ ওচৰত পৰাজিত হ'ব লগীয়া হয় । একেখন জিলাৰে মাহমৰা সমষ্টিটোত গৌৰৱ গগৈয়ে 62680 টা, তপন কুমাৰ গগৈয়ে 53030 টা, একম সনাতন ভাৰতৰ প্ৰাৰ্থী অৰুণ চন্দ্ৰ সন্দিকৈয়ে 982 টা, নিৰ্দলীয় প্ৰাৰ্থী ৰাজকুমাৰ দুৱৰাই 943 টা ভোট লাভ কৰাৰ বিপৰীতে 1599 টা ভোট নোটাত পৰে ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ বিফলতাৰ দায়িত্ব স্বীকাৰৰ পৰিৱৰ্তে পুনৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে হিমন্তই : গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ন-বিজেপি সুৰুজ দিহিঙীয়া আৰু মন্ত্ৰী যোগেন মহনে প্ৰতিনিধিত্ব কৰা এই সমষ্টিটোতো তপন গগৈয়ে 9650 টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ হাতত পৰাজিত হ'ব লগীয়াত পৰে । শিৱসাগৰ জিলাৰ বিজেপিৰ দূৰ্গ হিচাপে পৰিচিত ডিমৌ সমষ্টিতো ন-বিজেপি বিধায়ক সুশান্ত বৰগোঁহাইয়ে তপন গগৈক উদ্ধাৰ কৰিব নোৱাৰিলে । সুশান্ত বৰগোঁহাইয়ে দিল্লী-দিছপুৰৰ ৰাজনীতি কৰিবলৈ যাওঁতে তৃণমূল পৰ্যায়ত দলীয় কৰ্মীক গুৰুত্ব নিদিয়াৰ ফলশ্ৰুতিতেই তেওঁ নিজৰ ভোটকেন্দ্ৰটোতেই তপন গগৈক জয়ী কৰাবলৈ সক্ষম নহ’ল বুলি একাংশই ক’ব খোজে ।

নৱ গঠিত ডিমৌ সমষ্টিটোত গৌৰৱ গগৈয়ে 77934 টা, তপন কুমাৰ গগৈয়ে 61879 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 879 টা, ৰাজকুমাৰ দুৱৰাই 880 টা ভোট লাভ কৰে আৰু 1276 টা ভোট নোটাত পৰে । এই সমষ্টিটোত গৌৰৱ গগৈয়ে তপন গগৈতকৈ 16055 টা ভোট অধিক লাভ কৰে । একেদৰে শিৱসাগৰ বিধানসভা সমষ্টিটোত গৌৰৱ গগৈয়ে 11843 টা ভোট লাভ কৰাৰ বিপৰীতে তপন কুমাৰ গগৈয়ে 73095 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 612 টা, ৰাজকুমাৰ দুৱৰাই 728 টা ভোট লাভ কৰে ৷ এই সমষ্টিটোত 1094 টা ভোট নোটাত পৰে । ইয়াতো তপন গগৈয়ে 18748 টা ভোটত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ ওচৰত পৰাজিত হ'ব লগীয়া হয় ।

লগতে পঢ়ক: মোক কোনো পদবী নালাগে, দুবছৰ অসমত মোক এৰি দিয়ক: কিয় ক’লে গৌৰৱ গগৈয়ে ? - Gaurav Gogoi on Congress victory

শিৱসাগৰ জিলাখনৰ আন এক অতিকৈ চৰ্চিত সমষ্টি নাজিৰা বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে 70727 টা, তপন কুমাৰ গগৈয়ে 70600 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 1230 টা, ৰাজকুমাৰ দুৱৰাই 1126 টা ভোট লাভ কৰে আৰু 1769 টা ভোট নোটাত পৰে ।

এই সমষ্টিটোত বিজেপি-কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হয় যদিও ইয়াত তপন গগৈয়ে মাত্ৰ 127 টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰার্থীগৰাকীৰ ওচৰত পৰাজিত হ'ব লগীয়া হয় । সমষ্টিটোৰ বিভিন্ন কংগ্ৰেছ কৰ্মীয়ে ৰাজহুৱাভাৱে প্ৰকাশ কৰা অনুসৰি সমষ্টিটোৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শ‍ইকীয়াই আত্মগৌৰৱত থকাৰ বাবেই এনেদৰে কংগ্ৰেছে কাণে কাণ মাৰি সমষ্টিটোত জয়ী হ’বলৈ সক্ষম হয় । সমষ্টিটোৰ তৃণমূল কৰ্মীসকলৰ আৱেগ-অনুভূতিক গুৰুত্ব নিদিয়াৰ বাবেই কংগ্ৰেছে বিজেপিৰ সন্মুখত এনে প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব লগীয়াত পৰিল বুলি অভিযোগ কৰে ।

লোকসভা সমষ্টিটোৰ অধীনস্থ মাজুলী বিধানসভা সমষ্টিটোক লৈ বিজেপিয়ে যেনেদৰে আশা কৰিছিল তেনেদৰে ফল লাভ নকৰিলে । সমষ্টিটোত গৌৰৱ গগৈয়ে লাভ কৰে 52690 টা, তপন কুমাৰ গগৈয়ে 59276 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 632 টা, ৰাজকুমাৰ দুৱৰাই 490 টা ভোট লাভ কৰে আৰু 894 টা ভোট নোটাত পৰে । যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত কেৱল মাজুলী বিধানসভা সমষ্টিটোতহে গৌৰৱ গগৈয়ে তপন কুমাৰ গগৈৰ হাতত 6586 টা ভোটত পৰাজিত হ'ব লগীয়াত পৰে ।

লগতে পঢ়ক: ৰূপজ্যোতি কুৰ্মী-ৰাণা গোস্বামীৰ ৰাজনৈতিক জীৱনলৈ অশনি সংকেত মাতিছে গৌৰৱ গগৈয়ে ! - Jorhat LS seat results 2024

টীয়ক সমষ্টিটোতও কংগ্ৰেছ আগবাঢ়ি থাকে । এই সমষ্টিটোত কংগ্ৰেছ প্ৰার্থী গৰাকীয়ে 86712 টা, বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে 60335 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 933 টা, ৰাজকুমাৰ দুৱৰাই 830 টা ভোট লাভ কৰে আৰু 1509 টা ভোট ভোটা নোটাত পৰে । সমষ্টিটোত কংগ্ৰেছ প্ৰার্থীগৰাকীয়ে তেওঁৰ নিকটতম বিজেপিৰ প্ৰাৰ্থী গৰাকীতকৈ 23377 টা ভোট অধিক লাভ কৰে ।

ইফালে সকলোৱে চকু ৰখা যোৰহাট সদৰ বিধানসভা সমষ্টিটোতো বিজেপিৰ প্ৰাৰ্থীগৰাকী পৰাজিত হ'ব লগীয়া হয় । চৰ্চাত থকা এই সমষ্টিটোৰ পৰা প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিত যোগদান কৰিছিল । আনহাতে সমষ্টিটোক বিজেপিৰ বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে প্ৰতিনিধিত্ব কৰি আহিছিল । এই সমষ্টিটোতো গৌৰৱ গগৈয়ে জয়ী হ’বলৈ সক্ষম হয় । সমষ্টিটোত গৌৰৱ গগৈয়ে 60697 টা, তপন কুমাৰ গগৈয়ে 48567 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 523 টা, ৰাজকুমাৰ দুৱৰাই 503 টা ভোট লাভ কৰে আৰু 1148 গৰাকী ভোটাৰে নোটাত ভোট দিয়ে । সমষ্টিটোত বিজেপিৰ প্ৰার্থী তপন গগৈয়ে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ ওচৰত 12130 টা ভোটৰ ব্যৱধানত পৰাজিত হ'ব লগীয়া হয় ।

লগতে পঢ়ক: দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

আনহাতে কংগ্ৰেছৰ পৰা গৈ বিজেপি হোৱা ৰূপজ্যোতি কুৰ্মীয়েও নিজৰ মৰিয়নী সমষ্টিটোক ধৰি ৰাখিব নোৱাৰিলে । সংবাদ মাধ্যমৰ কৰ্মীৰ আগত আকাশখন হাতৰ তলুৱাত দেখুওৱাই নোহোৱা নোপজা সূত্ৰ আৱিস্কাৰ কৰা ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিতেই তপন কুমাৰ গগৈয়ে 16785 টা ভোটৰ ব্যৱধানত গৌৰৱ গগৈৰ ওচৰত পৰাজিত হ'ব লগীয়া হয় । সমষ্টিটোত গৌৰৱ গগৈয়ে লাভ কৰে 70916 টা, তপন কুমাৰ গগৈয়ে 54131 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 845 টা, ৰাজকুমাৰ দুৱৰাই 739 টা ভোট লাভ কৰে আৰু 1348 টা ভোট ৰাইজে নোটাত দিয়ে ।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৰাজনৈতিক কমাৰশাল তিতাবৰ সমষ্টিটোত গৌৰৱ গগৈয়ে পিতৃ মৰ্যদা ৰক্ষা কৰিবলৈ সক্ষম হ’ল । এই সমষ্টিটোত গৌৰৱ গগৈয়ে 97392 টা ভোট লাভ কৰাৰ বিপৰীতে তপন কুমাৰ গগৈয়ে লাভ কৰে 56837 টা, অৰুণ চন্দ্ৰ সন্দিকৈয়ে 1001 টা, ৰাজকুমাৰ দুৱৰাই 865 টা ভোট লাভ কৰে আৰু 1698 গৰাকী লোকে কোনো প্ৰার্থী পছন্দ নোহোৱাত নোটাৰ বুটাম টিপি ভোটদান কৰে ।

লগতে পঢ়ক: আগৰ দৰে হত্যা-হিংসা এতিয়া বিজেপি চৰকাৰ থকাৰ সময়ত নাই: পীযুষ হাজৰীকা - Lok Sabha Election 2024

স্মর্তব্য যে এই দহটা বিধানসভা সমষ্টিৰ বহু সংখ্যক ভোটাৰে চৰকাৰী বিভিন্ন বিভাগত চাকৰি কৰি থকাৰ বাবে পোষ্টেল বেলটৰ জড়িয়তে ভোটদান সাব্যস্ত কৰিছিল । গুৰুত্বপূৰ্ণ কথাটো হ’ল 16596 টা পোষ্টেল ভোটৰ ভিতৰত 2439 টা ভোট নাকচ হোৱাৰ পিচতো কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে 8577 টা ভোট লাভ কৰাৰ বিপৰীতে তপন গগৈয়ে লাভ কৰিছিল 5359 টা ভোট ।

এই পোষ্টেল ভোটৰ ভিতৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপিৰ প্ৰাৰ্থীগৰাকীতকৈ 3218 টা ভোট অধিক লাভ কৰিছিল । সামগ্ৰিকভাৱে এই দহটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল 751771 টা ভোট আৰু বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে 607378 টা ভোট । অৰুণ মচন্দ্ৰ সন্দিকৈয়ে 9086 টা ৰাজকুমাৰ দুৱৰাই 8370 টা ভোট লাভ কৰাৰ বিপৰীতে 14555 গৰাকী লোকে নোটাত ভোট দিয়ে । সৰ্বমুঠ 1 লাখ 44 হেজাৰ 393 টা অধিক ভোট লাভ কৰি গৌৰৱ গগৈয়ে সমষ্টিটোৰ পৰা সংসদলৈ নিৰ্বাচিত হয় ।

লগতে পঢ়ক: তপন গগৈয়ে গৌৰৱ গগৈক বিপুল ভোটত পৰাজিত কৰাৰ দাবী ভৱেশ কলিতাৰ - Lok Sabha Election 2024

উল্লেখনীয় বিষয়টো হ’ল যে কংগ্ৰেছৰ পৰা বিজেপিলৈ গমন কৰা প্ৰয়াত কংগ্ৰেছী মন্ত্ৰী শৰৎ বৰকটকীৰ পুত্ৰ অনুজ বৰকটকী, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামী, মাহমৰা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী এম এল এ প্ৰতিদ্বন্দ্বী সুৰুজ দিহিঙীয়া, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ চৰকাৰৰ সফল মন্ত্ৰী হিচাপে পৰিচিত প্ৰয়াত অঞ্জন দত্তৰ তনয়া তথা আমগুৰি সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আৰু বৰ্তমান বিজেপিত যোগ দিয়া ড৹ অংকিতা দত্ত, প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা বৰ্তমানৰ বিজেপি বিধায়ক সুশান্ত বৰগোঁহাই, ৰূপজ্যোতি কুৰ্মীৰ দৰে বিজেপি নেতা-বিধায়কৰ প্ৰচাৰৰ কোনো প্ৰভাৱ এইবাৰৰ লোকসভা নিৰ্বাচনত যোৰহাটত লোকসভা সমষ্টিটোত নপৰিল ।

পুৰণা বিজেপিৰ নিষ্ঠা সহকাৰে দলীয় দায়িত্ব পালন আৰু মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাতহে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে এই নিৰ্বাচনী ফলাফলত এক সন্মানজনক স্থিতি লাভ কৰিবলৈ সক্ষম হ'ল বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: গৌৰৱ গগৈ ধৰ্মান্তৰিত হ’ল নেকি সন্দেহ হৈছে : জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.