ETV Bharat / politics

দিহানামৰ তালে-তালে ৰমাকান্ত দেউৰীৰ হাতচাপৰি - Modi Cabinet

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 10:56 PM IST

MLA Rama Kanta Dewri: তৃতীয়বাৰৰ বাবে হ’ল মোদী চৰকাৰ ৷ দেশৰ আন আন বিজেপি কৰ্মীৰ দৰে বিধায়ক ৰমাকান্ত দেউৰীও উৎফুল্লিত হৈ পৰিছে ৷ মৰিগাঁৱত দিহানামৰ তালেতালে হাতচাপৰি বজালে বিধায়কগৰাকীয়ে ৷

MLA Rama Kanta Dewri
দিহানামৰ তালে-তালে ৰমাকান্ত দেউৰীৰ হাতচাপৰি (ETV Bharat Assam)

মৰিগাঁও, 9 জুন : দেওবাৰে ভকতৰ ৰূপত দেখা গ’ল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক । দিহানামৰ তালে তালে চাপৰি বজাই আকৰ্ষণ কৰিলে উপস্থিত ৰাইজৰ দৃষ্টি ।

তৃতীয়টো কাৰ্যকালৰ বাবে দেওবাৰে প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে । ৰাজ্যৰ বিভিন্ন অঞ্চলত দলীয় কৰ্মীসকলে উদযাপন কৰিছে বিজয় উৎসৱ ৷ ইয়াৰ অংশৰূপে মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিজয় উৎসৱ ।

তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপতগ্ৰহণ কৰা উপলক্ষে মৰিগাঁও জিলা বিজেপি কাৰ্যালয়ত কাৰ্যকৰ্তাসকলে উদযাপন কৰিলে বিজয় উৎসৱ ৷ মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত কাৰ্যকৰ্তাসকলে নাম-প্ৰসংগৰে উদযাপন কৰা বিজয় উৎসৱত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকি উপভোগ কৰিলে দিহানাম ।

অনুষ্ঠানত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয়, ‘‘মই ভবাই নাছিলো যে মৰিগাঁও সমষ্টিবাসী ৰাইজে আমাৰ দলৰ প্ৰাৰ্থীক হিয়া উজাৰি ভোটদান কৰিব । ইয়াৰ বাবে মৰিগাঁবাসী ৰাইজৰ শলাগ লৈছো । আজি তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে শপতগ্ৰহণ কৰিব । ইয়াৰ বাবে এনেদৰে ভকত-বৈষ্ণৱসকলে হৰিনাম, কৰ্মকৰ্তাসকলে ৰং-তামাচা কৰি, আতচবাজি ফুটাই আশীৰ্বাদ প্ৰদান কৰিছে যাতে আগন্তুক কাৰ্যকালত দেশৰ এশ চল্লিশ কোটি জনতাক সুকলমে পৰিচালনা কৰিব পাৰে ।’’

উল্লেখ্য যে দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ৷ সোণোৱালৰ উপৰিও ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো ল’লে শপত ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতিয়ে শপতবাক্য পাঠ কৰোৱায় ৰাজ্যসভাৰ সাংসদগৰাকীক ৷ অসমৰ প্ৰতিনিধিত্ব কৰা দুগৰাকীকৈ সাংসদে মোদীৰ মন্ত্ৰীসভাত স্থান লাভ কৰাত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী ৷

লগতে পঢ়ক: মোদী মন্ত্রীসভাত কেবিনেট মন্ত্রী হিচাপে শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.