ETV Bharat / politics

গামোচা-আৰনাই কান্ধত লৈ শপত ল’লে অসমৰ 14 গৰাকী সাংসদে - 18th Lok Sabha First Session

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 7:57 PM IST

14 MPs of Assam taking oath: সোমবাৰৰ পৰা আৰম্ভ হৈছে দেশৰ অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ৷ প্ৰথম দিনা দেশৰ আন প্ৰান্তৰ সাংসদৰ লগতে শপতগ্ৰহণ কৰে অসমৰ 14 গৰাকী সাংসদে ৷ সবিশেষ পঢ়ক...

14 MPs of Assam taking oath
18th Lok Sabha First Session (Lok Sabha TV)

গুৱাহাটী, ২৪ জুন: আজি দেশৰ অষ্টাদশ সংসদৰ সদস্যৰূপে অসমৰ ১৪ গৰাকী সাংসদে শপতগ্ৰহণ কৰে ৷ অসমৰ সাংসদসকলে সংসদৰ মজিয়াত তুলি ধৰিলে সমগ্ৰ দেশৰে বাৰেবৰণীয়া বৈচিত্ৰ্যক । শপতগ্ৰহণ কৰিলে বিজেপিৰ সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ গৌৰৱ গগৈলৈকে আটাইকেইজন অসমৰ সাংসদে ।

কাৰোবাৰ কান্ধত যদি গামোচা আন কাৰোবাৰ কান্ধত শোভা পাইছে আৰনাইয়ে । ভিন্ন ভাষাৰে কোনোবাই যদি ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰিলে, তেন্তে আন কোনোবা সাংসদে শপত গ্ৰহণ কৰিলে আল্লা-গডৰ নামত ।

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু আন কেবিনেট তথা ৰাজ্যিক মন্ত্ৰীসকলৰ শপতগ্ৰহণৰ পিচতে সাংসদৰূপে শপতগ্ৰহণ কৰিলে ৰাজ্যৰ আটাইকেইগৰাকী সাংসদে ।

লগতে পঢ়ক: অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন : মোদী-অমিত শ্বাহৰ পিচতে সংসদত অসমীয়াত শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Parliament Session 2024

অধ্যক্ষৰ আসনৰ পৰা সাংসদসকলক শপতগ্ৰহণ কৰোৱালে জ্যেষ্ঠ সাংসদ ৰাধামোহন সিঙে । প্ৰথমেই আন মন্ত্ৰীসকলৰ লগতে শপতগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে । অসমীয়া ভাষাতেই শপত বাক্য পাঠ কৰিলে সোণোৱালে ।

অসমৰ সাংসদসকলৰ ভিতৰত প্ৰথমেই শপতগ্ৰহণ কৰে বিজেপি মিত্ৰজোঁট এন ডি এৰ অংশীদাৰ ইউ পি পি এলৰ কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৷ তাৰ পিচতেই একাদিক্ৰমে শপতগ্ৰহণ কৰিলে ধুবৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে ৷

বঙাইগাঁৱৰ অগপ সাংসদ ফণীভূষণ চৌধুৰী, বিজেপিৰ দৰং-ওদালগুৰিৰ দিলীপ শইকীয়া, গুৱাহাটীৰ বিজুলী কলিতা মেধি, ডিফুৰ অমৰছিং তিচ', কৰিমগঞ্জৰ কৃপানাথ মাল্লা, শিলচৰৰ পৰিমল শুক্লবৈদ্যই শপতগ্ৰহণ কৰে ।

লগতে পঢ়ক: আজিৰে পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - First session of 18 th Lok Sabha

লগতে কংগ্ৰেছৰ নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কাজিৰঙাৰ বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰৰ বিজেপিৰ সাংসদ ৰঞ্জিত দত্ত, লখিমপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱা আৰু যোৰহাটৰ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়েও শপত গ্ৰহণ কৰে ৷

ডিঙিত গামোচা আৰু আৰনাই লৈ শপত গ্ৰহণ:

অসমৰ সাংসদৰ ভিতৰত প্ৰথমেই শপত গ্ৰহণ কৰা জয়ন্ত বসুমতাৰীয়ে মাতৃভাষা বড়ো ভাষাতেই শপতবাক্য পাঠ কৰে । বসুমতাৰীয়ে ডিঙিত পৰিধান কৰা দেখা গ’ল বড়ো সংস্কৃতিৰ অন্যতম পৰিচয় এখন আৰনাই ।

গামোচা পৰিধান কৰি অসমীয়াতে শপত ল’লে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৷ শপত গ্ৰহণ কৰি সংসদৰ মজিয়াত বহি থকা সৰ্বানন্দ সোণোৱালক নমস্কাৰ জনাই সৌজন্য প্ৰদৰ্শন কৰিলে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: ৰাইজে শ্ল'গান নহয় সাৰমৰ্ম বিচাৰে;বিৰোধীক আক্ৰমণ প্ৰধানমন্ত্ৰীৰ - 18th Lok Sabha session

পাটৰ কুৰ্তা পিন্ধি আৰু ডিঙিত গামোচা লৈ অসমীয়াতে শপত গ্ৰহণ কৰিলে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়েও । ইয়াৰ উপৰিও বিজেপিৰ ৰঞ্জিত দত্ত, প্ৰদান বৰুৱা, বিজুলী কলিতা মেধি, কামাখ্যা প্ৰসাদ তাছা, অগপৰ ফণী ভূষণ চৌধুৰীয়ে শপত ল’লে অসমীয়া ভাষাতে । প্ৰত্যেকৰে ডিঙিত দেখা গ’ল অসমীয়াৰ স্বাভিমান একোখনকৈ ফুলাম গামোচা ।

দেশৰ ভিতৰতে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰা ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনক দেখা গ’ল গামোচা পৰিধান কৰি এক ব্যতিক্ৰমী ৰূপত শপত গ্ৰহণ কৰা । হাতত ভাৰতীয় সংবিধানৰ এটা প্ৰতিলিপি লৈ শপত গ্ৰহণ কৰা দেখা গ’ল ৰকিবুল হুছেইনক ৷ অসমীয়া ভাষাতেই শপত গ্ৰহণ কৰিলে ৰকিবুল হুছেইনে ।

আনহাতে, ইংৰাজী ভাষা শপত গ্ৰহণ কৰিলে অমৰছিং তিচ’ই ৷ ইফালে সাংসদ দিলীপ শইকীয়াই সংস্কৃতত শপত লোৱাৰ বিপৰীতে বাংলা ভাষাত শপত ল’লে পৰিমল শুক্লবৈদ্যই । কৰিমগঞ্জৰ কৃপানাথ মাল্লাই শপত ল’লে হিন্দী ভাষাত ৷

লগতে পঢ়ক: দেশৰ সংবিধান আৰু অখণ্ডতা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’লে নৰেন্দ্ৰ মোদীয়ে - Narendra Modi Sworn ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.