ETV Bharat / politics

মেঘালয়ৰ তুৰা সমষ্টিত উৰিল কংগ্ৰেছৰ বিজয় ধ্বজা - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 5:18 PM IST

Tura LS seat : আগাথা কে চাংমাক পৰাস্ত কৰি তুৰা আসনত জয়লাভ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছালেং এ চাংমাৰ ৷ চালেং এ চাংমাই মুঠ 3,83,919 টা ভোট লাভ কৰি জয়লাভ কৰে ৷

TURA LOK SABHA CONSTITUENCY
কংগ্ৰেছৰ বিজয় ধ্বজা (ETV BHARAT ASSAM)

তুৰা, 4 জুন : শাসকীয় নেশ্যনেল পিপলছ পাৰ্টিৰ আগাথা কে চাংমাক পৰাস্ত কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ছালেং এ চাংমাই মেঘালয়ৰ তুৰা আসনত জয়লাভ কৰিছে ৷ চাংমাই 56 শতাংশতকৈ অধিক ভোট লাভ কৰাৰ বিপৰীতে এন পি পিৰ আগাথা চাংমাই 33.93 শতাংশ ভোট লাভ কৰে ৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই এক্সত লিখিছে- ‘আমি জনসাধাৰণৰ আদেশক বিনম্ৰভাৱে গ্ৰহণ আৰু সন্মান কৰো ৷'

তুৰা আসনত জয়লাভ কংগ্ৰেছৰ ছালেং এ চাংমাৰ (ETV BHARAT ASSAM)

কংগ্ৰেছ প্ৰাৰ্থী চালেং এ চাংমাই এন পি পি দলৰ প্ৰাৰ্থী আগাথা চাংমাক 1,55,241 টা ভোটত পৰাজিত কৰে ৷ চালেং এ চাংমাই মুঠ 3,83,919 টা ভোট লাভ কৰি জয়লাভ কৰে ৷ আনহাতে নেশ্যনেল পিপলছ পাৰ্টিৰ আগাথা কে চাংমাই মুঠ 2,28,678 টা ভোট লাভ কৰে ৷ ইফালে সমষ্টিটোৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জেনিথ এম চাংমাই লাভ কৰে মুঠ 48,709 টা ভোট ৷

উল্লেখ্য যে, আজি দেশজুৰি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ দিনটোৰ শেষৰ ফালে ঘোষণা হ’ব বহু প্ৰতীক্ষিত ফলাফল ৷ দেশৰ 543 টা লোকসভা সমষ্টিত চলিছে ভোটগণনা ৷ এই গণনাত বিশেষভাৱে সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ৷

মেঘালয়ৰ তুৰাতো অব্যাহত আছে ভোটগণনা । পোনপ্ৰথমবাৰৰ বাবে তুৰাৰ আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলত ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে ৷ মুঠ ১৩২ খন টেবুলত ই ভি এম আৰু ৮ খন টেবুলত বেলট বাকচৰ গণনা কৰা হৈছে । পশ্চিম গাৰো পাহাৰ জিলাৰ ১১ টা বিধানসভা সমষ্টিৰ গণনা কৰা হৈছে তুৰাত । তুৰা লোকসভা সমষ্টিৰ অন্তৰ্গত ৫ খন জিলাত সমগ্ৰ গণনা প্ৰক্ৰিয়া চলিব ।

লগতে পঢ়ক : মেঘালয়ৰ তুৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কিমানত আগবাঢ়ি আছে ? - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.