ETV Bharat / politics

প্ৰচাৰ সভাৰ মাজতে যুৱ ভোটাৰৰ প্ৰশ্নৰ সন্মুখীন মুখ্যমন্ত্ৰী: দোষ জাপিলে বিৰোধীৰ ওপৰত - Guwahati Lok Sabha constituency

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 1:51 PM IST

Updated : May 1, 2024, 3:09 PM IST

Assam CM faced question in a election rally in Chamaria Assembly
Assam CM faced question in a election rally in Chamaria Assembly

Guwahati Lok Sabha constituency: নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে যুৱ ভোটাৰৰ প্ৰশ্নৰ সন্মুখীন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ বিৰোধীক কঠোৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছিল মুখ্যমন্ত্ৰীগৰাকী ৷

প্ৰচাৰ সভা

গুৱাহাটী, 1 মে’: "আমি হিন্দু-মুছলমান ভাই ভাই ৷ সকলোৱে একেলগে থাকিব নোৱাৰো নেকি? মাটিৰ পট্টা লাগে’' — নিৰ্বাচনী সভাৰ মাজতে যুৱ ভোটাৰৰ প্ৰশ্নৰ সন্মুখীন হ’ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মুছলমান জনবসতি প্ৰধান অঞ্চলত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই দাবী কৰিলে যে, চমৰীয়াৰ এই পৰিৱেশ গেৰুৱা দলটোৰ বাবে অনুকূল ৷

ব্যাপক চৰ্চালৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী লোকসভাৰ অন্তৰ্গত সোণতলীৰ এখন জনসভাৰ কথা । গুৱাহাটী লোকসভা সমষ্টিৰ অধীনৰ চমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণতলীত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী— “চমৰীয়াৰ এই পৰিৱেশ আমাৰ বাবে অনুকূল ৷ নির্বাচনী বিশ্লেষকসকলে এই ঠাইৰ জনগাঁথনি আমাৰ বাবে অনুকূল নহয় বুলি কৈ আহিছিল । পিছে আজি বিজয় সংকল্প সভাত ৰাইজৰ সঁহাৰি প্রত্যক্ষ কৰি এক নতুন উৎসাহ পালোঁ” ৷

গুৱাহাটী লোকসভাৰ অন্তৰ্গত সোণতলী অঞ্চলত মঙলবাৰে বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছিল ড° হিমন্ত বিশ্ব শৰ্মাই । সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত চমৰীয়া বিধানসভা সমষ্টি সোণতলী, মূলতঃ মুছলমান জনবসতি প্ৰধান অঞ্চল ।

মঙলবাৰৰ মুখ্যমন্ত্ৰীৰ সভাত দেখা গ’ল হাজাৰ হাজাৰ লোকৰ বিপুল সমাগম । তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত উপস্থিত জনতাক উদ্দেশ্যি কৰে প্ৰশ্ন— “কাৰোবাৰ ঈদত অসুবিধা হৈছে নেকি ? ৰোজাত কিবা অসুবিধা হৈছে নেকি ? কাৰোবাৰ নামাজ পঢ়াত সুবিধা হৈছে নেকি ? কাৰোবাৰ হজত অসুবিধা হৈছে নেকি ? নাই হোৱা !

তেন্তে মোদীক কিয় বেয়া পাব লাগে ? এইবাৰ আমি সেয়ে বিজেপিক ভোট দিব লাগে ৷ চমৰীয়া সমষ্টিত আমি বহু উন্নয়নৰ কাম কৰিবলগা আছে”— বুলি মঙলবাৰে সোণতলীৰ জনসভাত মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ মাজতে সভাৰ ভিৰৰ মাজৰ পৰা প্ৰশ্ন সুধিব বিচাৰে সোণতলীৰ এজন ভোটাৰে । মুখ্যমন্ত্ৰীয়ে আগবঢ়াই দিলে নিজৰ মাইক্ৰ’ফোন ৷ যুৱকজনৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন —“কোনোবাই নামাজ, আজান বন্ধ কৰিম বুলি ক’লে আমাৰ বেয়া লাগে । আমি হিন্দু-মুছলমান সকলো ভাই ভাই ৷ আমি একেলগে থাকিব নোৱাৰো নেকি ? আমাক মাটিৰ পট্টা লাগে” ৷

যুৱকজনৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি আগবঢ়ালে যুৱকজনৰ প্ৰশ্নৰ উত্তৰ । ইয়াৰ বাবে জগৰীয়া কৰিলে কংগ্ৰেছক— “ৰোজা বন্ধ হ’ব বুলি কোনে কয় ? কংগ্ৰেছে কয় নে বিজেপিয়ে কয় ? আজি ১০ বছৰে নামাজ পঢ়া নহ’ল নেকি ? তেন্তে কংগ্ৰেছী সকলে যোৱা ১০ বছৰ কি কৈ থাকে ? গতিকে কংগ্ৰেছীবিলাকক সুধিব লাগে যে ১০ বছৰ ধৰি একেটা কথাকে কিয় কৈ আছে ? মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সোণতলীত কিবা দিগদাৰ হৈছে নেকি ? কিন্তু প্ৰচাৰ চলায় কোনে ? কংগ্ৰেছী বিলাকে..." ৷

উল্লেখযোগ্য যে, এসময়ত অসমত মিঞা-মুছলমানৰ ভোট নালাগে বুলি কোৱা বিজেপিয়ে এইবাৰ অসমত বিশেষকৈ মুছলমান বসতি প্ৰধান অঞ্চলত ভোটাৰক আকৰ্ষণ কৰিবলৈ দ্বিতীয় পৰ্যায় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে । আনকি বিজেপিৰ জ্যেষ্ঠ ৰাষ্ট্ৰীয় নেতা অমিত শ্বাহেও মঙলবাৰে অসমত এক সংবাদমেলত এই প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত উত্তৰ দিছিল যে, বিজেপিয়ে কোনো ধৰ্মৰ ভিত্তিত ভোটাৰক বিচাৰ নকৰে ।

লগতে পঢ়ক: দেশত কেতিয়া কাৰ্যকৰী হ'ব ইউনিফৰ্ম চিভিল কোড ? - Lok Sabha Election 2024

Last Updated :May 1, 2024, 3:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.