ETV Bharat / lifestyle

গণৰাজ্য দিৱসক আৰু অধিক বিশেষ কৰি তুলিবলৈ ঘৰতে প্ৰস্তুত কৰক এই খাদ্য - 76TH REPUBLIC DAY

গণৰাজ্য দিৱসত দেশৰ এই বিশেষ দিনটোক স্মৰণ কৰি কেইটামান ত্ৰিৰঙী ব্যঞ্জনৰ আগবঢ়োৱা হ’ল । যিসমূহ সহজে আপুনি প্ৰস্তুত কৰিব পাৰে-

Tricolour Recipe ideas for 76th republic day 2025
গণৰাজ্য দিৱসক আৰু অধিক বিশেষ কৰি তুলিবলৈ ঘৰতে প্ৰস্তুত কৰক এই খাদ্য (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 25, 2025, 5:28 PM IST

সমগ্ৰ ভাৰতে ২৬ জানুৱাৰী দেওবাৰে ৭৬তম গণৰাজ্য দিৱস উদযাপন কৰিব ৷ এই বিশেষ দিনটোত দেশৰ ৰাজধানীত অনুষ্ঠিত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দল আৰু বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতীকপটে নিজৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ সন্দৰ্ভত আলোকপাত কৰা হ’ব ৷ বৰ্তমান সময়ত গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি চলাই আছে দেশবাসীয়ে ৷ সেয়ে এই বিশেষ দিনটোক আৰু অধিক বিশেষ কৰি তুলিবলৈ আপোনালোকে বিভিন্ন ধৰণৰ ত্ৰিৰঙী খাদ্য ঘৰতে প্ৰস্তুত কৰি নিজে উপভোগ কৰাৰ লগতে আপোনাৰ পৰিয়ালৰ আৰু আপোনজনৰ সৈতেও খাব পাৰে ৷ গণৰাজ্য দিৱসৰ দিনা আপুনি ত্ৰিৰঙী থিমৰ ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ আৰু ড্ৰিংকছ প্ৰস্তুত কৰিব পাৰে । তেন্তে আহক দেশৰ পতাকাৰ থিম লৈ তৈয়াৰ কৰিব পৰা কিছুমান খাদ্য আৰু ইয়াৰ ৰেচিপি বিষয়ে জানি লওক-

ত্ৰিৰঙী পানীয়

গণৰাজ্য দিৱস উপলক্ষে আপুনি এটা আচৰিত ত্ৰিৰঙী পানীয় বনাবলৈ চেষ্টা কৰিব পাৰে । কিৱি, আইচক্ৰীম আৰু আমৰ সৈতে আপুনি সহজেই এই স্বাস্থ্যকৰ তিনিৰঙী পানীয় বনাব পাৰে । গিলাচত কমলা, বগা আৰু সেউজীয়া ৰঙৰ এই পানীয়টো সকলোৱে ভাল পাব ।

ত্ৰিৰঙী ইডলী

যদি আপুনি ইডলী খাবলৈ ভাল পায়, তেন্তে আপোনাৰ ইডলীকো ৰঙীন ত্ৰিৰঙী টুইষ্ট দিব পাৰে । প্লেটত সজাই থোৱা ৰঙীন ইডলী সকলোৱে ভাল পাব । গাজৰ আৰু পালেং ব্যৱহাৰ কৰি কমলা আৰু সেউজীয়া ৰং দিব পাৰে ।

ত্ৰিৰঙী ঢোকলা

কেৱল ইডলিয়েই নহয়, গুজৰাটী খাদ্য ঢোকলাও ত্ৰিৰঙী থিমত অতি সুন্দৰ দেখা যায় । আপুনি ঢোকলাৰ বেটাৰ বিভিন্ন ৰঙৰ প্ৰস্তুত কৰি সোৱাদযুক্ত তিনিৰঙী থিমৰ ঢোকলা বনাই পৰিবেশন কৰিব পাৰে । ল'ৰা-ছোৱালীৰ পৰা বয়োজ্যেষ্ঠলৈকে বহুত ভাল পাব ।

ত্ৰিৰঙী উপমা

ব্ৰেকফাষ্টৰ বাবে উপমা অতি উত্তম বিকল্প, যিটো খাবলৈ সোৱাদ পোৱাই নহয়, প্ৰস্তুত কৰিবলৈও অতি কম সময় লাগে । বিশেষকৈ ল’ৰা-ছোৱালীয়ে বৰ ভাল পায় । ইয়াত কিছুমান শাক-পাচলিও যোগ কৰা হয়, গতিকে ই এক পুষ্টিকৰ ৰেচিপি । গণৰাজ্য দিৱসৰ এই বিশেষ দিনটোত আপুনিও ঘৰতে অতি সহজে প্ৰস্তুত কৰিব পাৰে সুস্বাদু ত্ৰিৰঙী উপমা ।

ত্ৰিৰঙী ফলৰ চাণ্ডে

যিকোনো উৎসৱ উদযাপন মিঠাই অবিহনে আধৰুৱা । এই স্বাস্থ্যকৰ অথচ সহজে বনাব পৰা ৰেচিপিটোৰ বাবে চাৰিটা উপাদান লওক- কিৱি ফল, কমলা, এটা কল আৰু ফলৰ ক্ৰীম । এই ৰেচিপিৰ বিষয়ে সৰ্বোত্তম দিশটো ইয়াক তিনিওটা ঋতুভিত্তিক ফলৰ পৰা তৈয়াৰ কৰিব পাৰি যিবোৰ আপুনি বজাৰ বা ফল বিক্ৰেতাৰ পৰা সহজেই ক্ৰয় কৰিব পাৰে ।

Tricolour Recipe ideas for 76th republic day 2025
ত্ৰিৰঙী ফলৰ চাণ্ডে (ETV Bharat)

ত্ৰিৰঙী পাস্তা
যদি আপুনি ভাৰতীয় টুইষ্টৰ সৈতে ইটালীয় খাদ্য ট্ৰাই কৰিব বিচাৰে, তেন্তে এই ত্ৰিৰঙী পাস্তা ৰেচিপিয়ে আপোনাৰ ৰুচি পূৰণ কৰিব । গণৰাজ্য দিৱস উদযাপনত আপোনাৰ পাস্তাক ত্ৰিৰঙী টুইষ্ট দিয়ক । বিলাহী, ব্ৰকলি, বগা পাস্তা আদি শাক-পাচলি ব্যৱহাৰ কৰি আপুনি আপোনাৰ ত্ৰিৰঙী জলপান সোনকালে প্ৰস্তুত কৰিব পাৰে ।

ত্ৰিৰঙী পাস্তা (ETV Bharat)

ত্ৰিৰঙী পনীৰ টিক্কা

গণৰাজ্য দিৱসৰ সন্মানত ত্ৰিৰঙী পনীৰ টিক্কা উপভোগ কৰক । পানীৰ কিউববোৰ কেইবাটাও এডাল ষ্টিকত ৰাখি তিনিটা ভিন্ন ধৰণৰ চচত মেৰিনেট কৰিব লাগিব । দেখাত ধুনীয়া আৰু ইয়াৰ সোৱাদো সুস্বাদু ।

ত্ৰিৰঙী পনীৰ টিক্কা (ETV Bharat)

লগতে পঢ়ক

  1. হাত চেলেকি খাবলৈ বাধ্য হ’ব আপুনি: ঘৰতে এনেদৰে তৈয়াৰ কৰক এই কুকুৰা মাংসৰ আচাৰ
  2. ৰেষ্টুৰেন্টৰ দৰে সোৱাদ পাবলৈ এনেদৰে তৈয়াৰ কৰক পাউ ভাজি মচলা
  3. আপোনাৰো ৰাতি দেৰিকৈ খোৱাৰ অভ্যাস আছে নেকি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.