ETV Bharat / health

আপুনি বাৰু সঠিক জোখৰ অন্তৰ্বাস পৰিধান কৰেনে ? - Health Tips

author img

By ETV Bharat Health Team

Published : Sep 13, 2024, 5:15 PM IST

Wrong Size Bra: বিশেষজ্ঞসকলৰ মতে, ভুল অন্তৰ্বাস পিন্ধাটোও মহিলাৰ স্তনৰ সমস্যাৰ সাধাৰণ কাৰণ । কিন্তু কেৱল স্তনৰ সমস্যাই নহয়, সঠিক আকাৰৰ অন্তৰ্বাস পৰিধান নকৰিলে কঁকালৰ বিষৰ পৰা আৰম্ভ কৰি শৰীৰৰ বিভিন্ন ক্ষতি হ’ব পাৰে । গৱেষণাই এই সন্দৰ্ভত কি কয় জানো আহক-

Consequences of Wearing the Wrong Size Bra
আপুনি বাৰু সঠিক জোখৰ অন্তৰ্বাস পৰিধান কৰেনে ? (ETV Bharat)

সঠিক লুক ক্ৰিয়েট কৰিবলৈ হ’লে সঠিক কাপোৰৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে কিছুমান দিশত গুৰুত্ব দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ ৷ সঠিক লুক পাবলৈ হ’লে সঠিক অন্তৰ্বাস পৰিধান কৰাটোও গুৰুত্বপূৰ্ণ ৷ ভুল আকাৰৰ অন্তৰ্বাস পৰিধান কৰিলে শৰীৰটো বেয়া দেখাৰ দৰেই স্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন ধৰণৰ ক্ষতিও হ’ব পাৰে ৷

কিন্তু আপুনি সঠিক অন্তৰ্বাস পিন্ধিছে নে ভুল অন্তৰ্বাস পিন্ধিছে কেনেকৈ জানিব ? অন্তৰ্বাস পৰিধান কৰাৰ সময়ত কি ক্ষেত্ৰত গুৰুত্ব দিব লাগে ? মহিলাসকলে কাপোৰ-কানি, মেকআপ বা আনুষংগিক বস্তু কিনাৰ প্ৰতি যিদৰে গুৰুত্ব দিয়ে কিন্তু অন্তৰ্বাস কিনাৰ ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিয়া দেখা নাযায়৷ অন্তৰ্বাস (ব্ৰা)ৰ শুদ্ধ আকাৰ আজিও বহু মহিলাই নাজানে ৷ যাৰ ফলত বহুতে ভুল আকাৰৰ অন্তৰ্বাস পৰিধান কৰে ৷ কিন্তু বিশেষজ্ঞসকলে কয় যে সঠিক আকাৰৰ অন্তৰ্বাস নিপিন্ধিলে ভৱিষ্যতে যথেষ্ট ক্ষতি হ’ব পাৰে ৷ গতিকে প্ৰথমে আপোনাৰ সঠিক আকাৰৰ অন্তৰ্বাস বাছি লোৱাটো গুৰুত্বপূৰ্ণ ৷

নেচনেল ইনষ্টিটিউট অৱ হেল্থ (NIH)ৰ এক অধ্যয়ন অনুসৰি , ভুল আকাৰৰ অন্তৰ্বাস পিন্ধিলে কঁকালৰ বিষৰ সমস্যা বৃদ্ধি পায় ৷ লগতে নতুন দিল্লীৰ মহিলা ৰোগ বিশেষজ্ঞ ডাঃ মায়া মেহতাই কয়, "ভুল অন্তৰ্বাস বাছি ল'লে বাবে কম বেছি পৰিমাণে মহিলাৰ স্তনৰ সমস্যা হ'ব পাৰে ৷ যাৰ ফলত কেতিয়াবা শৰীৰৰ আন অংশত বিষ বা সমস্যা হ'ব পাৰে ৷ যেনে কঁকাল, পিঠি, কান্ধ আদি ৷"

লগতে তেওঁ কয় যে বেছি টাইট আৰু আকাৰত সৰু অন্তৰ্বাস দীৰ্ঘদিন ধৰি পিন্ধিলে স্তনৰ বিষ, খজুৱতি, স্তনৰ ছাল শুকান হোৱা আৰু স্তন, কঁকাল, পিঠি, ডিঙিত বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ কেতিয়াবা বেছি টাইট অন্তৰ্বাস পিন্ধিলে স্তনৰ ছালৰ কলাবোৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে ৷ ইয়াৰ বাবে শৰীৰৰ ভংগীমাৰো অৱনতি ঘটে কিছুমানে ছালৰ সমস্যাতো ভুগিবলগীয়া হয় ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC11005674/

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: Tight Underwear Affects: আপুনিও অতিকৈ টান অন্তৰ্বাস পৰিধান নেকি ? তেন্তে আপোনাৰ হ’ব পাৰে এই লোকচান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.