ETV Bharat / entertainment

পিতৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা - Ranveer Deepika Baby Girl

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2024, 4:52 PM IST

Ranveer-Deepika Baby Girl: বলীউডৰ তাৰকা দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে দেওবাৰে ইনষ্টাগ্ৰামত প্ৰথম সন্তান কন্যা সন্তানৰ জন্ম নিশ্চিত কৰে । ২০২৪ চনৰ ২৮ ছেপ্টেম্বৰত প্ৰসৱৰ নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে মুম্বাইৰ এইচ এন ৰিলায়েন্স হাস্পতালত প্ৰসৱ কৰে দীপিকাই । ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা দীপিকা আৰু ৰণবীৰে চলিত বৰ্ষৰ আৰম্ভণিতে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল ।

RANVEER DEEPIKA BABY GIRL
প্ৰথম সন্তানক আদৰণি ৰণবীৰ আৰু দীপিকাৰ (ANI)

চিটাৰা ডেস্ক, ৮ ছেপ্টেম্বৰ : বলীউডৰ ছুপাৰষ্টাৰ দীপিকা পাডুকন আৰু অভিনেতা স্বামী ৰণবীৰ সিং পিতৃ-মাতৃ হ’ল । দম্পতীটোৱে এটি কন্যা সন্তানৰ আশীৰ্বাদ লাভ কৰিছে । ইনষ্টাগ্ৰামত দম্পতীহালে এই খবৰ নিশ্চিত কৰি এটা পোষ্ট কৰে ৷ পোষ্টটোত লিখা আছিল, "ৱেলকাম বেবী গাৰ্ল ! ৮.০৯.২০২৪ ।"

শনিবাৰে মুম্বাইৰ গিৰগাঁও অঞ্চলৰ এইচ এন ৰিলায়েন্স হাস্পতালত দেখা গৈছিল অভিনেত্ৰীগৰাকীক । দীপিকাৰ চিকিৎসালয়লৈ যোৱাৰ পথৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোহৰলৈ অহাত দম্পতীটোৱে শিৰোনাম দখল কৰিছিল । প্ৰসৱৰ পূৰ্বে শুকুৰবাৰে অভিনেত্ৰীগৰাকীয়ে স্বামী আৰু পৰিয়ালৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰে ।

শনিবাৰৰ পৰা আৰম্ভ হোৱা গণেশোৎসৱৰ লগে লগে পৰিয়ালৰ লোকে প্ৰসৱৰ বাবে উপযুক্ত সময় বাছি লৈ শুভ দিনটোত কেঁচুৱাটোক আদৰণি জনায় । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত দীপিকা আৰু ৰণবীৰে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । পোষ্টটো শ্বেয়াৰ কৰি তেওঁলোকে উল্লেখ কৰিছিল, ‘ছেপ্টেম্বৰ ২০২৪’ । পোষ্টটোত শিশুৰ কাপোৰ, শিশুৰ জোতা আৰু বেলুন আছিল । শেহতীয়াকৈ দীপিকা আৰু ৰণবীৰে ইনষ্টাগ্ৰামত প্ৰসূতিৰ শ্বুট শ্বেয়াৰ কৰি গৰ্ভাৱস্থাৰ বিষয়ে চলি থকা জল্পনা-কল্পনাক অন্ত পেলাইছিল । বহুতে দীপিকাৰ বেবী বাম্পক নকল বুলি ট্ৰল কৰি আছিল ।

দীপিকাই পৰিয়ালৰ সৈতে সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰাৰ সময়ত বেনাৰসী শাৰী পিন্ধিছিল আৰু স্বামী ৰণবীৰৰ আগত খোজকাঢ়ি গৈছিল ৷ উল্লেখ্য যে, ২০১৮ চনৰ নৱেম্বৰ মাহত লেক কোমোত অনুষ্ঠিত হোৱা এক ব্যক্তিগত আৰু অন্তৰংগ অনুষ্ঠানত ৰণবীৰ আৰু দীপিকাই বিবাহপাশত আবদ্ধ হয় আৰু ইনষ্টাগ্ৰামত অনুৰাগীৰ সৈতে কিছুমান ছবি শ্বেয়াৰ কৰে ৷

লগতে পঢ়ক: আশীৰ্বাদ বিচাৰি সিদ্ধিবিনায়ক মন্দিৰত ৰণবীৰ-দীপিকা - Ranveer Deepika Siddhivinayak visit

ছবিজগতৰ পৰা দীঘলীয়া ছুটী ল’ব ৰণবীৰ সিঙে, প্ৰকাশ কৰিলে কাৰণ

দীপিকা-ৰণবীৰৰ প্ৰেগনেন্সী ফটোশ্বুটে লৈ আনিলে প্ৰেমৰ বতৰা - Deepika Pregnancy Photoshoot

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.