ETV Bharat / entertainment

কল্কি 2898 AD ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই ১০টা চৰিত্ৰই; চাওক তালিকা - Kalki 2898 AD Characters

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 3:01 PM IST

Characters of Kalki 2898 AD: প্ৰভাস আৰু দীপিকা পাডুকন অভিনীত ছবি কল্কি 2898 AD ২৭ জুনত বিশ্বব্যাপী মুক্তি পাব ৷ ছবিখন চাবলৈ যোৱাৰ পূৰ্বে জানি লওক চিনেমাখনৰ এই ১০টা গুৰুত্বপূৰ্ণ চৰিত্ৰক । যিয়ে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷

From Bhairava To Supreme Yaskin  Meet these 10 Characters of Kalki 2898 AD before a day of its release
কল্কি 2898 ADত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই ১০টা চৰিত্ৰই; তালিকা চাওক (INSTAGRAM)

চিটাৰা ডেস্ক, 26 জুন: মুক্তিৰ বাবে সাজু হৈছে ২০২৪ বৰ্ষৰ আটাইতকৈ চৰ্চিত আৰু প্ৰত্যাশিত ছবি কল্কি 2898 AD ৷ ২৭ জুনত প্ৰভাস, দীপিকা পাডুকন, অমিতাভ বচ্চন আৰু কমল হাছানৰ দৰে ছুপাৰষ্টাৰ অভিনীত কলকি 2898 AD ছবিখন দৰ্শকৰ সন্মুখলৈ আহিব ৷

কল্কি 2898 AD মুক্তিৰ পূৰ্বে আমি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো ছবিখনৰ সেই ১০ টা বিশেষ চৰিত্ৰৰ সৈতে, যিসকলে ছবিখনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে ৷

ভৈৰৱ

এই ছবিখনত প্ৰভাসে দ্বৈত চৰিত্ৰত অভিনয় কৰিব বুলি অনুৰাগীৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ৷ ছবিখনৰ পুৰণি যুগত কল্কি আৰু নতুন যুগত ভৈৰৱৰ চৰিত্ৰত প্ৰভাসক দেখা যাব বুলি জানিব পৰা গৈছে ৷

সুমতি

কল্কি 2898 AD ৰ ট্ৰেইলাৰত দীপিকা পাডুকনৰ চৰিত্ৰটি দেখিবলৈ পোৱাৰ পিচত এইটো জানিব পৰা গৈছে যে এই ছবিখন শ্বাহৰুখ খানৰ ছবি জৱানৰ সৈতে মিল আছে ৷ জৱানৰ দৰেই কল্কিতো দীপিকাই দিব এনে এক বৰদান যিয়ে পৃথিৱীৰ পৰা পাপৰ বিলুপ্তি ঘটাব ৷

অশ্বত্থামা

অমিতাভ বচ্চনে কল্কিৰ খলনায়কক হত্যা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব কল্কি 2898 AD ছবিখনত ৷ ছবিখনত অশ্বত্থামাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে অমিতাভ বচ্চনে ৷ অশ্বত্থামাৰ চৰিত্ৰত অমিতাভ বচ্চনে ভৈৰৱৰ চৰিত্ৰক অৰ্থাৎ দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাসক প্ৰতিটো ক্ষণতে সহায় কৰিব ৷

বুজ্জী

প্ৰভাসে অকলে শত্ৰুৰ লগত যুঁজিব নোৱাৰিব কল্কি 2898 AD ছবিখনত ৷ প্ৰভাসৰ প্ৰতিটো বেয়া সময়ত বুজ্জীয়ে তেওঁক সহায় কৰিবলৈ আহিব আৰু শত্ৰুক হৰুৱাবলৈ সহায় কৰিব ৷

ৰক্সি

2898 ADৰ কল্কিত ৰোমান্স আৰু ব’ল্ডনেচৰো আভাস দেখিবলৈ পোৱা যাব ৷ বলীউডৰ গ্লেমাৰাছ গাৰ্ল দিশা পাটানীয়ে কলকি 2898 AD ছবিখনত ৰক্সিৰ চৰিত্ৰত অভিনয় কৰিব, যিয়ে ভৈৰৱৰ সংগীৰূপে শত্ৰুৰ সৈতে যুঁজি থকা দেখা যাব ৷ ভৈৰৱ আৰু ৰক্সিক দেখা যাব কল্কি 2898 AD ছবিখনৰ দ্বিতীয় যুগৰ কাহিনীত ৷

বীৰন

দক্ষিণৰ চলচ্চিত্ৰ জগতৰ সহযোগী অভিনেতা পশুপতিয়ে 2898 ADত কল্কি চহৰৰ সম্ভালাত যোদ্ধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ যোৱা বীৰনৰ চৰিত্ৰত অভিনয় কৰিব ৷

কামাণ্ডাৰ মানস

কল্কি 2898 AD ছবিখনত কমাণ্ডাৰ মানসৰ চৰিত্ৰত অভিনয় কৰিব বাংলা ছবিজগতৰ জনপ্ৰিয় অভিনেতা শাশ্বত চেটাৰ্জীয়ে ৷ যিয়ে ভৈৰৱক তেওঁৰ অভিযানত সহায় কৰা দেখা যাব ৷ জানিব পৰা মতে দক্ষিণৰ ছবিত পোন প্ৰথমবাৰৰ বাবে অভিনয় কৰা দেখা যাব শাশ্বত চেটাৰ্জীক ৷

কিয়াৰা

অভিনেত্ৰী এনা বেনৰক কল্কি 2898 ADত এটি বিশেষ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷ বীৰনৰ সহযোগীৰ চৰিত্ৰত অভিনয় কৰিব কিয়াৰা অৰ্থাৎ এনাই, যিগৰাকীক সম্ভালাত শত্ৰুৰ সৈতে যুঁজি থকা দেখা যাব ৷

মৰিয়ম

ছবিখনত অভিনেত্ৰী শোভানাই মৰিয়মৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷ 2898 ADৰ জগতৰ এগৰাকী অসহায় মহিলা কল্কিৰ ন্যায়ৰ অপেক্ষাত দেখা ৰৈ থকা দেখা যাব ৷

ছুপ্ৰিম য়াস্কিন

দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানে নিজৰ অনুৰাগীক নতুন কিবা এটা দেখুৱাবলৈ ওলাইছে কল্কি 2898 AD ছবিখনৰ জৰিয়তে ৷ 2898 ADৰ কল্কিত কমল হাছানে খলনায়ক চুপ্ৰিম য়াস্কিনৰ চৰিত্ৰত অভিনয় কৰিব, যাক নিজৰ শৰীৰ প্ৰতিষ্ঠা কৰিবলৈ নতুন শৰীৰৰ প্ৰয়োজন ৷ ছবিখনৰ সমগ্ৰ কাহিনীটো কেৱল এই চৰিত্ৰটোৰ ওপৰত নিৰ্ভৰশীল ৷

এতিয়া মাথো অপেক্ষা কাইলৈৰ বাবে ৷ সঁচাকৈয়ে ​​কল্কি 2898 ADয়ে দৰ্শকৰ পৰা সঁহাৰি পাবলৈ সক্ষম হ’বনে ৷ নাগ অশ্বিনৰ কষ্টই কেনে ফল দেখুৱাব সেয়া কল্কিৰ মুক্তিৰ পিচতহে জানিব পৰা যাব ৷

লগতে পঢ়ক: প্ৰভাসৰ অনুৰাগীৰ মাজত ‘কল্কি 2898 ADৰ’ উন্মাদনা : চৰকাৰে বৃদ্ধি কৰিলে টিকটৰ দাম - Kalki 2898 AD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.