চিটাৰা ডেস্ক, 17 ফেব্ৰুৱাৰী: চিনেমা জগতৰ পৰা আহিছে এক অতি দুখজনক খবৰ ৷ সুপৰিচিত অভিনেত্ৰী সুহানী ভাটনাগৰৰ দেহাৱসান ৷ মাত্ৰ ১৯ বছৰ বয়সতে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে সুহানীয়ে ৷ সম্প্ৰতি সুহানীৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈ পৰিছে অনুৰাগীসকল ৷ ‘দংগল’ৰ অভিনেত্ৰীগৰাকী উভতি অহাৰ বাবে মানুহে অপেক্ষা কৰি আছিল যদিও তেওঁৰ মৃত্যুৰ খবৰৰ পিছত সকলো মৰ্মাহত হৈ পৰিছে ৷
ফৰিদাবাদৰ বাসিন্দা সুহানী ভাটনাগৰৰ মৃত্যুৰ কাৰণ সমগ্ৰ শৰীৰত অত্যধিক পৰিমাণে পানী জমা হোৱা বুলি জানিব পৰা গৈছে ৷ কিছুদিন পূৰ্বে সুহানী এটা দুৰ্ঘটনাত পতিত হৈছিল, যাৰ বাবে তেওঁৰ ভৰিখন ভাঙি গৈছিল ৷ দীৰ্ঘদিন ধৰি দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি হৈ আছিল ৷ সুহানীয়ে চিকিৎসাৰ বাবে খোৱা ঔষধবোৰৰ এনে পাৰ্শ্বক্ৰিয়া হৈছিল যে লাহে লাহে তেওঁৰ শৰীৰটোত পানীৰে জমা হ’বলৈ আৰম্ভ কৰে ৷
সুহানী ভাটনাগৰ কোন আছিল ?
সুহানী ভাটনগৰ আছিল বলীউডৰ এগৰাকী সুপৰিচিত শিশু শিল্পী ৷ আমিৰ খানৰ ব্লকবাষ্টাৰ ছবি ‘দংগল’ (২০১৬)ৰ পৰা তেওঁ লাইমলাইট লাভ কৰিছিল ৷ ছবিখনত জুনিয়ৰ ববিতা ফোগাটৰ চৰিত্ৰত অভিনয় কৰিছিল সুহানীয়ে ৷ ছবিখনত তেওঁৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল ৷ লগতে বহু টিভিৰ বিজ্ঞাপনতো তেওঁ কাম কৰিছিল ৷
কিয় ছবিৰ পৰা আঁতৰি আছিল সুহানী ভাটনাগৰ ?
‘দংগল’ৰ পিছত সুহানী ভাটনাগৰে কেইবাখনো ছবিৰ অফাৰ লাভ কৰিছিল কিন্তু অভিনেত্ৰীগৰাকীয়ে এই অফাৰ নাকচ কৰি কামৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছিল ৷ সুহানীয়ে প্ৰথমে পঢ়া-শুনাত মনোনিৱেশ কৰিব বিচাৰিছিল ৷ সুহানীয়ে বহু সাক্ষাৎকাৰত কৈছিল যে তেওঁ পঢ়া-শুনা কৰি চিনেমালৈ ঘূৰি আহিব ৷
ছ’চিয়েল মিডিয়াত সক্ৰিয় আছিল
২০২১ চনৰ ২৫ নৱেম্বৰৰ পৰা ইনষ্টাগ্ৰাম একাউণ্টত সক্ৰিয় হৈ থকা নাই সুহানী ভাটনাগৰ ৷ অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ প্ৰায়ে নিজৰ ফটো শ্বেয়াৰ কৰিছিল আৰু ফটোত সুহানীৰ ৰূপান্তৰ দেখি মানুহে আচৰিত হৈ পৰিছিল ৷ সুহানীৰ চেহেৰাটো বহুত সলনি হৈছিল ৷ তেওঁ আগৰ তুলনাত অধিক গ্লেমাৰাছ হৈ পৰিছিল ৷
বৰ্তমান সময়ত সুহানী এই পৃথিৱীত নাথাকিবও পাৰে, কিন্তু ‘দংগল’ত তেওঁৰ ভূমিকা সদায় সকলোৱে মনত ৰাখিব ৷
লগতে পঢ়ক: FSLৰ প্ৰতিবেদনৰ পিছত পুনৰবাৰ বিপদত বিগ বছ OTT 2 ৰ বিজয়ী এলভিছ যাদৱ