অসম

assam

চুমিলা ৰংহাঙপীৰ দোষীৰ ফাঁচীৰ দাবীত কাৰ্বি আংলঙত প্ৰতিবাদ

By

Published : May 7, 2021, 10:29 PM IST

শেহতীয়াকৈ ৰহাত চুমিলা ৰংহাঙপী নামৰ কিশােৰীগৰাকীক জ্বলাই হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি কাৰ্বি আংলং জিলাত সৃষ্টি হােৱা প্রতিবাদৰ ঢৌ আজিও অব্যাহত আছে । জিলাখনৰ লৰিনথেপিত শুকুৰবাৰে চুমিলা হত্যাৰ প্ৰতিবাদত এক বিশাল প্রতিবাদী সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে ।

চুমিলা ৰংহাঙপীৰ দোষীৰ ফাঁচীৰ দাবীত কাৰ্বি আংলঙত প্ৰতিবাদ
চুমিলা ৰংহাঙপীৰ দোষীৰ ফাঁচীৰ দাবীত কাৰ্বি আংলঙত প্ৰতিবাদ

ডিফু,৭ মেঃৰাজ্যখনৰ বিভিন্ন প্রান্তত শেহতায়াকৈ অতি উদ্বেগজনকভাবে বৃদ্ধি পাবলৈ ধৰিছে কিশােৰীৰ ওপৰত যৌন নিৰ্যাতনৰ ঘটনা । বিগত কেইটামান দিনৰ ভিতৰতে ৰাজ্যখনত কেইবাটাও এনে ঘটনা সংঘটিত হােৱা কাৰ্যই সকলোকে চিন্তিত কৰি তুলিছে । শেহতীয়াকৈ ৰহাত চুমিলা ৰংহাঙপী নামৰ কিশােৰীগৰাকীক জ্বলাই হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি কাৰ্বিআংলং জিলাত সৃষ্টি হােৱা প্রতিবাদৰ ঢৌ আজিও অব্যাহত আছে । জিলাখনৰ লৰিনথেপিত শুকুৰবাৰে চুমিলা হত্যাৰ প্ৰতিবাদত এক বিশাল প্রতিবাদী সমদল উলিয়াই প্রতিবাদ সাব্যস্ত কৰে । বিয়লি কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত চেন্টাৰৰ পৰা উলিওৱা এক বিশাল প্রতিবাদত কমেও হাজাৰােধিক প্রতিবাদকাৰীয়ে অংশগ্রহণ কৰে ৷ ছাত্র কর্মী সকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লে-কার্ড প্রদর্শন কৰি ৰহাৰ চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ঘটনাৰ লগতে অলপতে (গােগামুখত পােন্ধৰটাকৈ নৰপিশাচে এগৰাকী ন বছৰীয়া শিশুক ধর্ষণ কৰি নিহত কৰাৰ দৰে নাৰকীয় ঘটনাৰ বিৰুদ্ধেও তীব্র ক্ষোভ প্রকাশ কৰি প্রতিবাদ সাব্যস্ত কৰে ।

চুমিলা ৰংহাঙপীৰ দোষীৰ ফাঁচীৰ দাবীত কাৰ্বি আংলঙত প্ৰতিবাদ

ইপিনে একাংশ যুৱ প্রতিবাদকাৰীয়ে অর্ধ উলংগ প্রতিবাদ সাব্যস্ত কৰি ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পােৱা কিশােৰী ধর্ষণৰ ঘটনাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে দেহত বিভিন্ন শ্ল’গান অংকণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । সমদলৰ অন্তত প্রতিবাদকাৰীসকলে উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে নগাঁও জিলাৰ উপায়ুক্তলৈ এখনি স্মাৰকপত্র প্রেৰণ কৰে। স্মাৰকপত্রযােগে ছাত্র সংগঠনটোৱে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ঘটনাৰ ন্যায় প্রদানৰ দাবী জনাই উক্ত হত্যাকাণ্ডৰ ঘটনাক ফাষ্টট্রেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক ফাঁচি দিয়াৰ দাবী জনায় । লগতে, এনে নৃশংস হত্যাকাণ্ডৰ বলি হােৱা কিশােৰীগৰাকীৰ পৰিয়ালক কমেও বিশ লাখ টকাৰ ক্ষতিপূৰণ প্রদান, ৰহাত চুমিলা ৰংহাংপীয়ে অধ্যয়ন কৰা বিদ্যালয়ৰ সন্মুখত চুমিলা ৰংহাংপীৰ প্রতিমূর্তি স্থাপন, বৈঠালাংছ'ৰ চুমিলা ৰংহাংপীৰ জন্মস্থানত চুমিলা ৰংহাংপীৰ সোঁৱৰণত বিদ্যালয় স্থাপনৰ দাবী জনায় ।

আনহাতে চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ন্যায় প্রদান প্রক্রিয়াত বিলম্ব হােৱাৰ অভিযােগ কৰি বেটী বচাও, বেটী পঢ়াও শ্ল’গান আওৰােৱাৰ লগতে চৰকাৰৰ হাতত দেশৰ বেটী সকল নিৰাপদ নহয় বুলি ক্ষোভ প্রকাশ কৰে বিভিন্ন দল-সংগঠনে । অলপতে গােগামুখত দীপশিখা শইকীয়া নামৰ এগৰাকী ন’ বছৰীয়া কিশােৰীকো পােন্ধৰজনীয়া এটা দুর্বত্তৰ দলে ধর্ষণ কৰি হত্যা কৰাৰ ঘঠনাকো তীব্র প্রতিক্রিয়া প্রকাশ কৰি ছাত্র সংগঠনটোৱে এইসকল দোষীক ফাঁচী নিদিয়া পর্যন্ত কাৰ্বি ছাত্ৰ সন্থাই প্রতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।


লগতে পঢ়কঃ খিলঞ্জীয়াৰ মাজত ভেটি উচন হ'ল নেকি কংগ্ৰেছৰ !

ABOUT THE AUTHOR

...view details