ETV Bharat / state

ছ'নী ম'বাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ উপভোক্তা বিবাদ নিবাৰণ আয়োগৰ - Sony Mobile Company

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 9:19 PM IST

Sony Mobile Company: গ্ৰাহকক ত্ৰুটিপূৰ্ণ সেৱা আগবঢ়োৱাৰ বাবে ছ'নী ম'বাইল কোম্পানীক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ প্ৰদান কৰে উপভোক্তা বিবাদ নিবাৰণ আয়োগে । ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিয়ে আয়োগে ।

Kamrup District Consumer Disputes Redressal Commission orders compensation to Sony Mobile Company
ছ'নী ম'বাইল কোম্পানীক ক্ষতিপূৰণৰ আদায়ৰ নিৰ্দেশ (ETV Bharat Assam)

গুৱাহাটী,১ আগষ্ট: গ্ৰাহকক উপযুক্ত সেৱা প্ৰদান নকৰাৰ অভিযোগত কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগে এক নিৰ্দেশ যোগে ছʼনী ম'বাইল কোম্পানীক ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে । উল্লেখ্য যে নীনা বৈৰাগী নামৰ এগৰাকী গ্ৰাহকে ২০১৫ চনৰ ১০ আগষ্টত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ ছʼনী চেণ্টাৰৰ পৰা ৫২,৯৯০ টকা মূল্যৰ এটা ম'বাইল ফোন ক্ৰয় কৰিছিল ।

ছʼনী ছাৰ্ভিচ চেণ্টাৰৰ সেৱা প্ৰদানত ত্ৰুটি:

ইয়াৰ ঠিক এমাহ পাচত গ্ৰাহকগৰাকীৰ হাতৰ পৰা পৰি যোৱাৰ ফলত ম'বাইল ফোনটোৱে কাম নকৰা হয় । তেখেতে গুৱাহাটীৰ ৰাজগড়ৰ ছʼনী ছাৰ্ভিচ চেণ্টাৰত ম'বাইল ফোনটো ভাল কৰিবলৈ লৈ যায় যদিও ছাৰ্ভিচ চেণ্টাৰৰ পৰা জনোৱা হয় যে সেই মডেলৰ ম'বাইল ফোনৰ মেৰামতি তেওঁলোকৰ তাত কৰা নহয় । মেৰামতিৰ পৰিৱৰ্তে নিৰ্দিষ্ট ম'বাইল ফোনটো সলনি কৰি নতুন এটা ম'বাইল ফোন দিয়াৰ প্ৰস্তাৱ দিয়ে গ্ৰাহকগৰাকীক ।

ইয়াৰ বাবদ তেখেতৰ পৰা ২৫ হেজাৰ টকা অতিৰিক্তভাৱে বিচাৰে । ভুক্তভোগী গ্ৰাহকগৰাকীয়ে এই সন্দৰ্ভত নতুন দিল্লীস্থ ছʼনী ম'বাইলৰ কাৰ্যালয়ৰ সৈতে ই-মেইল যোগে বহুবাৰ যোগাযোগ কৰে যদিও কোম্পানীটোৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে । ছʼনী ছাৰ্ভিচ চেণ্টাৰৰ পৰা লাভ কৰিবলগীয়া প্ৰয়োজনীয় সেৱাৰ পৰা বঞ্চিত হৈ গ্ৰাহকগৰাকীয়ে কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামত অভিযোগ দাখিল কৰে ।

ছʼনী ম'বাইল কোম্পানীৰ বিৰুদ্ধে গোচৰ:

এই অভিযোগৰ ভিত্তিত ফৰামৰ সচিব তথা অধিবক্তা অজয় হাজৰিকা আৰু প্ৰশাসক তথা অধিবক্তা সুভাষ মোহন শৰ্মাই বঞ্চিত গ্ৰাহকগৰাকীৰ হৈ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত কামৰূপ জিলা উপভোক্তা বিবাদ নিবাৰণ আয়োগত ছʼনী ম'বাইল কোম্পানীৰ বিৰুদ্ধে ১২/২০১৬ নম্বৰত এক গোচৰ তৰে । আয়োগত গোচৰটোৰ ওপৰত দীৰ্ঘদিন ধৰি যুক্তি-তৰ্ক, সাক্ষ্য-প্ৰমাণ দাখিল আৰু বিচাৰ প্ৰক্ৰিয়া চলে ।

৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ:

শেষত আয়োগে আজি এক নিৰ্দেশ যোগে ত্ৰুটিপূৰ্ণ সেৱাৰ অভিযোগত অভিযুক্ত কৰি ছʼনী ম'বাইল কোম্পানীক বঞ্চিত গ্ৰাহকগৰাকীক ৪৫ দিনৰ ভিতৰত ম'বাইল ফোনটো মেৰামতি কৰি দিয়াৰ উপৰিও গোচৰ দাখিলৰ সময়ৰে পৰা ১০ শতাংশ সুদৰে সৈতে ৪০ হেজাৰ টকাৰ ক্ষতিপূৰণ আৰু গোচৰটো চলোৱাৰ ব্যয় হিচাপে ১০ হেজাৰ টকা অতিৰিক্তভাৱে আদায় দিবলৈ নিৰ্দেশ দিয়ে । ৪৫ দিনৰ ভিতৰত ক্ষতিপূৰণৰ এই ধন আদায় নিদিলে সমূদায় ধনৰ ওপৰত ১২ শতাংশ অতিৰিক্ত সুদসহ বঞ্চিত গ্ৰাহকগৰাকীক আদায় দিব লাগিব বুলিও আয়োগে নিৰ্দেশটোত স্পষ্ট কৰি দিয়ে ।

লগতে পঢ়ক: অসমৰ মুছলমান বিবাহ আইন বাতিল: ১৩ আগষ্টত চূড়ান্ত শুনানি - Assam Muslim Marriage act

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.