ETV Bharat / sports

অলিম্পিকৰ যষ্ঠ দিনা ভাৰতৰ সম্পূৰ্ণ সূচী : কোন কোন খেলুৱৈয়ে পদক লাভৰ যুঁজত অৱতীৰ্ণ হ’ব ? - Paris Olympics 2024

author img

By ETV Bharat Sports Team

Published : Aug 1, 2024, 12:03 AM IST

1 August India Olympic schedule : ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পঞ্চম দিনটো ভাৰতৰ বাবে ভাল আছিল, আজি সিন্ধু আৰু লক্ষ্যকে ধৰি বহু তাৰকা খেলুৱৈয়ে নিজ নিজ মেচত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে । এনে পৰিস্থিতিত আমি ষষ্ঠ দিনৰ সূচী সম্পৰ্কে জনাবলৈ ওলাইছো। সম্পূৰ্ণ খবৰ পঢ়ক...

PARIS OLYMPICS INDIA TODAY SCHEDULE
যষ্ঠ দিনা ভাৰতৰ সম্পূৰ্ণ সূচী (ETV Bharat)

স্পৰ্টছ ডেস্ক, 1 আগষ্ট : 2024 চনৰ পেৰিছ অলিম্পিকৰ পঞ্চম দিনটো ভাৰতৰ বাবে আশাপ্ৰদ আছিল ৷ ভাৰতে আজি কোনো পদক লাভ কৰা নাই যদিও ভাৰতীয় শ্বাটলাৰ পি ভি সিন্ধু আৰু লক্ষ্য সেন দুয়োগৰাকীয়ে নিজ নিজ মেচত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে ৷ ইয়াৰ উপৰিও শ্ৰীজা আকুলাই টেবুল টেনিছতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৷ আজি আমি পেৰিছ অলিম্পিক 2024ৰ ষষ্ঠ দিনৰ ভাৰতীয় খেলুৱৈৰ সম্পূৰ্ণ সময়সূচীৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো ৷

1 আগষ্টত অনুষ্ঠিত হ'বলগী ভাৰতীয় খেলুৱৈৰ প্ৰতিযোগিতা :

গলফ : 1 আগষ্টত ভাৰতীয় খেলুৱৈয়ে গলফত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰা দেখা যাব ৷ পুৰুষৰ ব্যক্তিগত খেল ৰাউণ্ড-1ৰ খেলখনত দেখা যাব গগজীত ভুল্লাৰ আৰু শুভংকৰ শৰ্মাক ৷

  • পুৰুষৰ ব্যক্তিগত খেল ৰাউণ্ড-1 (গগনজীত ভুল্লাৰ আৰু শুভংকৰ শৰ্মা) - নিশা 12.30 বজাত ৷

শ্বুটিং : আজি ভাৰতে শ্বুটিঙত পদক লাভ কৰাৰ আশা কৰিব ৷ পুৰুষৰ 50 মিটাৰ ৰাইফল 3 পজিচন ফাইনেলত স্বপ্নিল কুছালে ভাৰতক প্ৰতিনিধিত্ব কৰা দেখা যাব ৷ ইয়াৰ উপৰিও মহিলাৰ 50 মিটাৰ ৰাইফল 3 পজিচনৰ অৰ্হতাত চিফ্ট কৌৰ সমৰা আৰু অঞ্জুম মৌদগিলক খেলা দেখা যাব ৷

  • পুৰুষৰ 50 মিটাৰ ৰাইফল 3 পজিচন ফাইনেল (স্বপ্নিল কুছালে) - 1 বজাত ৷
  • মহিলাৰ 50 মিটাৰ ৰাইফল 3 পদৰ অৰ্হতা (চিফ্ট কৌৰ সমৰা আৰু অঞ্জুম মৌদগিল) - বিয়লি 3.30 বজাত ৷

হকী : ভাৰতীয় পুৰুষ হকী দলক গ্ৰুপ মেচত বেলজিয়ামৰ বিৰুদ্ধে খেলা দেখা যাব ৷ নিউজীলেণ্ড আৰু আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰাৰ বিপৰীতে আৰ্জেণ্টিনাৰ সৈতে 1-1 গ’লত ড্ৰ’ খেলিছে ৷ এতিয়া তেওঁলোকৰ হাতত বেলজিয়ামক পৰাস্ত কৰাৰ সুযোগ থাকিব ৷

  • ভাৰত বনাম বেলজিয়াম - 1.30 বজাত ৷

লগতে পঢ়ক : পুৰুষ শ্বুটিঙৰ 50 মিটাৰ এয়াৰ ৰাইফলত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন স্বপ্নিল কুছালেৰ - Paris Olympics 2024

বক্সিং : মহিলাৰ 50 কেজি ৰাউণ্ড অৱ 16 ত ভাৰতৰ হৈ চীন ৰিপাব্লিকৰ ৱু ইউৰ বিৰুদ্ধে খেলা দেখা যাব তাৰকা বক্সাৰ নিখাত জাৰীনক ৷

  • মহিলাৰ 50 কেজি ৰাউণ্ড অৱ 16 (নিখাত জাৰীন) - দুপৰীয়া 2.30 বজাত ৷

আৰ্চাৰী : পুৰুষৰ ব্যক্তিগত এলিমিনেচন ৰাউণ্ডত চীনৰ কে এ ৱেনচাওৰ বিৰুদ্ধে ভাৰতৰ হৈ প্ৰবীণ ৰমেশ জাধৱক একচনত দেখা যাব ৷

  • পুৰুষৰ ব্যক্তিগত এলিমিনেচন ৰাউণ্ড - 2.30 বজাত ৷

চেইলিং : ভাৰতৰ হৈ পুৰুষৰ চেইলিং ইভেণ্টত দেখা যাব খেলুৱৈ বিষ্ণু সৰৱননক ৷ ভাৰতৰ হৈ মহিলাৰ চেইলিং প্ৰতিযোগিতাত নেত্ৰ কুমাননক দেখা যাব ৷

  • পুৰুষৰ চেইলিং (বিষ্ণু সৰৱনন) - বিয়লি 3.30 বজাত ৷
  • মহিলাৰ চেইলিং (নেত্ৰ কুমানন) -7 বজাত ৷

লগতে পঢ়ক : ডাচ্চ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ১/৮ এলিমিনেচন ৰাউণ্ডত প্ৰৱেশ আৰ্চাৰ দীপিকা কুমাৰী - paris olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.