ETV Bharat / state

৩০ বছৰীয়া ন্যায়িক যুঁজৰ সমাপ্তি : ডাঙৰিৰ ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ - Dangri fake encounter

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 10:54 PM IST

Dangri fake encounter: সামৰণি পৰিল ৩০ বছৰ জোৰা এখন ন্যায়িক যুঁজৰ । এয়া 'আংশিক ন্যায় প্ৰাপ্তি' বুলি ক'লে গোচৰকৰ্তা জগদীশ ভূঞাই । '৯৪ৰ ডাঙৰিৰ ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিলে কেন্দ্ৰই । অপৰাধী সেনা বিষয়াই শাস্তি নোপোৱাৰ দুখ থাকি গ'ল গোচৰকৰ্তা ভূঞাৰ ।

Etv Bharat
Etv Bharat (Etv Bharat)

নিউজ ডেস্ক, ১ আগষ্ট: ১৯৯৪ চনৰ হৃদয় কঁপোৱা ডাঙৰি ভুৱা এনকাউন্টাৰ ঘটনাৰ আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া অৱশেষত সমাপ্ত হ'ল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া আদেশ মৰ্মে বুধবাৰে ভাৰত চৰকাৰে নিৰ্যাতিত পৰিয়ালকেইটাৰ বেংক একাউন্টলৈ ২০ লাখকৈ টকা আদায় দিয়ে ৷ ইয়াৰ লগে লগে, সেই সময়ৰ আছু নেতা তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৩০ বছৰ পূৰ্বে আৰম্ভ কৰা ন্যায়িক যুঁজখনৰো অন্ত পৰিল ।

১৯৯৪ চনৰ ভয়ংকৰ ঘটনা:

স্মৰ্তব্য যে ১৯৯৪ চনৰ ১৮ ফেব্ৰুৱাৰীৰ নিশা তিনিচুকীয়া জিলাৰ ডাঙৰি অঞ্চলৰ পৰা সেনা বাহিনীয়ে ৯ গৰাকী নিৰীহ যুৱকক ঘৰৰ পৰা উঠাই নি ভুৱা এনকাউন্টাৰ কৰি অতি নৃশংশভাৱে তাৰে ৫ জনক হত্যা কৰিছিল । সেই নিৰ্যাতন ইমানেই ভয়ংকৰ আছিল যে কোনোবাজনৰ যদি চকু ফুটাই দিয়া হৈছিল , কোনোবাজনৰ আঁঠুৰ ঘিলা ভাঙি দিয়া হৈছিল ৷ আন কোনোবাজনৰ জিভা কাটি দিছিল ৷

সেই সময়ত অসমত উপৰ্যুপৰি সেনা বাহিনীৰ অপাৰেচন চলি থকা বাবে ৰাইজ সেনাৰ ভয়ত আতংকিত হৈ আছিল । সেনা বিহিনীৰ বিৰুদ্ধে কোনেও মাত মাতিবলৈ সাহস গোটাব পৰা নাছিল ।

ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল জগদীশ ভূঞা:

ঘটনাৰ খবৰ পাই সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ উপ-সভাপতি জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু সুদীৰ্ঘ তিনি দশকজোৰা নিৰৱচ্ছিন্নভাৱে ন্যায়িক যুঁজ চলাই নিয়ে । ন্যায়ালয়ে প্ৰথমতে সেনা বাহিনীৰ মেজৰ জেনাৰেল এ কে লালসহ আজীৱন কাৰাবাসৰ শাস্তি ঘোষণা কৰে যদিও পিচলৈ অভিযুক্ত সেনা বিষয়াকেইজনে আইনী মেৰপেচৰ সুযোগত শাস্তিৰ পৰা ৰেহাই পায় । অৱশ্যে সেনা বাহিনীৰ বিভাগীয় আদালতে ২০১৮ চনত অভিযুক্ত বিষয়া-জোৱানকেইজনক কোৰ্ট মাৰ্শ্বাল কৰে ।

অবিৰত আইনী যুঁজৰ সুফল:

পিছে আইনী যুঁজেৰে আক্ৰান্ত পৰিয়ালকেইটাক ন্যায় প্ৰদানৰ অংগীকাৰ কৰা প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই আদালতত ন্যায়িক যুঁজখন অব্যাহত ৰাখে । বিভিন্ন আদালতী উত্থান-পতনৰ পাচত যোৱা বছৰৰ মাৰ্চ মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়যোগে আক্ৰান্ত পৰিয়ালকেইটাৰ প্ৰতিটোকে ২০ লাখকৈ টকাৰ ক্ষতিপূৰণ দিবলৈ ভাৰত চৰকাৰক নিৰ্দেশ দিয়ে । সেই মৰ্মে বুধবাৰে অৰ্থাৎ ৩১ জুলাইৰ দিনা পৰিয়ালকেইটাৰ বেংক একাউন্টত ভাৰত চৰকাৰে ২০ লাখকৈ টকা জমা কৰে ।

আদালতৰ ৰায়ত সুখী ভূঞা:

সুদীৰ্ঘ ৩০ বছৰ এই গোচৰটো আদালতত চলাই নিয়া প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই এই সাফল্যক আংশিক ন্যায় লাভ বুলি উল্লেখ কৰি কয়, "আমাৰ দেশৰ গণতন্ত্ৰৰ মাদকতা এয়াই যে যুঁজি থাকিলে এদিন নহয় এদিন ন্যায় পোৱা যায় । আংশিকভাৱে জয়ী হোৱা বুলি এই কাৰণে ক'লো যে ভাৰত চৰকাৰে ক্ষতিপূৰণ দি যুৱককেইজন নিৰ্দোষী বুলি স্বীকাৰ কৰিলে । সেইটো আমাৰ জয় । কিন্তু হত্যাকাৰী সেনা বিষয়া কেইজনক আদালতে শাস্তিৰ পৰা ৰেহাই দি দিলে । আচলতে তেওঁলোকে ৰেহাই পাব নালাগিছিল । সেই দুখটো থাকি গ'ল ।"

তেওঁ লগতে কয়, "এই যুঁজখনত নিঃস্ব আৰু অখ্যাত কেইজনমান সাধাৰণ চকীদাৰ, নাৱৰীয়া আদিৰ দৰে মহান ব্যক্তিৰ অপৰিসীম ত্যাগ জড়িত আছে আৰু নৈতিকভাৱে দায়িত্ব ল’ব লগা বহু ডাঙৰ আৰু বিখ্যাত নেতা এই যুঁজখনৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল । এই ৩০ বছৰত দায়িত্ব ল'ব লগা সকলে মোক কেতিয়াও এবাৰো নুসুধিলে যে যুঁজখন কি পৰ্যায়ত আছে ! যুঁজ খনত কি পালো বা কি হেৰুৱালো সেয়া বিচাৰৰ ভাৰ সময়ৰ হাতত দিলো । কিন্তু এটা সফলতা নিশ্চিতভাৱে হৈছে সেয়া হ’ল, ভবিষ্যতলৈ কোনো নিৰীহ ব্যক্তিক যদি ক্ষমতাৰ অপব্যৱহাৰ কৰি অন্যায় ভাৱে আৰক্ষী বা নিৰাপত্তা বাহিনীয়ে হত্যা কৰে, ইতিহাসৰ পুনৰাবৃত্তি হ’ব আৰু কোনোবা জগদীশ ভূঞাই ৩০ বছৰ যুঁজি হ'লেও দোষীক শাস্তি দিবলৈ সক্ষম হ’ব ।"

লগতে পঢ়ক: আটছাৰ প্ৰতিবাদত কঁপিছে ৰাজ্য : বিভিন্ন ঠাইত জ্বলিল বৰমূৰীয়াৰ পুত্তলিকা - Proposed luxury hotels in Kaziranga

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.