ETV Bharat / sports

লাভলীনাৰ এখনো খেল চাই পোৱা নাই পিতৃ-মাতৃয়ে ! নাচায় অলিম্পিকৰো খেল - Lovlina Borgohain

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 10:17 PM IST

Interviews with father of Lovlina Borgohain : লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃয়ে চোৱা নাই কন্যাৰ এখনো খেল ৷ পেৰিছ অলিম্পিকতো চোৱা নাই আৰু নাচায় ৷ কিন্তু কিয় ? খাদ্যাভ্যাস সলনি কৰিছে লাভলীনা বৰগোঁহায়ে ৷ বক্সাৰগৰাকীয়ে কিদৰে সলনি কৰিলে জন্মস্থানৰ পৰিৱেশ ? চাওক লাভলীনাৰ পিতৃ টিকেন বৰগোঁহাইৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক যুগল মেধিৰ এই বিশেষ সাক্ষাৎকাৰ ৷

Interviews with father of Lovlina Borgohain
লাভলীনা বৰগোঁহাইৰ পিতৃৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat/ANI photo)

সৰুপথাৰ ১ আগষ্ট : বক্সিঙৰ জৰিয়তে বিশ্বজয় কৰিবলৈ সক্ষম হোৱা লাভলীনা বৰগোঁহাইৰ পিতৃ-মাতৃয়ে আজিলৈকে উপভোগ কৰা নাই নিজ কন্যাৰ খেল ৷ যিসময়ত গৃহনগৰ বৰপথাৰত উথপথপ পৰিৱেশৰ সৃষ্টি হয়, সমগ্ৰ ৰাজ্যবাসী উৎকণ্ঠিত হৈ থাকে লাভলীনাৰ খেলৰ বাবে, সমূহীয়াকৈ খেল চোৱাৰ পৰিৱেশ দেখিবলৈ পোৱা যায় । তেনে সময়ত অভিভাৱকে আজিলৈকে লাভলীনাৰ এখনো খেল প্ৰত্যক্ষ নকৰাটো স্বাভাৱিকতে আশ্চৰ্যকৰ কথা ৷

লাভলীনা বৰগোঁহাইৰ পিতৃৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

কিয় কন্যাৰ খেল নাচায় লাভলীনাৰ অভিভাৱকে ?

এই সন্দৰ্ভত বক্সাৰগৰাকীৰ পিতৃ টিকেন বৰগোঁহায়ে কয়, ‘‘আমি যোৱাবাৰ অলিম্পিকৰ সময়তো নাই চোৱা অথবা তেওঁৰ আগৰ এখনো খেল আমি উপভোগ কৰা নাই ৷ কাৰণ সেইটো আমাৰ কাৰণে এটা আৱেগিক মুহূৰ্ত ৷ বক্সিং এটা ভয়ংকৰ খেল ৷ শৰীৰত আঘাত পোৱাৰ এটা খেল ৷ তাইৰ মুখত ঘোচা এটা লাগিলে, আমাৰ বুকুত লগা যেন লাগে ৷ সেইকাৰণেই আমাৰ খেল চোৱা নহয় ৷’’

পিতৃগৰাকীয়ে কয়, ‘‘কেবাবাৰো পাইছো; কেতিয়াবা তাইৰ নাক ভাগি যায়, কেতিয়াবা চকু-গালৰ ওচৰত আঘাত পায় ৷ সেইবিলাক সহ্য কৰাটো আমাৰ বাবে অসুবিধা ৷ কোনো লোকে জনালেহে জিকা-হৰা ফলাফলবোৰ গম পাওঁ ৷’’

খাদ্যাভাস সলনি কৰিছে লাভলীনাই :

বক্সাৰগৰাকীৰ পিতৃয়ে ই টিভি ভাৰতক জনায়, ‘‘হিন্দু ধৰ্মাৱলম্বীৰ লোকে শাওন মাহটো পৱিত্ৰ বুলি ভাবে ৷ সাধাৰণতে হিন্দু ধৰ্মাৱলম্বী লোকে শাওন মাহত নিৰামিষ আহাৰ গ্ৰহণ কৰে ৷ সেইদৰে তায়ো শাওন মাহ বাবে নিৰামিষ আহাৰ গ্ৰহণ কৰিছে ৷ আগতেও কৰে ৷ সেইটো নিজৰ এটা বিশ্বাস ৷ মই ভাবো আধ্যাত্মিক দিশত আগবাঢ়ি যোৱাটো এটা ভাল কাম ৷ মানুহ আধ্যাত্মিকো হ’ব লাগে বুলি সিহঁতক আমি সৰুৰে পৰা কৈ আছো ৷ হিন্দু ধৰ্মাৱলম্বী হিচাবে সকলো দেৱ-দেৱীক তাই শ্ৰদ্ধা ভক্তি কৰে ৷ খেল জগতত আছে বাবে নিৰামিষ আহাৰ গ্ৰহণৰ বাদে একো কৰিব পৰা নাই ৷’’

পিচপৰা অঞ্চলৰ পৰা ওলাই গৈছিল লাভলীনা :

লাভলীনা বৰগোঁহাইৰ জন্মস্থান আৰু সমগ্ৰ পৰিৱেশটো সন্দৰ্ভত পিতৃ টিকেন বৰগোঁহায়ে কয়, ‘‘আমাৰ এই অঞ্চলটো যথেষ্ট পিচপৰা অঞ্চল ৷ আমাৰ ইয়াত যাতায়তৰ যথেষ্ট অসুবিধা আছিল, বিদ্যুতৰো অসুবিধা আছিল ২০১১-১২ চনত ৷ সকলো অসুবিধা নেওচি তেওঁ ওলাই গৈছিল ৷ বৰষুণৰ বতৰত চাইকেলো চলাব পৰা নাছিল, খোজকাঢ়িও যাব পৰা নাছিল বোকাৰ বাবে ৷ এহাতত ছেণ্ডেল লৈ চাইকেলখন ঠেলি ঠেলি বৰপথাৰত অনুশীলন কৰিবলৈ গৈছিল ৷ সেই সময়ত বৰপথাৰৰ দৰে অঞ্চলত খেলৰ একো আন্তঃগাঁথনি নাছিল ৷ বৰপথাৰত বক্সিং একেবাৰে অপৰিচিত খেল আছিল ৷ সেইসময়ত মইথাই খেলিছিল সিহতে ৷ তেতিয়াই প্ৰশান্ত দাসৰ নেতৃত্বত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰিছিল ৷ ২০১২ চনত তাই ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা বক্সিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰে ৷’’

লাভলীনাই উন্নত কৰিলে জন্মস্থানক :

লাভলীনা বৰগোঁহাইৰ পিতৃয়ে কয়, ‘‘সেই মুহূৰ্তৰ যিখন ছবি আছিল আমাৰ গাঁওখনৰ, এতিয়া পৰিৱৰ্তন হ’ল ৷ অলিম্পিকত তাই (লাভলীনা বৰগোঁহাই) যেতিয়া মেডেল লৈ আহিল, তাৰ পিচতে খুউব সোনকালে ৰাস্তা, বিদ্যুৎ, খোৱাপানী আদি সকলোখিনি ব্যৱস্থা অসম চৰকাৰে কৰি দিছে ৷ আগতে সেইখিনি সুবিধা নাছিল আমাৰ ৷ এতিয়া পাবলৈ সক্ষম হৈছো ৷ তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছো ৷

উল্লখ্য যে, পেৰিছ অলিম্পিকত লাভলীনা বৰগোঁহায়ে ইতিমধ্যে প্ৰথমখন খেলত ইতিমধ্যে ছুন্নিভা হফষ্টেডৰ বিৰুদ্ধে জয়লাভ কৰিছে । ৫-০ ৰ ব্যৱধানত জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসম কন্যাগৰাকীয়ে ৷

লগতে পঢ়ক : পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই

লগতে পঢ়ক : গ' ফৰ গ'ল্ড লাভলীনা : বিশাল স্ক্ৰীণত লাভলীনাৰ বিজয়ৰ সাক্ষী হ’বলৈ সাজু বৰপথাৰবাসী

লগতে পঢ়ক : লাভলীনাৰ স্বৰ্ণ জয়ৰ বাবে শিৱমন্দিৰত আশিস বিচাৰিলে ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.