ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীবৰ্ষণ গোলাঘাট আৰক্ষীৰ - Operation against drugs

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 10:31 PM IST

thumbnail
ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি গুলীবৰ্ষণ (ETV Bharat Assam)

গোলাঘাট,১ আগষ্ট: পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি চলিল আৰক্ষী গুলী । বৃহস্পতিবাৰে নিশা গোলাঘাট আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰি জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ৷ আটক কৰে এটা সৰবৰাহকাৰীক । এতিয়াও পলাতক তিনি সৰবৰাহকাৰী । এক গোপন সুত্ৰৰ পম খেদি বৃহস্পতিবাৰে গোলাঘাটৰ গুলামপট্টি অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মাইনা আলী নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষী ।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গুলামপট্টি অঞ্চলত চাৰিজনীয়া এটা ড্ৰাগছ সৰবৰাহকাৰীৰ দলে ড্ৰাগছ সৰবৰাহ কৰাৰ চেষ্টা কৰোতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ মাইনা আলী নামৰ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় যদিও বাকী তিনিটা সৰবৰাহকাৰীৰ দুটাই মটৰচাইকেল আৰু এজনে এন্ধাৰৰ সুযোগ লৈ পথাৰে পথাৰে পলায়ন কৰিবলৈ সক্ষম হয় । পলায়ন কৰা তিনিজনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে যদিও বিফল হয় । ইফালে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১০.২৪ গ্ৰাম আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মুল্য কেইবালাখ টকা হ'ব বুলি আৰক্ষীয়ে সদৰী কৰে । 

লগতে পঢ়ক: 42 কোটিৰো অধিক মূল্যৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ 3 সৰবৰাহকাৰীক - Drugs seized Mizoram police

বিমান বন্দৰত প্ৰায় 13 কোটি টকাৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ জাৰ্মান নাগৰিক - Cocaine seized in Delhi Airport

ড্ৰাগছৰ গ্ৰাসত পৰিছে নেকি আপোনাৰ কোনো আপোনজন ? এইদৰে এৰুৱাওক নিচা গ্ৰহণৰ অভ্যাস... - Drug Addiction

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.