জোনাই : "ময়েই মাৰ্ডাৰ কৰিছো । দাৰে কাটিছো ।"এই ভয়ংকৰ স্বীকাৰোক্তি হত্যাৰ অভিযুক্তৰ । অভিযুক্তই কেমেৰাৰ সন্মুখতে কৈ গ'ল কেনেদৰে হত্যাকাণ্ড সংঘটিত কৰিছিল । ক'ত পেলাই দিছিল মৃতদেহ । ঘটনাটো চিলাপথাৰৰ । ইতিমধ্যে উক্ত হত্যাকাণ্ডই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । স্থানীয় সংগঠনসমূহেও ঘটনাৰ দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাই আছিল । তেনে সময়তে আৰক্ষীয়ে হত্যাৰ অভিযুক্ত উত্তম সিনহা ওৰফে তপন সিনহাক গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত ধৃত উত্তম সিনহাই স্বীকাৰ কৰিছে কংকন ওৰফে সুমন দাস নামৰ যুৱকজনক হত্যা কৰাৰ কথা । মোমায়েকৰ ঘৰত চোকা অস্ত্ৰৰে কংকন দাস ওৰফে সুমন দাসক শিৰশ্ছেদ কৰাৰ ভয়ংকৰ স্বীকাৰোক্তিও দিছে অভিযুক্ত উত্তমে ।
ঘটনাৰ ৰহস্য ফাদিল
জানিব পৰা মতে লিকাবালিৰ গাইনদীৰ কুঁৱেৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছিল উত্তম সিনহাক । পিছত সোধা-পোছাৰ অন্তত উত্তম সিনহাই সকলো কথা স্বীকাৰ কৰে । ইফালে মামীয়েকৰ সৈতে সুমন দাসৰ অবৈধ সম্পৰ্ক থকাৰ বাবেই এইদৰে হত্যা কৰিলে বুলিও আৰক্ষীৰ আগত ভাষ্য দিছে উত্তমে । অভিযুক্ত উত্তম সিনহাৰ ঘৰ ধেমাজিৰ বিষ্ণুপুৰত বুলি জানিব পৰা গৈছে । উত্তমে চিলাপথাৰ বালিগাঁৱত মোমায়েকৰ ঘৰতে থাকি ট্ৰেক্টৰ চলায় । আৰক্ষীয়ে জানিবলৈ দিছে যে উত্তমে যোৱা ৩০ জানুৱাৰীৰ নিশা সুমন দাসক সনথ দাসৰ নামত থকা এটা ফোন নম্বৰৰ পৰা ফোন কৰিছিল । আৰক্ষীয়ে সেই তথ্যৰ উৎসৰ পৰাই উত্তম সিনহাক লিকাবালিত গাইনদীৰ কুঁৱেৰীত ট্ৰেক্টৰসহ আটক কৰে । আৰক্ষীয়ে উদ্ধাৰ কৰা সুমন দাসৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা তথ্যৰ আধাৰত তদন্ত কৰি এই হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয় ।
আৰু কোনো জড়িত আছে নেকি ঘটনাত ?
সুমনৰ সৈতে মামীয়েকৰ অবৈধ সম্পৰ্ক থকাৰ বাবেই নিশা এই ঘটনা সংঘটিত হয় বুলি ইতিমধ্যে অভিযুক্তই অভিযোগ কৰিছে । অভিযুক্তই আৰক্ষীক জনোৱা মতে নিশা প্ৰায় ১১ মান বজাত হত্যাকাণ্ডটো সংঘটিত হয় । তাৰ পিছতে অভিযুক্ত উত্তমে ট্ৰেক্টৰত মৃতদেহটো লৈ গৈ পুৱতি নিশা প্ৰায় ৩ বাজি ৫০ মিনিটত জলকীয়াসুঁতিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পেলাই থৈ আহে । অৱশ্যে এই ঘটনাত আৰু কোনো লোক জড়িত আছে নে নাই সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
ঘটনা সন্দৰ্ভত মৃত সুমনৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চিলাপথাৰ আৰক্ষীয়ে এছ এল পি ২১/২৫ নং গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ (এ) ধাৰাত এটা গোচৰ ৰুজু কৰিছে । সুমন দাস ব্যৱসায়সূত্ৰে অৰুণাচলৰ বাচাৰত আছিল । মাতৃৰ চিকিৎসাৰ বাবে শেহতীয়াকৈ ঘৰলৈ আহিছিল । ইফালে এই ঘটনাটোৱে সমগ্ৰ ধেমাজি জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
স্থানীয় ৰাইজ আৰু দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ধেমাজি জিলা সমিতিৰ লগতে চিলা-ভৈৰৱপুৰ আঞ্চলিক সমিতিয়ে এই জঘন্য কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছে । লগতে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি দোষীক শীঘ্ৰে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনকেইটাই । ইয়াৰ মাজতে ঘটনাত জড়িত উত্তম সিনহাক লগত লৈ দেওবাৰে জিলা উপ-আৰক্ষী অধীক্ষকসহ চিলাপথাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । উত্তমে প্ৰথমে ঘটনাত ব্যৱহাৰ হোৱা অস্ত্ৰ বিচাৰি উলিয়ায় । তাৰ পিছত ঘাতকৰ মোমায়েকৰ ঘৰৰ কোঠা পৰিদৰ্শন কৰে আৰক্ষীৰ দলে । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন নমুনা সংগ্ৰহ কৰাৰ লগতে মৃতদেহ কঢ়িওৱা ট্ৰেক্টৰ, দা, জোতা, তেজ পৰিষ্কাৰ কৰা কাপোৰ আদি জব্দ কৰিছে । সুমন দাসৰ বাহনখনো আৰক্ষীয়ে জব্দ কৰে ।
লগতে পঢ়ক :অবৈধ প্ৰেমৰ বাবেই হত্যা কৰা হ’ল নেকি সুমন দাসক ? - BRUTAL MURDER