ETV Bharat / entertainment

ছবিৰ পূৰ্বেই ৰেম্পত খোজকাঢ়ি ছ’চিয়েল মিডিয়াত ঢৌ তুলিলে বিকী-ৰশ্মিকাই - Vicky Rashmika ramp walk

author img

By ETV Bharat Entertainment Team

Published : Aug 1, 2024, 8:20 PM IST

Chhava stars Vicky Kaushal and Rashmika Mandanna : ব্লকবাষ্টাৰ যুটীৰ টেগ পালে বিকী কৌশল আৰু ৰশ্মিকা মান্দন্নাই ৷ ছবিৰ পূৰ্বেই ৰেম্পত একেলগে খোজকাঢ়ি অনুৰাগীৰ হৃদয় জিনিলে দুই তাৰকাই ৷

WATCH : Chhava stars Vicky Kaushal and Rashmika Mandanna walk the ramp fans call upcoming blockbuster Jodi
ছ’চিয়েল মিডিয়াত ঢৌ তুলিলে বিকী-ৰশ্মিকাই (Video Grab)

চিটাৰা ডেস্ক, 1 আগষ্ট : বিকী কৌশল আৰু ৰশ্মিকা মান্দন্নাক এই বছৰ মুক্তি পাব লগীয়া Chhava চলচ্চিত্ৰখনত দেখা যাব । কিন্তু ৰূপালী পৰ্দাত দেখাৰ আগতে দুয়োকে ৰেম্পত একেলগে খোজকাঢ়ি থকা দেখা যায় ।

ছ’চিয়েল মিডিয়াত ঢৌ তুলিলে বিকী-ৰশ্মিকাই (ANI VIDEO)

Chhava ৰ কথা ঘোষণা হোৱাৰে পৰা বিকী কৌশল আৰু ৰশ্মিকা মান্দন্নাৰ যুটিৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীয়ে ৷ পিছে স্ক্ৰীণৰ পূৰ্বে দুয়োৱে ৰেম্পত খোজকাঢ়ি অনুৰাগীৰ আশা পূৰণ কৰিলে ।

India Couture Week 2024 ৰ গ্ৰেণ্ড ফিনালেত দেখা গ’ল বিকী কৌশল আৰু ৰশ্মিকা মান্দন্নাক । এই ফেশ্বন সপ্তাহটো 31 জুলাইত দিল্লীত সমাপ্ত পৰে । ফেশ্বন সপ্তাহত বিকী আৰু ৰশ্মিকাৰ যুটিটোৱে যথেষ্ট মৰম লাভ কৰে । বিকী আৰু ৰশ্মিকাৰ যুটিটোৱে ছ'চিয়েল মিডিয়াতো আধিপত্য বিস্তাৰ কৰিছে । এই ফেশ্বন সপ্তাহত বিকীয়ে ৰশ্মিকাক 'ৰাণী' বুলিও অভিহিত কৰে । বিকীয়ে কৰা প্ৰশংসাই ৰশ্মিকাৰ অনুৰাগীসকলৰ মন মোহিত কৰিছে ।

ব্লকবাষ্টাৰ যুটি বিকী-ৰশ্মিকাৰ ৰেম্পত খোজ

ৰেম্পত বিকী আৰু ৰশ্মিকাক বিবাহৰ সাজত দেখা যায় । বিকিয়ে ক্ৰীম ৰঙৰ শ্বেৰৱানী ছেট পিন্ধে আৰু ৰশ্মিকাক ধুনীয়া লেহেংগাত দেখা যায় ৷ ৰশ্মিকা আৰু বিকীৰ যুটিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । দুয়োৰে ভিডিঅ' আৰু ফটো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে । এজন অনুৰাগীয়ে এই যুটিক আহিবলগীয়া ব্লকবাষ্টাৰ যুটি হিচাপে বৰ্ণনা কৰিছে । আন এজন অনুৰাগীয়ে লিখিছে যে বিকী আৰু ৰশ্মিকাৰ যুটিটো ক্যুল লাগিছে ।

Chhava ৰ বিষয়ে

মেডক ফিল্মছৰ বেনাৰত নিৰ্মিত 'Chhava' বোলছবিখন হৈছে বিকীৰ আটাইতকৈ প্ৰতীক্ষিত চলচ্চিত্ৰ । ইয়াত তেওঁক ছত্ৰপতি সম্ভাজী মহাৰাজৰ চৰিত্ৰত দেখা যাব । বিকী কৌশলে এই ছবিখনৰ বাবে বহু কষ্ট কৰিছে । ছবিখনত ৰশ্মিকা মান্দন্নাই সম্ভাজী মহাৰাজৰ পত্নী য়েচুবাই ভোছলেৰ চৰিত্ৰত অভিনয় কৰিব । ছবিখন লক্ষ্মণ ইউটেকাৰে পৰিচালনা কৰিছে । বিকী আৰু ৰশ্মিকাৰ উপৰিও অক্ষয় খান্না, দিব্যা দত্ত আৰু আশুতোষ ৰাণাক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ছবিখন 2024 চনৰ 6 ডিচেম্বৰত মুক্তি দিয়া হ'ব । আল্লু অৰ্জুন অভিনীত ছবি পুষ্পা 2 ও উক্ত দিনটোতে মুক্তি পোৱাৰ কথা ।

লগতে পঢ়ক : অনস্ক্ৰীণত আন এগৰাকীৰ সৈতে স্বামীৰ ঘনিষ্ঠ মুহূৰ্ত: বেড নিউজ সঁচাকৈয়ে বেড হ’ল নেকি বিকীৰ বাবে ? - Katrina Kaif Reviews Bad Newz

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.