হায়দৰাবাদ: কিছুদিন পূৰ্বে আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইলন মাস্কক সাক্ষাৎ কৰিছিল ৷ এই বৈঠকৰ কিছুদিন পিছতে ভাৰতত টেছলাই নিযুক্তি আৰম্ভ কৰিছে ।
ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া মাস্কে 13 ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে । সোমবাৰে টেছলাই নিজৰ ৱেবছাইটৰ কেৰিয়াৰ পেজত কমেও 13 টা পদৰ বাবে নিযুক্তি সম্পৰ্কীয় পোষ্ট কৰে ৷ এই পোষ্টবোৰ কেৱল মুম্বাইৰ বাবে । লিংকডইনতো পোষ্টবোৰৰ বিজ্ঞাপন দিছিল ।
টেছলাৰ 13 টা চাকৰিৰ সুযোগৰ ভিতৰত আছে চাৰ্ভিচ এডভাইজাৰ, পাৰ্টছ এডভাইজাৰ, চাৰ্ভিচ টেকনিচিয়ান আৰু চাৰ্ভিচ মেনেজাৰ (বাহন সেৱা শিতানৰ চাৰিওটা চাকৰি); টেছলা উপদেষ্টা, ষ্ট'ৰ মেনেজাৰ (বিক্ৰী আৰু গ্ৰাহক সমৰ্থনত); ব্যৱসায়িক পৰিচালনা বিশ্লেষক, ডেলিভাৰী পৰিচালনা বিশেষজ্ঞ, অৰ্ডাৰ পৰিচালনা বিশেষজ্ঞ (তিনিও অপাৰেচন আৰু ব্যৱসায়িক সমৰ্থন শ্ৰেণীত) আৰু গ্ৰাহক সমৰ্থন তত্বাৱধায়ক, গ্ৰাহক সমৰ্থন বিশেষজ্ঞ, আভ্যন্তৰীণ বিক্ৰী উপদেষ্টা আৰু গ্ৰাহক নিয়োগ ব্যৱস্থাপক (সকলো বিক্ৰী আৰু গ্ৰাহক সমৰ্থন শ্ৰেণীত) ।
টেছলাৰ এটা চাকৰিৰ বিৱৰণীত লিখা আছে, “টেছলাই আমি বাস কৰা পৃথিৱীখন সলনি কৰাৰ প্ৰতি কঠোৰ পৰিশ্ৰমী আৰু আবেগিক কোনোবা এজনক বিচাৰিছে, যাতে তেওঁ ক্ৰয় অৰ্ডাৰ নিশ্চিত কৰাৰ পৰা ডেলিভাৰী আৰু ৰাজহ স্বীকৃতিলৈকে অৰ্ডাৰৰ জীৱনচক্ৰৰ বাবে দৈনন্দিন কাৰ্যকলাপ সফলতাৰে নেতৃত্ব দিব পাৰে ।”
আমেৰিকাত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত মাস্কৰ সৈতে তেওঁৰ তিনিটা সন্তান আছিল, আনহাতে মোদীৰ কাষত আছিল তেওঁৰ শীৰ্ষ উপদেষ্টাসকল — য’ত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালকে ধৰি আন কেবাজনো ।
It was an honor to meet https://t.co/WqELdGiurP
— Elon Musk (@elonmusk) February 14, 2025
পিছত হোয়াইট হাউছত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে যৌথ সংবাদমেলত ট্ৰাম্পে কয় যে তেওঁ নিশ্চিত নহয় যে মাস্কে ভাৰতৰ প্ৰধানমন্ত্ৰীক কিয় সাক্ষাৎ কৰে অৱশ্যে ইয়াৰ কাৰণ ব্যৱসায়িক ভিত্তিক বুলি ধৰি লোৱা হৈছে । ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে, "ইয়াৰ কাৰণ সম্ভৱতঃ আপুনি জানে যে তেওঁ (মাস্ক) এটা কোম্পানী চলাই আছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত কয়, "মোদী আৰু মাস্কে উদ্ভাৱন, মহাকাশ অন্বেষণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ সত্তাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে ।"
প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত মাস্কে কয় যে তেওঁক লগ পোৱাটো এক “সন্মান” ।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে X ত পোষ্ট কৰিছিল, ‘ইলন মাস্কৰ পৰিয়ালক লগ পাই আৰু বহুতো বিষয়ৰ ওপৰত কথা পাতিবলৈ পাই আনন্দিত হৈছো । সংস্কাৰৰ দিশত ভাৰতৰ প্ৰচেষ্টা আৰু ‘নূন্যতম চৰকাৰ, সৰ্বোচ্চ শাসন”ৰ বিষয়ে ক’লো ।
ভাৰতীয় বজাৰত টেছলাৰ প্ৰৱেশ
ভাৰতীয় বজাৰত টেছলাৰ সম্ভাৱ্য প্ৰৱেশৰ বাবে যথেষ্ট অপেক্ষা কৰা হৈছে । যোৱা এপ্ৰিল মাহত ইলন মাস্কে “টেছলাৰ অতি কঠোৰ বাধ্যবাধকতা”ৰ কথা উল্লেখ কৰি শেষ মুহূৰ্তত ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ পিছুৱাই দিছিল যদিও প্ৰস্তাৱিত ভ্ৰমণৰ ফলত মাস্কে ভাৰতত টেছলাৰ ইলেক্ট্ৰিক গাড়ী বিক্ৰীৰ বাবে আগন্তুক পথৰ পৰিকল্পনা অতি সোনকালে ঘোষণা কৰাৰ আশা বৃদ্ধি কৰিছিল ।
চৰকাৰে নতুন বৈদ্যুতিক বাহন নীতি ঘোষণা কৰাৰ কেইসপ্তাহমানৰ পিছতে তেওঁৰ পৰিকল্পিত ভাৰত ভ্ৰমণৰ কথা ঘোষণা কৰা হৈছে, যাৰ অধীনত নূন্যতম 50 কোটি মাৰ্কিন ডলাৰৰ বিনিয়োগেৰে দেশত উৎপাদন ইউনিট স্থাপন কৰা কোম্পানীসমূহক আমদানি শুল্কৰ ৰেহাই দিয়া হ’ব, যিটো পদক্ষেপৰ লক্ষ্য হৈছে টেছলাৰ দৰে বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীক আকৰ্ষিত কৰা ।
টেছলাক প্ৰতিনিধিত্ব কৰা এজন উপদেষ্টা -- এছিয়া গ্ৰুপে (টিএজি) আনকি ভিয়েটনামৰ ইভি নিৰ্মাতা ভিনফাষ্ট আৰু মাৰুতি চুজুকি, হুণ্ডাই, টাটা, মহিন্দ্ৰা, কিয়া, স্কোডা অটো ফক্সৱেগেন ইণ্ডিয়া, ৰেন’ল্ট, মাৰ্চিডিজ-বেঞ্জ, বিএমডব্লিউ আৰু অ’ডিকে ধৰি ভাৰতৰ সকলো প্ৰধান নিৰ্মাতাৰ সৈতে নতুন ইভি নীতিৰ ওপৰত অংশীদাৰসকলৰ বৈঠকত অংশগ্ৰহণ কৰিছিল ।
2022 চনত মাস্কে কৈছিল যে ভাৰতত নিজৰ বাহন বিক্ৰীৰ বাবে পূৰ্বে আমদানি শুল্ক হ্ৰাস কৰিব বিচৰা টেছলাই প্ৰথমে দেশত গাড়ী বিক্ৰী আৰু চাৰ্ভিচ কৰিবলৈ অনুমতি নিদিয়ালৈকে নিজৰ সামগ্ৰী নিৰ্মাণ নকৰে ।
2021 চনৰ আগষ্ট মাহত মাস্কে কৈছিল যে যদিহে টেছলাই প্ৰথমে দেশত আমদানিকৃত বাহনৰ সৈতে সফলতা লাভ কৰে তেন্তে ভাৰতত এটা উৎপাদন ইউনিট স্থাপন কৰিব পাৰে । তেওঁ কৈছিল যে টেছলাই ভাৰতত নিজৰ বাহন মুকলি কৰিব বিচাৰে "কিন্তু আমদানি শুল্ক যিকোনো বৃহৎ দেশৰ তুলনাত তথা বিশ্বৰ ভিতৰতে সৰ্বাধিক !"
লগতে পঢ়ক