ETV Bharat / state

তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্য : জিলাই জিলাই আৰম্ভ হ’ল অমৃত বৃক্ষ আন্দোলন 2 - Amrit Brikshya Andolan 2024

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 10:49 PM IST

Amrit Brikshya Andolan : তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন ৷ ৰাজ্যৰ আটাইকেইখন জিলাতে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল এই কাৰ্যসূচীৰ ৷

ASSAM AMRIT BRIKSHYA ANDOLAN
দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন (Etv Bharat Assam)

নিউজ ডেস্ক, 1 আগষ্ট : আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন ৷ 1 আগষ্টৰ পৰা 15 আগষ্টলৈ চলিব দ্বিতীয় পৰ্যায়ৰ এই অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী ৷ 'এজুপি গছ মাৰ নামত’– এই বাণীৰে ৰাজ্য চৰকাৰৰ উদ্যোগত তথা পৰিৱেশ আৰু বন বিভাগৰ সহযোগত আজিৰে পৰা পষেকজোৰা কাৰ্যসূচীৰে ৰাজ্যত আৰম্ভ হৈছে এই কাৰ্যসূচী ৷ ইতিমধ্যে ৰাজ্যৰ আটাইকেইখন জিলাতে জিলা প্ৰশাসনকে ধৰি আন আন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে গছপুলি ৰুই আৰম্ভ কৰিছে এই আন্দোলনৰ ৷

আৰম্ভ হ’ল অমৃত বৃক্ষ আন্দোলন 2 (Etv Bharat Assam)

নলবাৰী : নলবাৰীতো শুভাৰম্ভ হ'ল দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন ৷ নলবাৰীত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, বিগত বৰ্ষত অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰোপণ কৰা গছপুলিৰ 85 শতাংশই বাচিছে ৷ দহ শতাংশ, পোন্ধৰ শতাংশ গছপুলি মৰি যোৱাটো স্বাভাৱিক কথা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে এইবাৰ নিজাকৈ 3 কোটি গছপুলি উৎপাদন কৰা বুলি অৱগত কৰে ৷

তিনিচুকীয়া : অমৃত বৃক্ষ আন্দোলন 2024 ৰ জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠান আজি তিনিচুকীয়া জিলাৰ গুইজান উন্নয়ন খণ্ডৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ চৌহদত অনুষ্ঠিত হয় ৷ অমৃত সৰোবৰৰ পাৰত জিলা আয়ুক্ত স্বপ্নীল পালে আজি আনুষ্ঠানিকভাৱে গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলন 2 ৰ জিলা ভিত্তিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ এই কাৰ্যসূচীত দিয়া ভাষণত তেওঁ কয়, "গোলকীয় উষ্ণতাই পৃথিৱীখনক সংকটৰ মুখলৈ লৈ গৈছে ৷ পৃথিৱীৰ লগতে আমাৰ মানৱ সভ্যতাক ৰক্ষা কৰিবলৈ অমৃত বৃক্ষ আন্দোলন আমাৰ বাবে এটা মহৎ আৰু গুৰুত্বপূৰ্ণ অভিযান ৷" পালে এই কাৰ্যসূচীক জন আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ সকলোলৈ আহ্বান জনায় ৷ সভাখনত মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কুশকান্ত বৰা, জিলা উন্নয়ন আয়ুক্ত পৱিত্ৰ দাস, ডিগবৈ ক্ষেত্ৰীয় বন সংমণ্ডলৰ বিষয়া টি চি ৰণজিথ ৰাম, ডুমডুমা ক্ষেত্ৰীয় বন সংমণ্ডলৰ বিষয়া মৃগেন্দ্ৰ বৰা, অতিৰিক্ত আয়ুক্ত নুজাহাৎ নাছৰীণ আৰু চিন্ময় পাঠক, বিশিষ্ট সাংবাদিক তথা জিলা সাংবাদিক সন্থাৰ সভাপতি ঋষি দাস, গুইজানৰ খণ্ড উন্নয়ন বিষয়া আদি উপস্থিত থাকে ৷

গোলাঘাট : গোলাঘাটৰ চেলেঙী অঞ্চলত জিলা প্ৰশাসন আৰু বন সংমণ্ডলৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলন 2024 ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ গোলাঘাট বন সংমণ্ডল বিষয়া সুশীল ঠাকুৰীয়াই আঁত ধৰা এই অমৃত বৃক্ষ আন্দোলনৰ অংশ ৰূপে চেলেঙী অঞ্চলত জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা পৰিবহণ বিষয়া আৰু বিভিন্ন দল-সংগঠন, আশাকৰ্মী, এন জি অ’ আৰু বিভাগীয় প্ৰতিনিধিৰ উপস্থিতত গছপুলি ৰোপণ কাৰ্যসূচীৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় অমৃত বৃক্ষ আন্দোলন 2024 ৷

লগতে পঢ়ক : তিনি কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে আজিৰে পৰা আৰম্ভ দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন - AMRIT BRIKSHYA ANDOLAN 2

বৰপেটা : বৰপেটা জিলাত আজি জিলা আয়ুক্ত আয়ুষ গৰ্গে দ্বিতীয় পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ বৰপেটাৰ মিলেনিয়াম পাৰ্কত মেহগনি গছৰ পুলি ৰোপণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰে আয়ুক্তগৰাকীয়ে ৷ তেওঁ কয় যে, এইবাৰ বৰপেটা জিলাত 12 লাখ 90 হাজাৰ গছপুলি ৰোপণ কৰা হ’ব ৷ ইয়াৰ বাবে 2 লাখ 60 হাজাৰ হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে ৷ জিলা আয়ুক্ত গৰাকীয়ে লগতে বিগত বৰ্ষত চাৰে চাৰি লাখ গছপুলি ৰোপণ কৰা হৈছিল আৰু ইয়াৰে 90 শতাংশ পুলি জীৱিত আছে বুলি জানিবলৈ দিয়ে ৷

তেজপুৰ : সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলা প্ৰশাসন আৰু বন বিভাগৰ উদ্যোগত আজি ভোমোৰাগুৰি খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ নিকটৱৰ্তী কলিয়াভোমোৰা দলঙৰ সমীপত জিলা পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলন 2 জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ জিলা উন্নয়ন আয়ুক্ত গয়া প্ৰসাদ আগৰৱালা, অতিৰিক্ত জিলা আয়ুক্তত্ৰয় প্ৰাঞ্জিত দেৱ, টৱাহিৰ আলম, ৰাজ বৰুৱা আৰু পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া পিৰাইসূদন বি, মাণ্ডলিক বন বিষয়া (টেৰিটৰিয়েল) নৃপেন কলিতা উপস্থিত থাকে ৷ তদুপৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়াসকল ক্ৰমে জিলা কৃষি বিষয়া, পি ডব্লিউ ডি (বি)ৰ কাৰ্যবাহী অভিযন্তা, জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু বন বিভাগৰ বিষয়া আৰু কৰ্মচাৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰি একোটাকৈ গছপুলি ৰোপণ কৰে ৷ শোণিতপুৰ জিলাত চলিত বৰ্ষত প্ৰায় 12 লাখ গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে যিটো যোৱা বছৰৰ লক্ষ্যৰ তুলনাত তিনিগুণ ৷

লগতে পঢ়ক : কলিয়াবৰত অমৃত বৃক্ষ আন্দোলনৰ বাবে চাৰি লাখ গছপুলিৰে সাজু বন বিভাগ - Amrit Brikshya Andolan 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.