অসম

assam

বহুকেইটা দাবীৰে কা বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল

By

Published : Jun 19, 2020, 8:56 PM IST

অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কা বিৰোধী সমন্বয় সমিতিৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল । সংবাদমেল সম্বোধন কৰে কা বিৰোধী সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলীয়ে । সংবাদমেল খনত দেবেন তামুলীৰ লগতে উপস্থিত থাকে আহ্বায়ক অধিবক্তা শান্তনু বৰঠাকুৰ আৰু ডঃ ঘনশ্যাম নাথ । সেনাৰ হাতত প্ৰাণ হেৰুৱা জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে চৰকাৰক এই ঘটনাৰ ন্যায়িক তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰে কা বিৰোধী সমন্বয় সমিতিয়ে ।

caa birudhi mancha press meet
বহুকেইটা দাবীৰে কা বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল

গুৱাহাটী,২০ জুন: অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ কা বিৰোধী সমন্বয় সমিতিৰ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল । সংবাদমেল সম্বোধন কৰে কা বিৰোধী সমন্বয় সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলীয়ে । সংবাদমেল খনিত দেবেন তামুলীৰ লগতে উপস্থিত থাকে আহ্বায়ক অধিবক্তা শান্তনু বৰঠাকুৰ আৰু ডঃ ঘনশ্যাম নাথ । সেনাৰ হাতত প্ৰাণ হেৰুৱা জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে চৰকাৰক এই ঘটনাৰ ন্যায়িক তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰে কা বিৰোধী সমন্বয় সমিতিয়ে ।

বহুকেইটা দাবীৰে কা বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল

কা আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা নেতা কৰ্মীসকলৰ মুক্তিৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তি দাবী কৰাৰ লগতে অতি সোনকালে মুকলি কৰি নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে কা বিৰোধী সমন্বয় সমিতিয়ে । আনহাতে বিজেপি চৰকাৰে মুকলি সভা সমিতি , সংবাদমেল কৰি ফুৰাৰ বিপৰীতে অখিল গগৈৰ মুক্তিৰ দাবীত আন্দোলন কৰিলে কোৱাৰেণ্টইন চেণ্টাৰত আবদ্ধ কৰি ৰখাটো অমানৱীয় কাৰ্য বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কা বিৰোধী সমন্বয় সমিতিয়ে । আনহাতে বাঘজানৰ তেলখাদত সংঘটিত হোৱা ঘটনাৰ ক্ষতিগ্রস্ত লোকৰ উচিত ক্ষতিপূৰণ দাবী কৰে কা বিৰোধী সমন্বয় সমিতিয়ে ।

বহুকেইটা দাবীৰে কা বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল

লগতে চাওকঃ ভূমিস্খলনৰ বাবে বন্ধ "ভালুকপুং-বমদিলা"ৰ মাজত যাতায়ত

ABOUT THE AUTHOR

...view details