ETV Bharat / sports

অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে বিহাৰৰ বিধায়িকাই ! - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 5:29 PM IST

Paris Olympics 2024: পেৰিছ অলিম্পিকত ভাৰতৰ ১১৭ গৰাকী খেলুৱৈয়ে দেশৰ বাবে পদক অৰ্জনৰ যুঁজত অৱতীৰ্ণ হ'ব । সেই খেলুৱৈসকলৰ ভিতৰত এগৰাকী বিধায়কো আছে । কিন্তু এগৰাকী বিধায়কে কেনেকৈ স্থান পালে খেলুৱৈৰ তালিকাত ? কোন সেইগৰাকী বিধায়ক ?

Paris Olympics 2024
অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছে বিহাৰৰ বিধায়িকাই (ETV Bharat)

স্পৰ্টছ ডেস্ক,২৭ জুলাই : ফ্ৰান্সৰ প্ৰেমৰ চহৰখ্যাত পেৰিছত আৰম্ভ হৈছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিক । ভাৰতৰ ১১৭ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । আপুনি জানেনে, এই খেলুৱৈসকলৰ ভিতৰত আছে বিহাৰৰ এগৰাকী বিধায়িকা । বহুতে হয়তো ভাবিছে যে ৰাজনৈতিক নেতাসকলৰ বাবে অলিম্পিকত বিশেষ সংৰক্ষণৰ ব্যৱস্থা আছে নেকি ? কিন্তু প্ৰকৃতাৰ্থত তেনেকুৱা ব্যৱস্থা নাই ।

অলিম্পিকত বিহাৰৰ বিধায়িকা :

শ্ৰেয়াসী সিঙে বিহাৰৰ জামুইৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে এগৰাকী শ্বুটিং এথলীট আছিল । ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁক অৰ্জুন বঁটাও প্ৰদান কৰা হৈছে । ডাবল ট্ৰেপ ইভেণ্টত ২০১৪ চনত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত তেওঁ ৰূপৰ পদক লাভ কৰাৰ সমান্তৰালকৈ ২০১৮ চনত গ'ল্ড কোষ্টত অনুষ্ঠিত প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল । এইবাৰ তেওঁ পেৰিছ অলিম্পিকত ভাৰতীয় দলটোত অন্তৰ্ভুক্ত হৈছে ।

ৰাজনীতি আৰু ক্ৰীড়াত শ্ৰেয়াসী সিঙৰ সফলতা :

শ্ৰেয়াসীৰ ঘৰ বিহাৰৰ গিদাউৰত । তেওঁ দিল্লীৰ হংসৰাজ মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল । তাৰ পিচত তেওঁ ফৰিদাবাদৰ মানৱৰাচানা বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰিছিল । শ্ৰেয়াসীয়ে ২০২০ চনৰ ৰাজ্যিক নিৰ্বাচনত বিধায়ক বিজয় প্ৰকাশৰ বিৰুদ্ধে ৪১ হাজাৰ ভোটৰ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল । তেওঁ বিহাৰৰ প্ৰাক্তন সাংসদ দিগ্বিজয় সিঙৰ কন্যা । মাতৃ পুতুল সিং বাংকা সমষ্টিৰ এগৰাকী সাংসদ । পিতৃ আৰু মাতৃ ৰাজনীতিৰ সৈতে জড়িত থকাৰ বাবে শ্ৰেয়াসীও সেই দিশতে আগ্ৰহী হৈছিল । একেদৰে ক্ৰীড়া ক্ষেত্ৰতো তেওঁ ককাদেউতাক আৰু পিতৃক অনুসৰণ কৰে । ককাদেউতাক কুমাৰে সিং আৰু পিতৃ দিগ্বিজয় দুয়োগৰাকীয়ে নেশ্যনেল ৰাইফল এছ'চিয়েচনৰ সভাপতি আছিল । সেই অনুপ্ৰেৰণাৰে শ্ৰেয়াসীয়ে শ্বুটিংত কেৰিয়াৰ গঢ়িব বিচাৰিছিল ।

অৱশ্যে, বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিচত তেওঁ বেছিভাগ সময় সমষ্টিটোত থাকিবলগীয়া হৈছিল । যিহেতু তাত কোনো শ্বটগানৰ অনুশীলনৰ সুবিধা নাই, তেওঁ অনুশীলনৰ বাবে দিল্লীলৈ যাব লগা হয় । এয়া যদিও কিছু কঠিন আছিল শ্ৰেয়াসীয়ে ক্ৰীড়া আৰু ৰাজনীতি দুয়োটা ক্ষেত্ৰতে নিজৰ মনোযোগ সমানে ৰাখিছিল । যাৰ বাবে তেওঁ সঘনাই ৰে'লযাত্ৰা কৰিবলগীয়া হৈছিল । আনহাতে তেওঁ এক স্পষ্ট লক্ষ্য আৰু দৃষ্টিৰে প্ৰতিনিধিত্ব কৰা দুয়োটা ক্ষেত্ৰতে বহুতো উন্নয়ন কৰিছে । সেয়ে এতিয়া অলিম্পিকত বিধায়িকা তথা শ্বুটাৰ শ্ৰেয়াসী সিঙৰ পৰা উন্নত প্ৰদৰ্শনৰ আশা কৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীয়ে ।

লগতে পঢ়ক :লাভলীনা বৰগোঁহাই : স্কুলৰ খেলপথাৰৰ পৰা অলিম্পিকৰ ক্ৰীড়াংগনলৈ অদম্য সপোনৰ এক জীয়া বাস্তৱ - PERIS OLYMPICS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.