ETV Bharat / entertainment

এ আৰ ৰহমানৰ গীতেৰে সুৰীয়া হৈ পৰিল হৰ্ণবিল মহোৎসৱৰ বাকৰি - 25TH HORNBILL FESTIVAL IN NAGALAND

দেশী-বিদেশী পৰ্যটকৰ মিলনৰে আৰম্ভ হ’ল ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱ ৷ হৰ্ণবিল মহোৎসৱে জীপাল কৰি তুলিছে পাহাৰীয়া ৰাজ্য নাগালেণ্ডক ৷

a r rahman performs at 25th Hornbill Festival in Nagaland
আৰম্ভ হ’ল ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Dec 2, 2024, 1:56 PM IST

যোৰহাট : দেওবাৰৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ শুভাৰম্ভণি কৰা হয় ৷ নাগালেণ্ডৰ কিছামা নগা ঐতিহ্যপূৰ্ণ গাঁৱত প্ৰতিবছৰে এই উৎসৱ উদযাপন কৰা হয় ৷ এই উৎসৱত নগা পৰম্পৰাক দৰ্শনীয় ৰূপত উপস্থাপন কৰা হয় ৷ আন আন বছৰৰ দৰে এইবছৰো দেশী-বিদেশী পৰ্যটকৰে ভৰি পৰিছে কিছামা গাঁও ৷

এই মহোৎসৱত নাগালেণ্ডৰ ১৬ টা প্ৰধান জনগোষ্ঠী আৰু উপ-জনগোষ্ঠীয়ে নিজস্ব লোককৃষ্টি, সংস্কৃতি প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰিছে । দেওবাৰে নাগালেণ্ডৰ ৰাজ্যপাল লা গণেশন আৰু মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই পৰম্পৰাগত নগাসকলৰ নিজা বাদ্যযন্ত্ৰ বজাই ২৫ সংখ্যক ঐতিহ্যপূৰ্ণ হৰ্ণবিল মহোৎসৱৰ শুভ উদ্বোধন কৰে ।

২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ বাবে উদুলি-মুদূলি পৰিৱেশে বিৰাজ কৰিছে নগা পাহাৰত । নাগালেণ্ডৰ পৰম্পৰাগত সংস্কৃতিৰ সৈতে আধুনিকতাৰ মিশ্ৰণেৰে টাস্ক ফৰ মিউজিক এণ্ড আৰ্টৰ বেনাৰত দেওবাৰে এই মহোৎসৱৰ আৰম্ভণি কৰা হয় ৷ প্ৰথম দিনাই ব্যয়বহুল ৰূপত কাৰ্যসূচীৰ আৰম্ভণি হয় ।

আৰম্ভ হ’ল ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱ (ETV Bharat Assam)

অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ সংগীতানুষ্ঠানে প্ৰথম দিনা আৰু প্ৰথম নিশা হৰ্ণবিল মহোৎসৱক সুকীয়া মাদকতা দিয়ে ৷ কেবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰে তেওঁ ৷ নিশাৰ ভাগত হোৱা এই সংগীতানুষ্ঠান সহস্ৰাধিক লোকে উপভোগ কৰা দেখিবলৈ পোৱা যায় ।

নিশাৰ ভাগলৈ দেশ আৰু বিদেশৰ পৰা অহা বিভিন্ন শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰা পৰিলক্ষিত হয় । দেশ-বিদেশৰ পৰ্যটকৰ মিলনস্থলীত পৰিগণিত হোৱা হৰ্ণবিল মহোৎসৱত জাপান, পেৰু, ৱেলছ, জাৰ্মান, আমেৰিকা, পোলেণ্ড, কলম্বিয়া আদিকে ধৰি বিশ্বৰ বহু সংখ্যক দেশৰে পৰ্যটকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে, উক্ত মহোৎসৱৰ প্ৰতিদিনাই ৰাজ্যখনৰ পৰম্পৰাগত আৰু থলুৱা খাদ্যভাস উপলদ্ধ হ'ব ৷ বিভিন্ন দেশী-বিদেশী পৰ্যটকে প্ৰতিবছৰেই এই খাদ্যৰ সোৱাদ লোৱা দেখা যায় ৷ এই মহোৎসৱত নগাসকলৰ চহকী সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শিত হয় । অহা ১০ ডিচেম্বৰত সামৰণি পৰিব হৰ্ণবিল মহোৎসৱৰ ।

লগতে পঢ়ক : 'পুষ্পা ২'ৰ এটা অনুষ্ঠানত আল্লু অৰ্জুনে ক’লে, এখন হিন্দী ছবি কৰি...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.