ETV Bharat / sports

ফুটবল মেচত অনুৰাগীৰ মাজত সংঘৰ্ষ; ১০০ৰো অধিক লোকৰ মৃত্যু - GUINEA FOOTBALL TRAGEDY

ৰেফাৰীৰ সিদ্ধান্তই ভয়ংকৰ ৰূপ ল'লে আফ্ৰিকাৰ দেশ গিনিত । ফুটবল মেচ চলি থকাৰ মাজতে অনুৰাগীৰ মাজত সংঘৰ্ষ । ১০০ৰো অধিক লোক নিহত হোৱাৰ সন্দেহ ।

Guinea Football tragedy
ফুটবল মেচত অনুৰাগীৰ মাজত সংঘৰ্ষ (ANI)
author img

By ETV Bharat Sports Team

Published : Dec 2, 2024, 12:42 PM IST

স্পৰ্টছ ডেস্ক : আফ্ৰিকাৰ গিনি দেশত ভয়ংকৰ ঘটনা । ফুটবল খেল চলি থকাৰ মাজতে অনুৰাগীৰ মাজত প্ৰচণ্ড মাৰপিট । ১০০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । ইতিমধ্যে বহু আন্তৰ্জাতিক সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে । এই হিংসাৰ বহুতো ভিডিঅ' সামাজিক মাধ্যমক ভাইৰেল হৈ পৰিছে ।

ভিডিঅ'টোত খেলপথাৰৰ বাহিৰৰ ৰাস্তাত বিশৃংখলতাৰ ছবিসমূহ দেখা গৈছে । আনহাতে কিছুমান ভিডিঅ'ত মৃতদেহবোৰ মাটিত পৰি থকাও দেখা গৈছে ।

  • গোটেই বিষয়টো কি ?

গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এন'জেৰকোৰত দেওবাৰে এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । খেলখনৰ মাজভাগত ৰেফাৰীয়ে লোৱা এটা সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰে । এটা দলৰ অনুৰাগীসকলে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ খেলপথাৰলৈ আহে । সেয়া দেখি আনটো দলৰ অনুৰাগীসকলেও আগবাঢ়ি আহে তেওঁলোকক বাধা দিয়ে । এনে পৰিস্থিতিত দুয়োটা দলৰে অনুৰাগীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় ।

এফালে খেলপথাৰত বিশৃংখল পৰিৱেশে বিৰাজ কৰিছিল আনফালে হাজাৰ হাজাৰ অনুৰাগী ৰাজপথলৈ ওলাই আহিছিল আৰু ইজনে সিজনক আক্ৰমণ কৰিছিল । আনকি হিংসা ইমানে বাঢ়ি গৈছিল যে একাংশ লোকে আৰক্ষী চকীত অগ্নি সংযোগ কৰিছিল । এই হিংসাত্মক সংঘৰ্ষত বহুলোকে প্ৰাণ হেৰুৱায় আৰু বহু লোক গুৰুতৰভাৱে আহত হয় ।

ইফালে সিফালে পৰি আছিল মৃতদেহ আৰু আঘাতপ্ৰাপ্ত লোকসকল । ইয়াৰ সৈতে সম্পৰ্কিত ফটো আৰু ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । যিবোৰে বিশ্ববাসীক উদ্বিগ্ন কৰি তুলিছে ।

  • ১০০ৰো অধিক লোকৰ মৃত্যু

এগৰাকী চিকিৎসকে এই সন্দৰ্ভত কয়, "মৃতদেহৰে ভৰি পৰিছে চিকিৎসালয় । মৰ্গটো মৃতদেহ ভৰি পৰিছে ।’’ প্ৰায় ১০০ জন লোক নিহত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :ক্ৰিকেট জগতত শোকৰ ছাঁ; অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেনৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.