হায়দৰাবাদ: ভাৰতত Vivo T4x 5G নামেৰে নতুন স্মাৰ্টফোন লঞ্চৰ বাবে প্ৰস্তুতি চলাইছে Vivo ই । এই ফোনটোৰ বিষয়ে যোৱা কেবামাহো ধৰি চৰ্চা চলি আছিল যদিও এতিয়া এনে লাগে যে কোম্পানীয়ে অতি সোনকালে এই নতুন ফোনটো মুকলি কৰিব । মাৰ্চ মাহত ভাৰতত এই ফোনটো ভিভ’ই লঞ্চ কৰিব বুলি চৰ্চা চলিছে । এই ফোনটো ইয়াৰ পূৰ্বেও ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ অৰ্থাৎ BIS ৱেবছাইটত দেখা গৈছে । এই ফোনটোৰ বিষয়ে জানো আহক---
Vivo T3X 5G ৰ উন্নীত সংস্কৰণ
ভিভ’ৰ এই পৰৱৰ্তী স্মাৰ্টফোনটো হ’ব ভিভ’ T3X 5G ৰ উন্নীত সংস্কৰণ, যিটো যোৱা বছৰ 13,499 টকাত মুকলি কৰা হৈছিল । এতিয়া কোম্পানীয়ে ফ্লিপকাৰ্টত টিজাৰ মুকলি কৰি Vivo T4X 5G ফোন মুকলি কৰাটো নিশ্চিত কৰিছে । ভিভ’ৰ এই আগন্তুক ফোনটোৰ মাইক্ৰ’ছাইট ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত শ্বেয়াৰ কৰা হৈছে । এই টিজাৰৰ জৰিয়তে কোম্পানীয়ে দাবী কৰিছে যে এই ফোনটোৰ বেটাৰী হ’ব এই ছেগমেণ্টৰ আটাইতকৈ ডাঙৰ ।
অৱশ্যে এই ফোনটোৰ বেটাৰীৰ ক্ষমতা আৰু অন্যান্য স্পেচিফিকেশনৰ বিষয়ে ভিভ’ই এতিয়াও সঠিক তথ্য দিয়া নাই যদিও কোম্পানীটোৱে ভিভ’ T3X 5Gত 6000 এমএএইচৰ বেটাৰী দিছিল । এনে পৰিস্থিতিত কোম্পানীটোৱে Vivo T4X 5G ত 6500mAh বেটাৰী দিব বুলি আশা কৰা হৈছে । ইয়াৰ উপৰিও কোম্পানীটোৱে এই ফোনটো মিডিয়াটেক ডাইমেনচিটি 7300 চিপছেটৰ সৈতে লঞ্চ কৰিব বুলি আশা কৰা হৈছে । এক প্ৰতিবেদন অনুসৰি এই চিপছেটে 7,28,000 AnTuTu স্ক’ৰ কৰিছে । উল্লেখ্য যে, যোৱা বছৰ মুকলি কৰা Vivo T3X 5G ত কোম্পানীটোৱে Snapdragon 6 Gen 1 চিপছেট দিছিল ।
লঞ্চ টাইমলাইন আৰু সাম্ভাব্য মূল্য
এইবোৰৰ বাহিৰেও কোম্পানীয়ে এই ফোনত ডাইনামিক লাইট ফিচাৰ প্ৰদান কৰিব পাৰে, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে কাষ্টমাইজড লাইটনিং ইফেক্টৰ সৈতে নটিফিকেচন লাভ কৰিব পাৰিব । কোম্পানীটোৱে এই ফোনটো বেঙুনীয়া আৰু নীলা ৰঙৰ দুটা বিকল্পত আগবঢ়াব পাৰে । কোম্পানীটোৱে 2025 চনৰ মাৰ্চ মাহত এই ফোনটো মুকলি কৰিব পাৰে আৰু ইয়াৰ মূল্য প্ৰায় 15 হাজাৰ টকা হ’ব পাৰে ।
লগতে পঢ়ক
শীঘ্ৰে ভিভ’ই বজাৰত মুকলি কৰিব দুটাকৈ স্মাৰ্টফোন; কেনে বৈশিষ্ট্যযুক্ত হ’ব এই স্মাৰ্টফোন দুটা ?
কেতিয়া মুকলি হ’ব বিশ্বৰ আটাইতকৈ পাতল ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো ?