ETV Bharat / state

চৰকাৰী বিদ্যালয়ৰ পুতৌজনক ছবি; এজন শিক্ষকেই পঢ়াইছে ছটা শ্ৰেণীৰ ৫৩ গৰাকী শিক্ষাৰ্থীক - TINSUKIA SCHOOL WORST CONDITION

এজন শিক্ষকেই চলাই আছে ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী থকা এখন বিদ্যালয় ৷ এখন গাঁৱৰ একমাত্ৰ ঐতিহ্যমণ্ডিত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ হতাশাজনক কাহিনী ৷

Tinsukia school worst condition
তিনিচুকীয়াত চৰকাৰী বিদ্যালয়ৰ পুতৌজনক ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 10:41 AM IST

তিনিচুকীয়া : অসম চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো উন্নত হোৱা বুলি দম্ভালি মাৰি থকাৰ সময়তে পোহৰলৈ আহিছে শিক্ষা বিভাগে এলাগী কৰি ৰখা এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কথা । চৰকাৰ তথা শিক্ষা বিভাগে এলাগী কৰি ৰখা এখন প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খন তিনিচুকীয়া জিলাৰ বৰ্তমান নৱগঠিত মাকুম সমষ্টিৰ হাপজান শিক্ষা খণ্ডৰ অন্তৰ্গত বজালনী নগাঁৱস্থিত একমাত্ৰ শিক্ষানুষ্ঠান বজালনী নগাঁও প্ৰাথমিক বিদ্যালয় ।

১৯৮২ চনতে স্থাপিত বিদ্যালয়খনত আৰম্ভণিতে আছিল দুজন শিক্ষক । তাৰে ভিতৰত বিগত বর্ষত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছতে চলিত বৰ্ষতে দ্বিতীয়জন শিক্ষকেও অৱসৰ গ্ৰহণ কৰে । দুয়োগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰাত বৰ্তমান সহকাৰী শিক্ষক হিচাপে অন্য বিদ্যালয়ৰ পৰা আহি যোগদান কৰা দিলিপ ওৰাঙে অকলেই ৫৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই আহিছে ৷

নিজৰ অসহায় অৱস্থাৰ কথা ব্যক্ত কৰি শিক্ষক দিলীপ ওৰাঙে কয়, "মই এইখন বিদ্যালয়ত নতুনকৈ যোগদান কৰিছো আৰু আগৰ প্ৰধান শিক্ষকজনে ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰাত মই প্ৰধান শিক্ষকৰ দায়িত্বও গ্ৰহণ কৰিবলগীয়া হৈছে, সম্পূৰ্ণ স্কুলখন চলাবলগীয়া হৈছে ৷ ছটাকৈ ক্লাছ চম্ভালাটো জটিল হৈ পৰিছে ৷ সেয়েহে মোৰ বিভাগৰ প্ৰতি অনুৰোধ তেওঁলোকে যাতে সোনকালে শিক্ষক দিয়াৰ ব্যৱস্থা কৰে ৷"

তিনিচুকীয়াত চৰকাৰী বিদ্যালয়ৰ পুতৌজনক ছবি (ETV Bharat Assam)

বিদ্যালয় পৰিচালনা সমিতিৰ পৰাও শিক্ষা বিভাগক বিষয়টো গুৰুত্বসহকাৰে ল’বলৈ আবেদন কৰা হৈছে বুলি কৈ ওৰাঙে কয়, "এইক্ষেত্ৰত পৰিচালনা সমিতিয়ে যথেষ্ট সহযোগ কৰি আছে ৷ তেওঁলোকে কেবাবাৰো বিভাগক, কৰ্তৃপক্ষক বিষয়টো দৃষ্টিগোচৰ কৰিছে ৷ বিদ্যালয়খনত ৫৩ গৰাকী ছাত্ৰ-ছাত্ৰী আছে সেই অনুপাতে মই এজন শিক্ষকে খুব কষ্ট কৰিবলগীয়া হৈছে ৷ তদুপৰি আশে পাশে কোনো বিদ্যালয় নথকাৰ ফলত এই বিদ্যালয়ৰ আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণো সম্ভৱ নহয় ৷"

বৰ্তমান সময়ত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধিকাংশ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি আহিছে ৷ এনে এক শ্ৰেণীৰ লোক আছে যিসকলে সন্তানক চহৰমুখী কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰাবলৈ আকাশত চাং পতাৰ দৰে কথা । তেনেস্থলত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ সন্তানক পঢ়ুৱাব কোনে ? এখন চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবেই এতিয়া এইসকল ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ যে নিতৌ অন্ধকাৰলৈ গতি কৰি আছে এই কথা প্ৰায় নিশ্চিত হৈ পৰিছে ।

স্থানীয় ৰাইজে এই সন্দৰ্ভত জানিবলৈ দিয়ে, "এই বিদ্যালয়খনৰ শিক্ষক নিযুক্তিৰ বাবে বিদ্যালয়খনৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই ওপৰ মহলত বাৰম্বাৰ অনুৰোধ কৰি আহিছে । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ যোগাযোগ কৰাৰ পাচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ।"

লগতে শিক্ষা বিভাগে এই ঐতিহ্যমণ্ডিত বিদ্যালয়খন বন্ধ কৰি বজালনী নগাঁও আৰু লাইনাৰ দুখনকৈ গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা জীৱনৰ ভৱিষ্যতটো কলিতে মৰহি যোৱাৰ আভিসন্ধি ৰচিছে । তাকে লৈ গাঁওখনৰ ৰাইজৰ মাজত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈছে । তাৰ উপৰি বিদ্যালয়খনৰ কাষতে লাগি থকা এটা অংগনবাড়ী কেন্দ্ৰ প্ৰত্যক্ষ কৰিলে চকু কপালত উঠিব । কেন্দ্ৰটোৰ অৱস্থা একেবাৰে শোচনীয়, টিনৰ ফুটাৰে আকাশ দেখাৰ লগতে এজাক বৰষুণ দিলেই কেন্দ্ৰটোৰ সহায়িকাসকলে পানীৰ ওপৰতে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰিবলগীয়া হয় ।

কেন্দ্ৰটো আজি পৰ্যন্ত মেৰামতি বা আদৰ্শ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ ইটাখুলি উন্নয়ন খণ্ডৰ লগতে লাংকাছি গাঁও পঞ্চায়তে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । চলাব লাগে কাৰণেই যেন মাথোঁ চলি আছে এই দুয়োখন শিক্ষানুষ্ঠান । গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ স্থানীয় ৰাইজ, বিদ্যালয় পৰিচালনা সমিতিয়ে দুখনকৈ গাঁৱৰ ছাত্র-ছাত্ৰীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে এই বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে উক্ত অংগনবাড়ী কেন্দ্ৰৰ উন্নীতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক :গুৱাহাটীত ভয়ংকৰ ৰূপ লৈছে বায়ু প্ৰদূষণে - GUWAHATI AIR POLLUTION
লগতে পঢ়ক :সৰ্বকালৰ অভিলেখ : অসমত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩৫ লক্ষাধিক, শীৰ্ষত গুৱাহাটী - ASSAM UNEMPLOYMENT STATISTICS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.