ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত প্ৰশংসিত অসমীয়া চুটি ছবিৰ আগন্তুক মাহত মুক্তি - borluit production short film

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 5:40 PM IST

Borluit production movie : বৰলুইত প্ৰডাকশ্যনৰ চুটি ছবি ‘ৰং-’দ্য কালাৰে কেবাখনো আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা লাভ কৰিছে ৷ ছবিখন অসমীয়া দৰ্শকৰ বাবে মুক্তি পাব 14 আগষ্টত ৷

borluit production assamese short film rong the colour will release on 14 th of august
প্ৰশংসিত অসমীয়া চুটি ছবি (Borluit Production)

গুৱাহাটী, 27 জুলাই : বৰলুইত প্ৰডাকশ্যনে 14 আগষ্টত অসমীয়া চুটি ছবি ৰং-দ্য কালাৰ দৰ্শকৰ বাবে মুকলি কৰিব । ইতিমধ্যে বিশ্বৰ কেবাখনো আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱত মুঠ 11 টা শাখাত মনোনয়ন লাভ কৰাৰ উপৰি 9 টা সন্মানীয় বঁটা জিনিবলৈ সক্ষম হৈছে এই চলচ্চিত্ৰখনে ৷ চলচ্চিত্ৰখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতত যথেষ্ট প্ৰশংসা লাভ কৰিছে । নেকিব আহমেদৰ পৰিচালনা আৰু সম্পাদনা তথা অঞ্জন কৌশিক শৰ্মাৰ প্ৰাণৱন্ত কাহিনী আৰু চিত্ৰনাট্যৰে প্ৰস্তুত কৰা ৰং-দ্য কালাৰে গভীৰ বিষয়বস্তুৰ মাজত সকলোকে নিমজ্জিত কৰি ভাৰতৰ প্ৰকৃত ৰং তুলি ধৰিছে ।

ছবিখনত অংকুৰ বৈদ্য, ইমৰান হুছেইন, প্ৰীতম জ্যোতি দাস, মনীষা কাশ্যপ, পিংকু বৈশ্য, টিকেন্দ্ৰজিৎ হাজৰিকা, মৌচম বৰা, ৰেখামণি শইকীয়া, লক্ষীপ্ৰিয়া শইকীয়া, মহেশ কলিতা, পল্লৱ বসুমতাৰী, আকাশদ্বীপ দাসকে ধৰি বহুকেইগৰাকী শিল্পীয়ে অভিনয় কৰিছে । হিৰণ্য দাসৰ সহযোগিতাৰে মানৱজ্যোতি কলিতাৰ চিনেমাট’গ্ৰাফী, জেকিব আহমেদৰ প্ৰযোজনা আৰু দেৱজিৎ ব্ৰহ্মৰ মন্ত্ৰমুগ্ধকৰ আৱহ সংগীতেৰে বিশ্বজুৰি দৰ্শকক মুগ্ধ কৰিবলৈ ছবিখন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে । ব্যতিক্ৰমী কাহিনী, পৰিচালনা আৰু উৎকৃষ্টতাৰ বাবে ৰং-দ্য কালাৰ ছবিখনে স্বীকৃতি লাভ কৰিছে আৰু সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।

2023 চনৰ ত্ৰিলোকা আন্তঃৰাষ্ট্ৰীয় ফিল্মফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ চুটি ছবি, 2023 চনৰ কলিউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ জুৰী বঁটা, 2024 ৰ চতুৰ্থ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱত শ্ৰেষ্ঠত্বৰ সন্মান, ৰোহিপ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ 2024 ত বিশেষ জুৰীৰ সন্মান আৰু 2024 চনৰ ইণ্ডো-দুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ভাৰতীয় চুটি ছবিৰ সন্মান লাভ কৰে ছবিখনে । ইয়াৰ লগতে, 2023 চনৰ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু 2024 বৰ্ষৰ গ্ৰীচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই চুটি ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষম হয় ।

আনহাতে, 2024 চনৰ দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শীৰ্ষ 100 খন চুটি ছবিৰ মাজত স্থান লাভ কৰিছিল ৰঙে । চুটি ছবিখনে 2023 ৰ দ্বাদশ মুম্বাই চুটি ছবি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, 2024 চনৰ তৃতীয় হিমাচল চুটি ছবি মহোৎসৱ, 2023 ৰ নৰ্থ-ইষ্ট আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবেও আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছিল ।

সমগ্ৰ বিশ্বতে বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত সফলতাৰে প্ৰদৰ্শন হোৱাৰ পিচত 14 আগষ্টৰ পৰা দৰ্শকে ইউটিউবত উপভোগ কৰিব পাৰিব ‘ৰং-দ্য কালাৰ’। উল্লেখ্য যে, বৰলুইত প্ৰডাকশ্যনৰ প্ৰথমখন চুটি ছবি আকাশ বিচাৰি (ইনটু দ্য স্কাই) এ 8 টা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু স্বীকৃতিৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক : সহজতেই বিশ্বাস কৰি লোৱা স্বভাৱৰ বাবে মানুহ চিনি নাপাই সুবাসনা দত্তই - Subasana dutta perspective

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.