ETV Bharat / city

Dr. Nabin Chandra Sharma passes away: গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নবীন চন্দ্ৰ শৰ্মাৰ দেহাৱসান - Asam Sahitya Sabha

লোক সংস্কৃতিৰ গৱেষক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নবীন চন্দ্ৰ শৰ্মাৰ দেহৱসান (Dr. Nabin Chandra Sharma passes away) ৷ বাৰ্ধক্যজনিত কাৰণত ৮৪ বছৰ বয়সত মৃত্যু লোকসংস্কৃতিৰ গৱেষকগৰাকীৰ ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নবীন চন্দ্ৰ শৰ্মাৰ দেহৱসান
Retired Professor Dr. Nabin Chandra Sharma passed away
author img

By

Published : Oct 16, 2022, 7:34 PM IST

Updated : Oct 16, 2022, 8:54 PM IST

গুৱাহাটী/মঙলদৈ, ১৬ অক্টোবৰ: লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ড৹ নবীন চন্দ্ৰ শৰ্মা আৰু নাই (Dr. Nabin Chandra Sharma passes away) । দেওবাৰে বিয়লি ৪.৪৫ বজাত তেওঁ গুৱাহাটীৰ দুৰ্গাসৰোবৰস্থিত নিজ বাসগৃহত শেষ-নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ ।

অসমীয়া লোক সংস্কৃতি গৱেষণাৰ অন্যতম পুৰোধা গৱেষক আছিল ড৹ নবীন চন্দ্ৰ শৰ্মা । ১৯৩৮ চনত দৰঙ জিলাৰ ছিপাঝাৰৰ হাজৰিকাপাৰা গাঁৱত জন্ম হৈছিল বিশিষ্ট গৱেষকগৰাকীৰ । দৰং জিলাৰ ছিপাঝাৰৰ অঞ্চলৰ হাজৰিকাৰপাৰা গাঁৱতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰি ছিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় । তাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ (Arya Vidyapeeth College) পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ অধ্যাপক আছিল তেওঁ । সমৃদ্ধশালী সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা ড৹ নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসমৰ বৌদ্ধিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে । অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা, পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া পাচালি সাহিত্য, অসমীয়া লোক-সংস্কৃতি আভাস, অসমৰ ওজাপালি, দৰং ৰাজবংশাৱলী, আদি দশম, শিৱপুৰাণ, কালিপুৰাণ আৰু অসমীয়া মদ্ভাগৱত পুৰাণ আদি তেওঁ ৰচনা কৰা উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ ।

অসম সাহিত্য সভাই তেওঁক সাহিত্য মহীয়ান সন্মানেৰে সন্মানিত কৰিছিল । লোক সংস্কৃতিৰ এইগৰাকী আজীৱন সাধকক দুৰ্গাবৰ বৰকটকী বঁটা, সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা, ভাৰতীয় ভাষা সাহিত্য বঁটা, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা, শিল্পী বায়ন বঁটা আদি বিভিন্ন সন্মানেৰে সন্মানিত কৰা হৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুই পুত্ৰৰ লগতে ভালেসংখ্যক আত্মীয়-স্বজন এৰি থৈ গৈছে ।

লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক-পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম প্ৰকাশন পৰিষদৰ (Assam Prakashan Parishad) জীৱনজোৰা সাধনা বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ ’সদস্য মহীয়ান' ড৹ নবীন চন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে । এক শোক বাৰ্তাত অসম সাহিত্য সভাৰ (Asom Sahitya Sabha) সভাপতি ড৹ কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যু কেৱল বিদ্যায়তনিক ক্ষেত্ৰখনৰেই নহয় সমগ্ৰ সমাজ জীৱনৰো বিস্তৰ ক্ষতি বুলি অভিহিত কৰে ।

সভাৰ সভাপতি-প্ৰধান সম্পাদকে সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । সাহিত্যিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই কাইলৈ সভাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ লগতে সভাৰ আটাইকেইটা কাৰ্যালয়তে দিনটোৰ বাবে পতাকা অৰ্ধনমন কৰিবৰ কাৰণে প্ৰধান সম্পাদকে আহ্বান জনাইছে ।

ড৹ নবীনচন্দ্ৰ শৰ্মাৰ মৃত্যুত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সাহিত্যিকগৰাকীৰ মৃত্যু আমাৰ সমাজ জীৱনৰ বিস্তৰ ক্ষতি বুলি উল্লেখ কৰে। সচিব কলিতাই সাহিত্যিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে লোক সংস্কৃতিৰ গৱেষকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: Indigenous Tribal sahitya sabha Memorandum: চেমখৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ

Last Updated : Oct 16, 2022, 8:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.