মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত জনসাধাৰণক সাৱধানতা অৱলম্বনৰ আহ্বান আছুৰ - Meghalaya Taxi Driver Protest

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 5:27 PM IST

thumbnail
আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী, 27 জুলাই : দুই-এদিনলৈ কোনো লোকক মেঘালয়লৈ নাযাবলৈ আহ্বান জনাইছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ এই কেইদিনত যদি কোনো লোকে মেঘালয়লৈ অৱসৰ বিনোদনৰ বাবে যোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকক নাযাবলৈ আহ্বান জনাইছে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ পৰিস্থিতি শান্ত নোহোৱালৈকে ৰাইজলৈ এই আহ্বান জনালে আছু নেতাগৰাকীয়ে ৷

মেঘালয়ত অসমৰ বাণিজ্যিক-ব্যক্তিগত বাহন প্ৰৱেশত আৰোপ কৰা বাধা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় - "মেঘালয় পৰ্যটনৰ ক্ষেত্ৰত বিখ্যাত ৷ ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে বিদেশৰ বিভিন্ন স্থানৰ পৰাও পৰ্যটক মেঘালয়লৈ আহে ৷ মেঘালয় চৰকাৰৰ আয়ৰ মূল উৎস হৈছে পৰ্যটন ৷ পৰ্যটনৰ পৰাই তেওঁলোকে 70 শতাংশ আয় সংগ্ৰহ কৰে ৷ বৰ্তমান যিটো ঘটনা হৈছে সেয়া কোনো কাৰণত মানি লোৱা নহ’ব ৷ সময়ে সময়ে এনে ঘটনা সংঘটিত হৈ আছে ৷ শুকুৰবাৰে যি ঘটনা সংঘটিত হৈছে তাক লৈ খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত বহিছে আছু ৷ খাচী ছাত্ৰ সন্থাই স্পষ্টভাৱে অসমৰ বাহন মেঘালয়ত প্ৰৱেশত বাধা থাকিব নোৱাৰে বুলি কৈছে ৷ গতিকে যি অখ্যাত সংগঠন এই কাৰ্যকলাপৰ লগত জড়িত তাক নাকি লগাব লাগে ৷ চৰকাৰে এই সমস্যা শীঘ্ৰেই সমাধান কৰিব লাগে ৷"

লগতে পঢ়ক : মেঘালয় টুৰিষ্ট টেক্সি চালকৰ পথ অৱৰোধ : চেৰাপুঞ্জীত আৱদ্ধ অসমৰ শ শ পৰ্যটক - Meghalaya Taxi Driver Protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.