ETV Bharat / entertainment

বহিঃৰাজ্যৰ অসমীয়াই ক’ত কেনেকৈ চাবলৈ পাব বিদুৰভাই ? - Bidurbhai shows outside Assam

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 12:46 PM IST

Bidurbhai release outside Assam: য়ে ক্যা চল ৰাহা হে আসাম মে- কোনে সুধিলে এনেকৈ ? বিদুৰভাই জ্বৰত আক্ৰান্ত অসম ৷ মুক্তিৰ পিছৰে পৰা প্ৰতিটো দৰ্শনীয়ে হাউচফুল হৈছে ছবিখনৰ ৷ আজিৰ পৰা অসমৰ বাহিৰতো লাগিল বিদুৰভাই ৷

Bidurbhai
বিদুৰভাই (Google and YouTube)

গুৱাহাটী, 26 জুলাই : অসমৰ প্ৰতিজন চিনেমাপ্ৰেমীৰ মুখে মুখে এতিয়া এটাই নাম বিদুৰভাই ৷ মুক্তিৰ দিনাখনৰে পৰাই ছবিগৃহসমূহৰ প্ৰতিটো দৰ্শনীয়েই হাউচফুল হৈছে ৷ মানুহে টিকট বিচাৰি হাবাথুৰি খাবলগীয়া অৱস্থা হৈছে ৷ বিদুৰভাইৰ এই যাত্ৰাই অসমীয়া ছবিজগতলৈ এক অনন্য সফলতা কঢ়িয়াই আনিছে ৷ ছবিখনৰ মুক্তিৰ সময়ৰে পৰাই অসমৰ বাহিৰত থকা প্ৰতিজন অসমীয়াই জানিব বিচাৰিছিল ছবিখনে অসমৰ বাহিৰত কেতিয়া মুক্তি লাভ কৰিব ? আহি পালেহি সেই দিনটো...

Bidurbhai
বিদুৰভাইৰ দৰ্শনী (Team Bidurbhai)

আজিৰে পৰা ৰাজ্যৰ লগতে বহিঃ ৰাজ্যৰ ছবিগৃহতো দৰ্শকে উপভোগ কৰিবলৈ পাব বিদুৰভাই । বহিঃ ৰাজ্যৰ প্ৰায় 16 টা ছবিগৃহত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবিখনে । বেংগালুৰুৰ কেইবাটাও ছবিগৃহৰ লগতে বিদুৰভায়ে মুক্তিলাভ কৰিব হায়দাৰাবাদ, চেন্নাই, দিল্লী, নতুন দিল্লী, নয়দা, মালদা, মীৰা ৰোড, নবী মুম্বাই, পুনে, গোৱা আৰু শ্বিলঙস্থিত ছবিগৃহত ৷

ইফালে অসমতো আজিৰে পৰা দ্বিতীয় সপ্তাহৰ বাবে চলিব ছবিখন । কোনো পৰিচিত মুখ্য অভিনেতা-অভিনেত্ৰী নোহোৱাকৈয়ে মুক্তিৰ পূৰ্বৰে পৰা দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা এই ছবিখনৰ সফলতাই এতিয়া উৎসাহিত কৰি তুলিছে প্ৰতিগৰাকী সাংস্কৃতিক প্ৰেমী ৰাইজক । বিদুৰভাই ৱেব চিৰিজখনৰ মুক্তিৰ পৰাই বিদুৰভাইৰ ছিজন 2 লৈ অপেক্ষা কৰি আছিল দর্শক । পৰৱৰ্তী সময়ত বিদুৰভাই ৱেব চিৰিজৰ সলনি ছবি হিচাপে মুক্তি দিয়াৰ খবৰে অধিক ৰোমাঞ্চিত কৰি তোলে দৰ্শকক ।

বিদুৰভাইৰ প্ৰতি দৰ্শকৰ যি মৰম সেয়া প্ৰমাণ হৈছিল আগতীয়াকৈ টিকট বুকিঙৰ ব্যৱস্থা মুকলি কৰাৰ সময়তে । ছবিখনৰ মুক্তিৰ তিনিদিন পূৰ্বে মুকলি কৰি দিয়া আগতীয়াকৈ টিকট বুকিং ব্যৱস্থাত মুহূৰ্ততে হাউচফুল হৈ পৰিছিল প্ৰায় কেইবাটাও দৰ্শনী । সমান্তৰালভাবে মুক্তিৰ দিনাৰ পৰা হাউচফুল হৈ পৰা দেখা গৈছিল ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহৰে প্ৰতিটো দৰ্শনী ।

আমোদজনক কথাটো হ’ল যে ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে সামাজিক মাধ্যম ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰিছে যিটোৱে নেটিজেনক হাঁহিৰ খোৰাক দিছে ৷ তেওঁৰ ভাষ্য অনুসৰি, মুম্বাইৰ পৰা টীম বিদুৰভাইৰ বিতৰকলৈ এটা ফোন আহে য’ত কোৱা হয়, ‘য়ে ক্যা চল ৰাহা হে আসাম মে....? ইংলিছ পিকচাৰ ভি ঘুচনে নেহী দে ৰাহা হে, হিন্দী পিকচাৰ ভি নেহী চল ৰাহা হে !’

Rootstock Entertainmentsৰ বেনাৰত পৰিচালক সুব্ৰত কাকতিয়ে পৰিচালনা কৰা এই ছবিখনত অভিনয় কৰিছে চুমকী কছাৰী, বলিন বৰা, উজ্জল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সংগীত প্ৰণয় দত্তৰ আৰু শব্দ সংমিশ্ৰণ সৌভিক ফুকনৰ । দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে । প্ৰযোজনা অৰ্ণৱ হাজৰিকাৰ ৷

লগতে পঢ়ক : বহু অসমীয়া ছবিৰ অভিলেখ ভংগ ‘বিদুৰভাই’ৰ - Bidurbhai collection

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.