নেশ্যনেল ডেস্ক,18 ডিচেম্বৰ:শুকুৰবাৰে নিশা দুদিনীয়া ভ্ৰমণসূচীৰে পশ্চিম বংগলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ 2021 চনত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই পশ্চিমবংগ ভ্ৰমণলৈ আহিব গৃহমন্ত্ৰী গৰাকী ৷ বিধায়ক শিলভদ্ৰ দত্ত আৰু জিতেন্দ্ৰ তিৱাৰীৰ লগতে শেহতীয়াকৈ মমতা বেনাৰ্জী কেবিনেটৰ পৰা পদত্যাগ কৰা সুবেন্দু অধিকাৰীয়ে শ্বাহৰ এই ভ্ৰমণ কালতেই বিজেপিত যোগদান কৰিব বুলি জল্পনা-কল্পনা চলিছে ৷
শনিবাৰে নিয়া (NIA)ৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব শ্বাহ ৷ ইয়াৰ পিছতেই তখেতে উত্তৰ কলকাতাৰ স্বামী বিবেকানন্দৰ বাসগৃহ ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷ পৰৱৰ্তী সময়ত গৃহমন্ত্ৰী গৰাকীয়ে মিদনাপুৰত বিপ্লৱী খুদিৰাম বসুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দুটিকৈ মন্দিৰত পূজা অৰ্পণ কৰিব ৷
এই অনুষ্ঠানৰ পিছতে তেখেতে মিদনাপুৰ কজেল খেলপথাৰত এক ৰেলীত অংশগ্ৰহণ কৰাৰ অন্তত এগৰাকী কৃষকৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৷