শুকান ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ সুস্থ শৰীৰৰ বাবে ইয়াক গ্ৰহণ কৰাটো উচিত ৷ কাজু, পিষ্টা, কাঠবাদামৰ দৰে শুকান ফলত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত প্ৰচুৰ পৰিমাণে কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, জিংক, আইৰণ, ভিটামিন ই, বি১২, ডি আৰু ওমেগা ৩ ফেটি এচিড পোৱা যায় ৷
এই সকলোবোৰ পুষ্টিকৰ উপাদান আমাৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য ৷ এই শুকান ফলৰ গুণাগুণ বৃদ্ধি কৰিবলৈ বিশেষজ্ঞসকলে প্ৰায়ে শুকান ফলক তিয়াই থোৱাৰ পিছত খাবলৈ পৰামৰ্শ দিয়ে ৷ ইয়াৰ বাবেই ইহঁতে স্বাস্থ্যৰ বাবে অধিক উপকাৰিতা সাধন কৰে ৷ কিন্তু শুকান ফল পানী নে গাখীৰত তিয়াই খালে অধিক লাভ হয় ?
এই বিষয়ে পুষ্টিবিদ নমামী আগৰৱালাৰ পৰা কিছু কথা জানো আহক-
পানীত শুকান ফল
বিশেষজ্ঞসকলে কয় যে, পানীত তিয়াই থোৱা শুকান ফল খালে ফাইটিক এচিড কমি যায় ৷ দৰাচলতে এই এচিড আমাৰ পেটৰ বাবে অতি ক্ষতিকাৰক ৷ এই ফাইটিক এচিডৰ ফলত বদহজম হ’ব পাৰে ৷ যিয়েই নহওক, পানীত তিয়াই শুকান ফল খালে পুষ্টিকৰ উপাদান বৃদ্ধি পায় ৷ এই কাৰণে পানীত তিয়াই শুকান ফল খোৱাটো অধিক উপকাৰী ৷

শুকান ফল গাখীৰত তিয়াই খোৱা
বিশেষজ্ঞসকলে কয় যে, যদি আপুনি ১ ঘণ্টাৰ ভিতৰত শুকান ফল খাব বিচাৰে তেন্তে গাখীৰত তিয়াই লওক ৷ খালীকৈ গাখীৰ খাবলৈ ভাল নোপোৱা লোকে ইয়াত শুকান ফল দি পান কৰিব পাৰে ৷ ইয়াৰ ফলত গাখীৰৰ সোৱাদো বৃদ্ধি পাব আৰু স্বাস্থ্যৰ বাবে অধিক উপকাৰীও হ’ব ৷ একে সময়তে গাখীৰৰ লগত মিহলি কৰি শুকান ফল খালে শৰীৰে অধিক প্ৰ’টিন, কেলচিয়াম আৰু খনিজ পদাৰ্থ লাভ কৰে ৷ ইয়াৰ ফলত ওজন বৃদ্ধিতো সহায় হয় ৷

শুকান ফল কিহত তিয়াই খাব ?
শুকান ফল পানী নে গাখীৰত তিয়াই খাব লাগে, এই কথা প্ৰতিজন ব্যক্তিৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে ৷ যিসকলে দৈনিক শুকান ফল খাব বিচাৰে বা যিকোনো ধৰণৰ চিকিৎসা গ্ৰহণ কৰি আছে, তেন্তে নিশ্চিতভাৱে এই বিষয়ে তেওঁলোকৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত অৱশ্যে শুকান ফল খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়, কিন্তু তথাপিও ইয়াক সীমিত পৰিমাণত খোৱা উচিত ৷