ETV Bharat / entertainment

আজি বিশ্ব বন্ধুত্ব দিৱস : বন্ধুত্ব এক বিশ্বাস, বন্ধুত্বই জীপাল কৰে প্ৰতিটো দিন - Friendship Day 2024

author img

By ETV Bharat Entertainment Team

Published : Aug 4, 2024, 12:08 AM IST

Updated : Aug 4, 2024, 6:47 AM IST

Malaya Goswami interview: তেওঁৰ দৃষ্টিত বন্ধুত্ব কেৱল ব্যক্তিৰ মাজতে সীমাৱদ্ধ নহয় ৷ বন্ধুত্ব শব্দটোৱেই আমাক বহু ঋণাত্মক চিন্তাৰ পৰা আঁতৰাই ৰাখে ৷ ই এনে এক আৱেগিক সমৰ্থন যি জীৱনৰ প্ৰতিটো খোজতে আমাক প্ৰয়োজন ৷ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱসত অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামীৰ এক বিশেষ সাক্ষাৎকাৰ -

ETV Bharat special interview with veteran assamese actress malaya goswami
মলয়া গোস্বামী (ETV Bharat Assam)

চিটাৰা ডেস্ক, 4 আগষ্ট : আজি আন্তঃৰাষ্ট্ৰীয় বন্ধুত্ব দিৱস ৷ সমগ্ৰ বিশ্বই আজি উদযাপন কৰিছে বন্ধুত্ব দিৱস ৷ চাবলৈ গ’লেতো বন্ধুৰ বাবে প্ৰতিটো দিনেই জীপাল ৷ স্কুল-কলেজ-ইউনিভাৰ্চিটী লৈ দৈনিক গৈ থকা সকলেতো সদায়ে লগ পাই বন্ধু-বান্ধৱক ৷ বহুতে অনুভৱো কৰে আমাকনো বিশেষ দিন এটা কেলেই লাগে ?

পিছে এডভান্স টেকন’লজীৰ সৈতে আগবাঢ়ি যোৱা পৃথিৱীখনত আমি একাকীকত্বৰ মাজত সোমাই পৰা নাই জানো ! হয়তো সেইকাৰণেই বাঢ়িছে মানসিক ৰোগৰ দৰে বেমাৰবোৰ ৷ যান্ত্ৰিকতাৰ ধামখুমীয়াত যাতে আমি সম্পৰ্কবোৰৰ গুৰুত্ব পাহৰি নাযাও সেই কাৰণে প্ৰতিটো দিনেই আমি সকলোৰে সৈতে আনন্দেৰে উদযাপন কৰিব লাগে বুলি কয় মলয়া গোস্বামীয়ে ৷

মলয়া গোস্বামীৰ দৃষ্টিত বন্ধুত্ব কি ?

বন্ধুত্ব এটা পবিত্ৰ সম্পৰ্ক ৷ সামাজিক জীৱ হিচাপে আমি বন্ধু অবিহনে জীয়াই থাকিব নোৱাৰো ৷ সমাজৰ উন্নতিত বন্ধুত্ব সম্পৰ্কটোৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্তব্য কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয় ৷ বন্ধুত্বই কেৱল মানুহক অকলশৰীয়া হোৱাৰ পৰাই পৰিত্ৰাণ নিদিয়ে, বৰঞ্চ দুখ-বেথা আদিৰ পৰাও আমাক আঁতৰাই ৰাখে ৷

ই এক আৱেগিক সমৰ্থন ৷ সকলোৰে বাবে প্ৰয়োজন এই সমৰ্থনৰ ৷ বন্ধুত্ব এটা বিশ্বাস, সততাৰ মাজেৰে চলা এক সম্পৰ্ক ৷

প্ৰতিটো সম্পৰ্কৰ আঁৰত বন্ধুত্ব থকাটো জৰুৰী নে ?

এই প্ৰশ্নৰ উত্তৰত মলয়া গোস্বামীয়ে কয় যে এই শব্দটোক কেৱল এটা দিশতে সীমাৱদ্ধ কৰিব নোৱাৰি ৷ পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি সকলোৰে লগতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ় লৈ উঠিব পাৰে ৷ আমি সাধাৰণতে স্কুল-কলেজত লগ পোৱা বা দৈনিক ভাৱৰ আদান-প্ৰদান কৰা কাৰোবাৰ উপৰিও আন বহুতৰে লগতো বন্ধুত্ব গঢ় লৈ উঠিব পাৰে ৷

মা-দেউতাও আমাৰ বন্ধুৰ দৰে হ’ব পাৰে ৷ বাই-ভনীৰ সম্পৰ্কতো বন্ধুত্ব থাকিব পাৰে ৷ তেওঁৰ ভাষ্য অনুসৰি যিয়েই আমাক আৱেগিক নিৰাপত্তা আৰু বিশ্বাসযোগ্যতা দিব পাৰে, তেওঁৱেই আমাৰ বন্ধু ৷

সম-বয়সীয়া কোনোবাহে আমাৰ বন্ধু হ’ব পাৰে নেকি ?

আন সম্পৰ্কবোৰৰ তুলনাত বন্ধুত্ব সকলোতকৈ বেলেগ ৷ এক পৃথক বিষয় ৷ কেৱল সম বয়সীয়াই নহয় আন বহুজনৰ সৈতেও বন্ধুত্ব গঢ়ি উঠিব পাৰে ৷ স্বামী-স্ত্ৰীও খুব ভাল বন্ধু হ’ব পাৰে বুলি তেওঁ মন্তব্য আগবঢ়ায় ৷

অসমীয়া বোলছবি জগতত মলয়া গোস্বামীৰ বন্ধু আছেনে ?

নিশ্চয়কৈ আছে ৷ পেছাদাৰীভাৱে তেওঁ এগৰাকী অভিনেত্ৰীৰ লগতে শিক্ষয়িত্ৰীও হয় ৷ দুয়োটা কৰ্মক্ষেত্ৰতে তেওঁৰ অনুভৱ বেলেগ বেলেগ ৷ অভিনয়ৰ জগতখনত কামলৈ বুলি ওলাই গৈ ছেটত বিভিন্নজনক লগ পোৱা যায় ৷ সেই সময়ত বিভিন্ন ধৰণৰ ভাৱৰ আদান-প্ৰদান কৰা হয় ৷ বন্ধুত্ব তেনেকৈয়ো গঢ় লৈ উঠে ৷

নিজৰ শিক্ষকতা জীৱন প্ৰসংগত তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীৰ সৈতে সহজেই আত্মীয়তা গঢ়ি উঠে তেওঁৰ ৷ দুয়োটা পেছাতে সকলোৰে লগতে সু-সম্পৰ্কই আছে অভিনেত্ৰীগৰাকীৰ ৷ নিজৰ সম-বয়সৰ কাৰোবাৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ নতুবা কনিষ্ঠ সকলোৰে লগতে মিলি যায় মলয়া গোস্বামী ৷

অভিনয় জগতত সক্ৰিয় হৈ থকা সময়খিনিত মলয়া গোস্বামীৰ কাৰণে তেওঁৰ পিতৃ-মাতৃয়েই আছিল বন্ধু ৷ সকলো ধৰণৰ কথাই তেওঁ দুয়োৰে লগতে শ্বেয়াৰ কৰিছিল ৷

প্ৰতিযোগিতামূলক চলচ্চিত্ৰ জগতখনত প্ৰকৃত বন্ধুত্ব গঢ় লৈ উঠেনে ?

সম্পৰ্ক এটাৰ আধাৰ সঁচাৰ ভিত্তিত গঢ় লৈ নুঠিলে মলয়া গোস্বামীয়ে সেই সম্পৰ্ক আগবঢ়াই নিব নোৱাৰে বুলি মন্তব্য কৰে ৷ বিশেষ বিশেষ দিনবোৰ আজি কালিহে সকলোৱে উদযাপন কৰিবলৈ লৈছে ৷ কিন্তু আগৰ দিনত সকলো বন্ধুত্ব নিভাজভাৱেই গঢ় লৈ উঠিছিল ৷ সেই কাৰণে ভাল বন্ধু এজনৰ পৰা আশা কৰাতকৈ অন্য ধৰণে ব্যৱহাৰ পালে আগতে দুখ লাগিছিল ৷

কিন্তু বৰ্তমান যিটো যুগ, মানুহ হয়তো ইমান আৱেগিক নহয় ৷ এই যান্ত্ৰিক পৃথিৱীখনত তেনে ক্ষেত্ৰত কৃত্ৰিমতা হয়তো থাকিবও পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে ৷ পিছে অভিনেত্ৰীগৰাকীয়ে তেনে অভিজ্ঞতা লাভ কৰাৰ কথা একো উল্লেখ নাই কৰা ৷

পিছে দিনবোৰ প্ৰতিযোগিতামূলক হ’ল বুলিয়ে জানো কৃত্ৰিমভাৱে বন্ধুত্ব গঢ়ি তোলা উচিত ?

নিশ্চয়কৈ নহয় ৷ ই কেতিয়াও উচিত নহয় ৷ প্ৰতিযোগিতাৰ মাজতো আমি সমাজখন সুন্দৰকৈ আগবঢ়াই নিব লাগিব । সমাজ নহ’লে আমি জীয়াই থাকিব নোৱাৰো বুলি অভিহিত কৰি তেওঁ কয় যে বন্ধুত্ব এটা মনৰ সম্পৰ্ক ৷ গতিকে মানুহে কৃত্ৰিমতা এৰাই চলি এখন সুন্দৰ সমাজ গঢ়াৰ বাবে আগবাঢ়িব লাগিব ৷ এনে ধৰণৰ ধাৰণাবোৰ পশ্চিমীয়া দেশৰ পৰা আহিছে যদিও এই দিৱসৰ প্ৰাসংগিকতা নথকা নহয় ৷

কৃত্ৰিমতাৰ মাজত আমি পাহৰি পেলাইছো বহু কথা ৷ এই দিৱসটোৰ তাৎপৰ্য এতিয়াৰ দিনত এই কাৰণেই আছে যে ই আমাক সোঁৱৰাই দিছে বহু কথা ৷

সমান্তৰালকৈ মলয়া গোস্বামীয়ে বন্ধুত্বক ব্যক্তিকেন্দ্ৰিক নকৰি বহলাৰ্থত ব্যৱহাৰ কৰিছে ৷ দুখন দেশ নতুবা ততোধিক দেশৰ মাজত বন্ধুত্ব, বিভিন্ন সম্প্ৰদায়ৰ মাজত বন্ধুত্ব, ধৰ্ম-সম্প্ৰদায়ৰ মাজত বন্ধুত্ব থাকিব পাৰে ৷ দৰাচলতে এই ধৰণৰ বন্ধুত্ব থাকিবও লাগে কিয়নো পৃথিৱীখনৰ প্ৰকৃত ৰং এই সকলোবোৰৰ সমাহাৰেৰেহে ফুটি উঠে ৷

লগতে পঢ়ক : ৰাম গোপাল বাৰ্মাৰ ভাষাত পৌৰাণিক চলচ্চিত্ৰসমূহক 'বিপজ্জনক' - Ram Gopal Varma mythological films

Last Updated : Aug 4, 2024, 6:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.