তেজপুৰ, ৩ আগষ্ট : অতি কমসংখ্যক লোকহে সমাজৰ সেৱা কৰিবলৈ সক্ষম হয় ৷ আনহাতে তেওঁলোকে নিজৰ জীৱন সংগ্ৰামৰ সৈতে মোকাবিলা কৰি বিনা পাৰিশ্ৰমিকেৰে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ পোহৰ বিলাব পাৰে । অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পংচাউ পেৰিছ গাঁৱৰ চানফুয়া ৱাংছু নামৰ যুৱকজনে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ টিউচনৰ ব্যৱস্থা কৰি শিক্ষিত কৰি তোলাৰ লগতে বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি আহিছে ।
অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ পংচাউ পেৰিছৰ লংডিং টাউনৰ অধীনত ৱাংছুৱে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক অৰ্থনীতিৰ শিক্ষা দি আহিছে ৷ একে সময়তে তেওঁৰ বাঁহৰ ঘৰৰ বাৰাণ্ডাত কেৰিয়াৰ কাউন্সেলিং ক্লাছো চলাই আহিছে । অতি পিচপৰা দুৰ্গম অঞ্চলটোত ২০১৭ চনৰ পৰা প্ৰতি বছৰে ২০ গৰাকীতকৈও অধিক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে ৱাংছুৱে ৷
সীমিত সামৰ্থৰ এজন শিক্ষিত যুৱক ৱাংছুক বিধৱা মাতৃয়ে ডাঙৰ-দীঘল কৰে, তেওঁৰ পিতৃ এজন কৃষক আছিল ৷ ৱাংছুৰ মাত্ৰ এবছৰ বয়সতে তেওঁৰ পিতৃৰ মৃত্যু হৈছিল । ৱাংছুৱে বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰাৰ আগতে তেওঁ ২০১৪ চনত টিউচন কৰি উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল ৷ মণিপুৰৰ ড'ন বস্কো কলেজ (ডিবিচি)ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ কিছুদিনৰ পিচতে বৃত্তি কাম আৰম্ভ কৰিছিল ।
অৱশ্যে তেওঁ অতি সোনকালেই বুজি পালে যে ইয়াৰ দ্বাৰা কাৰো বিশেষ লাভ হোৱা নাই । তেওঁ কয়, “ মই পৰ্যাপ্ত উপাৰ্জন কৰা নাছিলো, ছাত্ৰ-ছাত্ৰীৰ বাবেও ই লাভজনক হোৱা নাই ৷ কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে পৰিয়ালৰ অসুবিধাৰ বাবে মাচুল দিব নোৱাৰি আধাতে শিক্ষা এৰি থৈ গৈছিল ৷” ৱাংছুৱে কয় যে যিহেতু তেওঁ নিজেও আগতে একেধৰণৰ পৰিস্থিতিৰ মাজেৰে পাৰ হৈছিল আৰু স্কুলীয়া দিনত বিনামূলীয়া শিক্ষাৰ বাবে হাবাথুৰি খাই আছিল । ৱাংছুৱে কেইবছৰমান পাৰিতোষিক লৈ টিউচন কৰি সংগ্ৰাম কৰাৰ পিচত সিদ্ধান্ত ল’লে যে পৰিকল্পনা সলনি কৰাৰ সময় আহি পৰিছে আৰু তেওঁ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে ।
“ কেৱল স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিবলৈ বহুত প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল । ইমান কষ্ট কৰিও কম্পাৰ্টমেণ্ট পৰীক্ষা দি দশম শ্ৰেণী পাছ কৰিলো । যিহেতু কিছুমান বিশেষ বিষয়ত মই দুৰ্বল আছিলো, গতিকে মই এটাও বাক্য বুজিব পৰা নাছিলো আৰু মই প্ৰতিটো বাক্য মুখস্থ কৰি ৰাখিবলৈ চেষ্টা কৰিছিলো ।’’ ৱাংছুৱে এনেদৰে কয় ৷
ইয়াৰ পিচতে তেওঁ ক্ৰমান্বয়ে বিনামূলীয়া টিউচন দিয়াৰ সিদ্ধান্ত লৈছিল । এয়া আৰম্ভণি হৈছিল তেওঁৰ নিজৰ শিক্ষা ব্যৱস্থাৰ পৰা আৰু সেয়া তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট আছিল যেতিয়া লংডিং পেৰিছ গাঁৱৰ এজন পুৰোহিতে তেওঁক মাৰাম মহাবিদ্যালয়ত নামভৰ্তি কৰাত সহায় কৰিলে ৷ “ মহাবিদ্যালয়ত মই প্ৰকৃত বন্ধুৰ সৈতে ধন্য হৈছিলো, যিয়ে মোক ধৈৰ্যৰে শিকাইছিল । গাঁৱৰ পুৰোহিতসকলো মোৰ দ্বিতীয় পৰিয়ালৰ দৰেই আছিল ৷ তেওঁলোকে মোক শিকোৱাৰ উপৰিও আৰ্থিকভাৱেও সহায় কৰিছিল ৷”
ৱাংছুৱে কয় যে আৰ্থিক অভাৱৰ বাবে তেওঁ কেনেকৈ মহাবিদ্যালয়লৈ অহা যোৱা কৰিছিল সেয়া এক চিন্তাৰ বিষয় আছিল । ৱাংছুৱে এতিয়া বিবাহিত হৈ পত্নী আৰু মাকৰ সৈতে থাকে আৰু পৰিয়ালটোৰ এতিয়াও সুনিৰ্দিষ্ট আয়ৰ উৎসৰ অভাৱ যদিও এই অনুষ্ঠানতো পৰিচালনা কৰে । ৱাংছুৰ কঠোৰ পৰিশ্ৰম অৱশ্যে লক্ষ্যহীন হৈ যোৱা নাই । লংডিঙত ভিত্তি কৰি ভাৰতীয় সেনাৰ ১৯ নং শিখ ৰেজিমেণ্টৰ কেপ্টেইন ধীৰাজ ছিহাগ আৰু তেওঁৰ দলটোৱে ৱাংছুৰ সেৱাক স্বীকাৰ কৰিছে আৰু ছাত্ৰ-ছাত্ৰীসকলক প্ৰশংসাৰ বাবে বহি কাগজ কলম পঢ়াৰ সামগ্ৰী প্ৰদান কৰিছে ।
ইয়াৰ বাহিৰে কোনেও তেওঁৰ টিউচন ক্লাছৰ বাবে কোনো সহায় আগবঢ়োৱা নাই । ৱাংছুৱে বিশ্বাস কৰে যে এখন সমাজত কেৱল ডিগ্ৰীধাৰীতকৈ অধিক শিক্ষিত, বৌদ্ধিক পুৰুষ-মহিলাৰ প্ৰয়োজন, কিয়নো তেওঁলোকেই এটা অঞ্চললৈ সমন্বয় আৰু উন্নয়ন অনাত সহায় কৰিব পাৰে । শেহতীয়া শিক্ষান্ত পৰীক্ষাত ৱাংছুৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম স্থানৰ পৰা সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হৈছে অন্যান্য ছাত্ৰ ছাত্ৰীৰ দৰে । ৱাংছুৱে কয় যে তেওঁ আশা কৰিছে, যদিহে তেওঁৰ দীৰ্ঘদিন ধৰি শিক্ষাৰ পৰা বঞ্চিত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদানৰ এক উদ্যোগ গঢ়িবলৈ সমৰ্থ হয় তেন্তে তেওঁ এটা এন জি অ’ স্থাপন কৰিব ছাত্ৰ-ছাত্ৰীৰ বাবে ৷
লগতে পঢ়ক : আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া গ্ৰন্থ বিতৰণ সৰুপথাৰ আছুৰ