কাজিৰঙা বিশ্ববিদ্যালয়ৰে জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বুজাবুজি চুক্তি সম্পন্ন - Kaziranga University

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:56 PM IST

thumbnail
কাজিৰঙা বিশ্ববিদ্যালয়ৰে জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ শৈক্ষিক বুজাবুজি চুক্তি সম্পন্ন (ETV Bharat Assam)

যোৰহাট, ৩ আগষ্ট: যোৰহাটস্থিত কাজিৰঙা বিশ্ববিদ্যালয় আৰু জাৰ্মানীৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ মাজত শনিবাৰে এক বুজাবুজি চুক্তি সম্পন্ন হয় । জাৰ্মানীৰ ৰিউটলিংগেন বিশ্ববিদ্যালয় আৰু জাৰ্মান ভাৰ্চিটিৰ লগত কাজিৰঙা বিশ্ববিদ্যালয়ৰ সম্পন্ন হয় এই বুজাবুজি চুক্তিখন । জাৰ্মানীৰ ৰিউটলিংগেন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই প্ৰসংগত কয়," উক্ত চুক্তিৰ পৰা কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু ডিগ্ৰী গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিকভাৱে উপকৃত হোৱাৰ লগতে জাৰ্মানীত দুবছৰৰ বাবে চাকৰি কৰাৰ এক সোণালী সুযোগ লাভ কৰিব ।"

প্ৰতিভাবান তথা কৃতি ছাত্ৰ-ছাত্ৰীসকলে ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙত মাষ্টাৰ ডিগ্ৰী কৰাৰ সুবিধা লাভ কৰিব আৰু জাৰ্মানীৰ আগশাৰীৰ অট'ম'বাইল কোম্পানীত দুবছৰৰ বাবে চাকৰি কৰাৰ অভিজ্ঞতা লৈ বিশ্বৰ যি কোনো স্থানত চাকৰিৰ বাবে নিজকে সাজু কৰিব পাৰিব ।

লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ে লাভ কৰিলে নাকৰ এ+ গ্ৰেড - Gauhati University

তেজপুৰ বিশ্ববিদ্যালয়ত অচিৰেই স্থাপন হ'ব ধৰ্মীয় শিক্ষা গৱেষণা কেন্দ্ৰ - CENTRE FOR RELIGIOUS STUDIES

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.