ETV Bharat / bharat

মহিলাৰ হাতত প্ৰাণ গ’ল মহিলাৰ - ক’ৰ এই ঘটনা ? - Murder in Hyderabad

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 2:21 PM IST

Murder case in LB Nagar : পাবলগীয়া ধনৰাশি ঘূৰাই নোপোৱাৰ বাবেই অকালতে মৃত্যু ঘটিল এগৰাকী মহিলাৰ ৷ ক’ত সংঘটিত হ’ল এই লোমহৰ্ষক ঘটনা ? জানো আহক -

A woman killed for not repaying a loan of Rs 20000 in LB Nagar hyderabad
মহিলাৰ হাতত প্ৰাণ গ’ল মহিলাৰ - ক’ৰ এই ঘটনা ? (Newsroom)

নেশ্যনেল ডেস্ক, 3 আগষ্ট : দেশত প্ৰতিদিনেই বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ চুৰি-ডকাইতিকে ধৰি আৰ্থিক জালিয়তি তথা অৰ্থ সম্বন্ধীয় অপৰাধৰ ঘটনা প্ৰতিদিনেই সংঘটিত হ’বলৈ ধৰিছে দেশত ৷ কেৱল ধনৰ বাবে তেলেংগানাত সংঘটিত হ’ল এইবাৰ এটা নৃশংস ঘটনা ৷

ৰাজ্যখনৰ হায়দৰাবাদৰ এল বি নগৰ অঞ্চলত সংঘটিত হৈছে এই নৃশংস ঘটনাটো ৷ ঋণ পৰিশোধ নকৰাৰ বাবেই মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মহিলাই ৷ এগৰাকী মহিলাই আন এগৰাকী মহিলাক হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ এল বি নগৰত । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সৰোজিনী নামৰ এগৰাকী মহিলাৰ পৰা নৰসম্মা নামৰ এগৰাকী মহিলাই ধাৰে লৈছিল 20 হাজাৰ টকা ।

সৰোজিনীৰ পৰা ধাৰত লোৱা ধনখিনি নৰসম্মাই নামৰ মহিলাগৰাকীয়ে কিছুদিন পাচতে ঘূৰাই দিম বুলি কৈছিল যদিও সময়মতে ঋণ পৰিশোধ কৰা নাছিল নৰসম্মাই ৷ ধাৰে লোৱা ধনখিনি সময়মতে ঘূৰাই নিদিয়াৰ বাবে দুয়োগৰাকী মহিলাৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল বুলিও স্থানীয় লোকে জনায় ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সৰোজিনীয়ে নৰসম্মাক ধনখিনি সন্দৰ্ভত যিমানে সুধিলেও নৰসম্মাই একো গুৰুত্ব নিদিয়ে । যাৰ ফলত শুকুৰবাৰে দুয়োৰে মাজত প্ৰচণ্ড বাক-বিতণ্ডা হয় । ইয়াৰ পাচতে হিতাহিত জ্ঞান হেৰুৱাই সৰোজনীয়ে হাতুৰীৰে ক আক্ৰমণ কৰে । মূৰত আঘাত পোৱাৰ বাবে নৰসম্মা মাটিত বাগৰি পৰে আৰু থিতাতে মৃত্যু ঘটে বুলি স্থানীয় লোকে জনায় ৷

ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত সৰোজিনী ।

লগতে পঢ়ক: নিষিদ্ধ ড্ৰাগছ সেৱনৰ অভিযোগত আৰক্ষীৰ জালত জনপ্ৰিয় অভিনেত্ৰীৰ ভাতৃ - Rakul Preet Singh brother arrested

প্ৰেমিকৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই - Sensational murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.