অসম

assam

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 6:41 PM IST

ETV Bharat / snippets

হোজাইত নিৰুদ্দেশ দুবছৰীয়া শিশু, অপহৰণৰ সন্দেহ পৰিয়ালৰ

CHILD MISSING IN HOJAI
হোজাইত নিৰুদ্দেশ দুবছৰীয়া শিশু (ETV Bharat)

হোজাই, ২৩ ছেপ্টেম্বৰ :হোজাই জিলাৰ নখুটী জানজুৰ পৰা নিৰুদ্দেশ হৈ আছে এটি দুবছৰীয়া শিশু । দেওবাৰে বিয়লি ৫ মান বজাৰ পৰাই নিৰুদ্দেশ হৈ আছে শিশুটি ৷ জাহিত হুছেইন নামৰ নিৰুদিষ্ট শিশুটিৰ পিতৃৰ নাম জাকিৰ হুছেইন ৷

দেওবাৰে বিয়লি ঘৰৰ পৰা ৰাস্তালৈ ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে শিশুটি ৷ ঘটনা সন্দৰ্ভত নখুটী পহৰা আৰক্ষী চকীত ঘটনা পৰিয়ালে এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে কোনো সম্ভেদ লাভ কৰা নাই ৷ শিশুটিক কোনো লোকে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালটোৱে ৷

ABOUT THE AUTHOR

...view details