ETV Bharat / entertainment

2024 ত বক্স অফিচত খলকনি তোলা ছবিকেইখন চালেনে আপুনি - Hit bollywood films of 2024 - HIT BOLLYWOOD FILMS OF 2024

World Bollywood Day 2024: প্ৰতি বছৰে 24 ছেপ্টেম্বৰত বিশ্ব বলীউড দিৱস পালন কৰা হয় । এই উপলক্ষে আমি আপোনালোকলৈ আগবঢ়াইছো এনে কেইখনমান ছবিৰ বিষয়ে যিবোৰে বক্স অফিচত অভিলেখ ভংগকাৰী উপাৰ্জন কৰিছে । স্ত্ৰী 2 ৰ পৰা কল্কি 2898 এডিলৈকে এই চলচ্চিত্ৰসমূহে মুঠ সংগ্ৰহেৰে বক্স অফিচত এইবছৰ তোলপাৰ লগায় ৷

World Bollywood Day 2024: Stree 2 to Kalki 2898 AD These films smash the box office with their collections
বক্স অফিচত খলকনি তোলা ছবি (Film Posters)
author img

By ETV Bharat Entertainment Team

Published : Sep 24, 2024, 12:41 PM IST

চিটাৰা ডেস্ক, 24 ছেপ্টেম্বৰ : আজি 24 ছেপ্টেম্বৰ, বিশ্ব বলীউড দিৱস ৷ বলীউড বুলিলেই মনলৈ আহে মনোৰঞ্জন শব্দটো ৷ বছৰ বছৰ ধৰি বলীউডে দৰ্শকক ভিন্ন অনুভূতিৰ খোৰাক যোগাই আহিছে ৷ বিশ্ব বলীউড দিৱসৰ বিশেষ দিনটোত আমি আপোনাসৱক এই বছৰৰ কেইখনমান শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সৈতে পৰিচয় কৰাই দিম যিয়ে যথেষ্ট উপাৰ্জনৰ ক্ষেত্ৰত বক্স অফিচত খলকনি তুলিছে । বলীউডত প্ৰতি বছৰে কিছুমান চলচ্চিত্ৰই আধিপত্য বিস্তাৰ কৰে ৷ এই বছৰো বহুতো ছুপাৰহিট ছবিয়ে ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিলে, যাৰ ভিতৰত কিছুমান ছবিয়ে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰাৰ বিপৰীতে অন্য কিছুমান ছবিয়ে উপাৰ্জনৰ ক্ষেত্ৰত বক্স অফিচত নতুন অভিলেখ গঢ়ে । এই বছৰৰ কেইখনমান শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বিষয়ে জানো আহক-

স্ত্ৰী 2 : এই বছৰ তালিকাৰ শীৰ্ষত আছে স্ত্ৰী 2 ৰ নাম যিখন ছবি এতিয়াও চিনেমাহলত চলি আছে ৷ বক্স অফিচত নিজৰ সংগ্ৰহ বঢ়ায়ে আছে ছবিখনে ৷ সংগ্ৰহ নকৰিবই বা কিয়, এজন দৰ্শকে বিচৰা সকলো উপাদানেই ছবিখনত আছে ৷ শ্ৰদ্ধা কাপুৰ, ৰাজকুমাৰ ৰাও, পংকজ ত্ৰিপাঠী, অভিষেক বেনাৰ্জী, অপাৰশক্তি খুৰানাৰ দৰে তাৰকাৰে সজ্জিত ভৌতিক-কৌতুক চলচ্চিত্ৰখনে ইয়াৰ উৎকৃষ্ট কাহিনীৰে দৰ্শকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে, লগতে বক্স অফিচত উপাৰ্জনৰ অভিলেখো ভংগ কৰিছে । স্ত্ৰী 2 সৰ্বাধিক উপাৰ্জন কৰা হিন্দী চলচ্চিত্ৰ হৈ পৰিছে । ঘৰুৱা বক্স অফিচত 600 কোটিৰ সীমা অতিক্ৰম কৰাৰ লগে লগে এই নতুন অভিলেখ গঢ়ে ছবিখনে । ডাঙৰ কথাটো হ'ল স্ত্ৰী 2 এখন কম বাজেটৰ চলচ্চিত্ৰ কিন্তু ই উপাৰ্জনৰ সকলো ৰেকৰ্ড ভংগ কৰিছে আৰু নতুন চলচ্চিত্ৰৰ মুক্তিৰ মাজত ভাল প্ৰদৰ্শন কৰিছে । বিশ্বব্যাপী উপাৰ্জনৰ কথা ক'বলৈ গ’লে ই প্ৰায় 815 কোটি উপাৰ্জন কৰিছে ।

কল্কি 2898 এডি : প্ৰভাস, দীপিকা পাডুকন আৰু অমিতাভ বচ্চনৰ ছবি কল্কি 2898 এডি হৈছে বছৰটোৰ অন্যতম সফল চলচ্চিত্ৰ । এইখন তেলুগু ভাষাত নিৰ্মিত এখন পেন ইণ্ডিয়া ছবি ৷ কল্কিয়ে ভাৰতীয় বক্স অফিচত ভাল প্ৰদৰ্শন কৰে আৰু বিশ্বজুৰি মুঠ 1042.15 কোটি টকা উপাৰ্জন কৰে ৷ আনহাতে ঘৰুৱা বক্স অফিচত কল্কিৰ সংগ্ৰহ 774 কোটি টকা ।

ফাইটাৰ : ভাৰতীয় বায়ুসেনাৰ আধাৰত নিৰ্মিত ফাইটাৰ ছবিত হৃত্বিক ৰোশন আৰু দীপিকা পাডুকনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । গণৰাজ্য দিৱস উপলক্ষে মুক্তি পোৱা এই ছবিখনে দৰ্শকক থিয়েটাৰলৈ আকৰ্ষণ কৰাত সফল হয় । ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰে । সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে বিশ্বব্যাপী 337.2 কোটি টকা আৰু ঘৰুৱাভাৱে 243 কোটি টকা সংগ্ৰহ কৰে । হৃত্বিক আৰু দীপিকাৰ লগতে অনিল কাপুৰ, কৰণ সিং গ্ৰ’ভাৰ, অক্ষয় ওবেৰয়ৰ দৰে শিল্পীয়ে এই ছবিখনত অভিনয় কৰিছিল ।

চয়তান : অজয় ​​দেৱগণ, আৰ মাধৱন আৰু জ্যোতিকা অভিনীত ভয়ানক নাটকীয় ছবি চয়তান 2024 চনৰ মাৰ্চ মাহত মুক্তি লাভ কৰিছিল । এই ছবিখন 2023 চনৰ গুজৰাটী ছবি বশৰ পুনৰ্নিৰ্মাণ । ছবিখন দৰ্শকে অতিশয় পছন্দ কৰে । বক্স অফিচতো ভাল প্ৰদৰ্শন কৰে ছবিখনে । চয়তানে বিশ্বজুৰি মুঠ 213.79 কোটি টকা আৰু ঘৰুৱা বক্স অফিচত 178 কোটি টকা উপাৰ্জন কৰে । ছবিখনৰ বাজেট আছিল 60-65 কোটি ।

হিন্দী চলচ্চিত্ৰৰ উপৰিও, বহুতো ভাৰতীয় চলচ্চিত্ৰই এই বছৰ বক্স অফিচত ভাল প্ৰদৰ্শন কৰে । তলত নাম উল্লেখ কৰা হ’ল-

1. GOAT (দ্য গ্ৰেটেষ্ট অফ অল টাইম)

2. হনু-মান

3. মঞ্জুমল বয়জ

4. গুন্টুৰ কাৰম

5. দ্য গট লাইফ

6. আৱেশম

লগতে পঢ়ক : অস্কাৰ 2025 ৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি কিৰণ ৰাওৰ লাপাতা লেডীজৰ - Laapataa Ladies in Oscars 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.