বঙাইগাঁও, ২১ ছেপ্টেম্বৰ : বঙাইগাঁও জিলাত গ্ৰেপ্তাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক । আৰক্ষীৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ কৰিম আলী । মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেওতাৰীৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক কৰিম আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ ।
কৰিম আলীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি অহাৰ অভিযোগ । আনকি আৰক্ষী অধীক্ষকৰ নামতো ধনদাবী কৰাৰ অভিযোগ কৰিম আলীৰ বিৰুদ্ধে । দেওতাৰীৰ ওমৰ আলীৰ পৰা আৰক্ষী অধীক্ষকৰ নামত ধনদাবী কৰাৰ অভিযোগ কৰিম আলীৰ বিৰুদ্ধে । ওমৰ আলীৰ এজাহাৰৰ ভিত্তিত মাণিকপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৰিম আলীক । শুকুৰবাৰে আৰক্ষীয়ে কৰিম আলীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।