ETV Bharat / state

মহানগৰীৰ নিৰ্ধাৰিত ৩১ টা পথতহে চলিব পাৰিব ই-ৰিক্সা - GUWAHATI E RICKSHAWS ROUTE

এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত যধে-মধে চলিব নোৱাৰিব ই-ৰিক্সা । নিয়ম ভংগ কৰিলেই বিপদ ।

Rules for rickshaw pullers
গুৱাহাটী মহানগৰীত ই-ৰিক্সা পথ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 12:57 PM IST

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ ৰাজপথ-উপ-পথত জধে-মধে চলাচল কৰা ই-ৰিক্সাই জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে । মহানগৰীৰ ব্যস্ততাপূৰ্ণ পথবোৰত ই-ৰিক্সা চলাৰ ফলত সময়ে সময়ে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছে । তদুপৰি মহানগৰীৰ ঘাইপথ-উপ-পথত চলাচল কৰা ই-ৰিক্সাৰ বাবে সংঘটিত হৈছে ইটোৰ পিচত সিটো দুর্ঘটনা ।

এনে দুর্ঘটনাত বহুলোকে অকাল মৃত্যুক সাবটি লোৱাৰ বিপৰীতে কেইবাজনো ঘূণীয়া হৈছে । ৰাজপথত বৃদ্ধি পোৱা ই-ৰিক্সাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ অৱসান ঘটাবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে সোমবাৰে এক নিৰ্দেশনা জাৰি কৰিছে ।

এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা গুৱাহাটীৰ ৩১ টা পথতহে চলিব পাৰিব ই-ৰিক্সা । সোমবাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে ই-ৰিক্সাৰ বাবে নিৰ্ধাৰণ কৰা পথকেইটাৰ তালিকা প্রকাশ কৰিছে । একমাত্ৰ সুৰক্ষিত যাতায়াত আৰু যান-জঁট ৰোধৰ বাবেই আঞ্চলিক পৰিবহণ প্রাধিকাৰীয়ে এই কঠোৰ ব্যবস্থা গ্রহণ কৰিছে ।

  • মহানগৰীৰ কোন কেইটা পথত চলিব ই ৰিক্সা
  1. গুৱাহাটী শোধনাগাৰৰ পৰা ছেক্টৰ-১, ছেক্টৰ-২, নিজৰাপাৰলৈ
  2. পানীখাইতী ৰে'লৱে ক্ৰছিঙৰ পৰা ডিগাৰুলৈ
  3. ডিগাৰুৰ পৰা সোণাপুৰলৈ
  4. সোণাপুৰ বজাৰৰ পৰা মৰগ দুলা, উৰাল, কমলাজাৰী হৈ ১৪ মাইললৈ, সোণাইগাঁও সৰুটাৰিলৈ
  5. পাঞ্জাবাৰী জুৰিপাৰৰ পৰা সাত গাঁৱলৈ
  6. পাঞ্জাবাৰী চিটি বাছ ষ্টপৰ পৰা গুৱাহাটী পাব্লিক স্কুল, বতাহঘুলিলৈ
  7. বাঘৰবৰী তিনিআলিৰ পৰা সাতগাঁও বুধবৰীয়া বজাৰলৈ
  8. ক্ষেত্ৰী বজাৰৰ পৰা বেঙেনাবাৰী, শালনি, মালৈবাৰী, তেতেলীয়ালৈ
  9. কইনাধৰাৰ পৰা পাটৰকুছিলৈ
  10. বশিষ্ঠ মন্দিৰৰ পৰা গণেশনগৰ, বৰপথাৰলৈ
  11. গড়চুকৰ পৰা পামহি, দীপৰ বিল, পাটগাঁও বি এছ এফ কেম্প, ডিপিএছলৈ
  12. সাতমাইলৰ পৰা অসম অভিযান্ত্রিক মহাবিদ্যালয় হৈ বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানলৈ
  13. সুন্দৰবড়ীৰ পৰা সাতমাইল,বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানলৈ
  14. পাটগাঁও বি এছ এফ কেম্পৰ পৰা ৰাণী, এক'লেগুল
  15. এয়াৰপ'ৰ্টৰ পৰা গড়ললৈ
  16. ধাৰাপুৰৰ পৰা গড়ললৈ
  17. এয়াৰপ'ৰ্টৰ পৰা কাঁহিকুছিলৈ
  18. মূলপথৰ পৰা উপ-পথৰ শেষ পইন্টলৈ
  19. দক্ষিণ গাঁৱৰ পৰা সোণাইঘুলিলৈ
  20. হেঙেৰাবাৰী পাব্লিক হেল্থৰ পৰা গাহৰিকটা চ'ক, জাপৰিগোগলৈ
  21. লালমাটিৰ পৰা বৈকুণ্ঠপুৰলৈ
  22. সিজুবাৰী মাজাৰৰ পৰা দক্ষিণ গাঁৱলৈ
  23. পাথৰকুঁৱেৰীৰ পৰা সাতগাঁও, বাঘৰবৰী তিনিআলিলৈ
  24. সাউকুছিৰ পৰা এন ই এফ ল' কলেজ হৈ ঘোৰামাৰালৈ
  25. লালমাটিৰ পৰা এ জি পইন্টলৈ
  26. এ জি পইণ্টৰ পৰা জয়ানগৰৰ ৰিলায়েন্স মার্কেটলৈ
  27. শেৱালি পথৰ পৰা মেঘমল্লাৰ কমপ্লেক্স হৈ ন'টবমালৈ
  28. দাতালপাৰাৰ পৰা ছাউথ পইন্ট স্কুললৈ
  29. আদাবাৰী কাটিয়া দলঙৰ পৰা জয়মতী নগৰ হৈ পাণ্ডু প'র্টলৈ
  30. গণেশ টার্নিঙৰ পৰা জনকপুৰলৈ
  31. খেৰাইকুছিৰ পৰা চন্দন নগৰ হৈ বেহাৰবাৰী, হকী ষ্টেডিয়াম হৈ সাউকুছিলৈ
  • নিৰ্ধাৰিত ৩১ টকা পথত ই ৰিক্সা চলাবলৈ চালকে কি নিয়ম মানিব লাগিব
  1. এতিয়াৰে পৰা প্ৰতিজন ই-ৰিক্সা চালকে নির্ধাৰিত পথত খাকী পোছাক পিন্ধি ই-ৰিক্সা চলাব লাগিব
  2. তদুপৰি প্ৰতিজন চালকৰ থাকিব লাগিব পুলিচ ভেৰিফিকেচনৰ প্ৰমাণপত্র
  3. এয়াই নহয়, চালকৰ লগতে ই-ৰিক্সাৰ অনুজ্ঞাপত্ৰও জৰুৰী হিচাপে বিবেচিত হৈছে
  4. পৰিবহণ প্ৰাধিকাৰীয়ে নিৰ্ধাৰণ কৰি দিয়া পথত নচলালে বা চালকৰ পোছাক পৰিধান নকৰিলে লগতে চালকৰ পুলিচ ভেৰিফিকেচন-অনুজ্ঞাপত্ৰ আদি নাথাকিলে যান-বাহন আইন অনুসৰি দণ্ডনীয় হ'ব

লগতে পঢ়ক:কোন পথত কিমান গতিবেগত বাহন চলালে ভৰিব লাগিব জৰিমনা ? - Traffic rules on speed

যান-বাহন আইন ভংগ : কোন বিজেপি সাংসদৰ গাড়ীৰ বিৰুদ্ধে আৰক্ষীয়ে কাটিলে চালান ? - Traffic Rule Violation

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.