স্প’ৰ্টছ ডেস্ক: বাংলাদেশৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত 5 উইকেটত জয় লাভ আফগানিস্তানৰ ৷ এই মেচত আফগানিস্তানৰ সোঁহতীয়া অ’পেনাৰ বেটছমেন ৰহমানউল্লাহ গুৰবাজৰ অনন্য কৃতিত্ব অৰ্জন ৷
দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি কেৰিয়াৰৰ অষ্টমটো এদিনীয়া শতক অৰ্জন কৰে গুৰবাজে । যাৰ বাবে আফগানিস্তানে শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ নিৰ্ণায়ক মেচখনত জয় লাভ কৰাৰ লগতে দখল কৰিছিল 3 খন মেচৰ এদিনীয়া শৃংখলাটো ৷
💯 for Rahmanullah Gurbaz!
— ICC (@ICC) November 11, 2024
The Afghanistan opener is leading the way for his team in the series decider 👌 #BANvAFG 📝: https://t.co/lKmnMJjtyO pic.twitter.com/TqVMJgHSAz
এই শতকৰ সৈতে আফগান বেটছমেনজনে ভংগ কৰে ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীৰ এদিনীয়া অভিলেখ ৷
অষ্টমটো এদিনীয়া শতক অৰ্জনকাৰী দ্বিতীয়গৰাকী সৰ্বকনিষ্ঠ বেটছমেনত পৰিণত
বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয় এদিনীয়াত 101 ৰাণৰ এক সুন্দৰ ইনিংছ খেলে গুৰবাজে ৷ ইয়াৰ লগে লগে 22 বছৰ 349 দিনত দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ বেটছমেন কুইণ্টন ডি ককৰ পিছতে 8 টা এদিনীয়া শতক অৰ্জনকাৰী দ্বিতীয় সৰ্বকনিষ্ঠ বেটছমেনত পৰিণত হয় গুৰবাজ । ডি ককে 22 বছৰ 312 দিনত এই কৃতিত্ব অৰ্জন কৰিছিল ।
একে সময়তে গুৰবাজে শচীন তেণ্ডুলকাৰ (22 বছৰ 357 দিন), বিৰাট কোহলী (23 বছৰ 27 দিন) আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজমৰ (23 বছৰ 280 দিন) অভিলেখ ভংগ কৰে ।
𝐇𝐔𝐍𝐃𝐑𝐄𝐃 𝐍𝐎. 𝐄𝐈𝐆𝐇𝐓 𝟖️ 𝐟𝐨𝐫 𝐆𝐮𝐫𝐛𝐚𝐳!!! 💯@RGurbaz_21 shines bright and brings up an outstanding 💯 in the series decider against @BCBtigers. 👏
— Afghanistan Cricket Board (@ACBofficials) November 11, 2024
A superb performance under pressure to mark his 8th ODI hundred! Terrific effort! 🔥#AfghanAtalan | #AFGvBAN pic.twitter.com/FPii6pE1My
ইয়াৰোপৰি, তেওঁ 23 বছৰ বয়সৰ পূৰ্বে এদিনীয়া ক্ৰিকেটত 8 টা শতক অৰ্জন কৰি সৰ্বাধিক এদিনীয়া শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শচীন তেণ্ডুলকাৰৰ সৈতে সমতা স্থাপন কৰে ৷
তৃতীয় এদিনীয়াতো জয় লাভ আফগানিস্তানৰ
বাংলাদেশে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল । মাহমুদুল্লাহ (98) আৰু মেহিদী হাছান মিৰাজে (66) সংগ্ৰহ কৰা অৰ্ধশতকৰ সহায়ত দলটোৱে সংগ্ৰহ কৰিছিল 244/8 ৰাণ ৷
𝐀𝐅𝐆𝐇𝐀𝐍𝐈𝐒𝐓𝐀𝐍 𝐖𝐈𝐍 𝐓𝐇𝐄 𝐒𝐄𝐑𝐈𝐄𝐒 𝟐-𝟏 🙌#AfghanAtalan put on a remarkable batting performance to successfully chase down the target and secure a 2-1 series victory in the three-match ODI series against @BCBtigers. 👏#AFGvBAN | #GloriousNationVictoriousTeam pic.twitter.com/8uYHtrODIB
— Afghanistan Cricket Board (@ACBofficials) November 11, 2024
245 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰহমানুল্লাহ গুৰবাজৰ 101 ৰাণৰ সহায়ত মেচৰ অন্তিম অভাৰত জয় লাভ কৰে আফগানিস্তানে ৷ আজমাতুল্লাহ উমাৰজায়ো অপৰাজিত 70 ৰাণ সংগ্ৰহ কৰে ৷ এয়া আছিল আফগান দলটোৰ এদিনীয়াত ক্ৰমাগত তৃতীয়টো শৃংখলা জয় ৷ ইয়াৰ পূৰ্বে দলটোৱে সংযুক্ত আৰৱ আমিৰশ্বাহীত দক্ষিণ আফ্ৰিকাক 2-1 আৰু আয়াৰলেণ্ডক 2-0 ব্যৱধানত পৰাস্ত কৰিছিল ।
23 বছৰৰ পূৰ্বে সৰ্বাধিক এদিনীয়া শতক
- শচীন তেণ্ডুলকাৰ (ভাৰত) – 8
- কুইণ্টন ডি কক (দক্ষিণ আফ্ৰিকা) – 8
- ৰহমানুল্লাহ গুৰবাজ (अफगानिस्तान) – 8
- বিৰাট কোহলী (ভাৰত) – 7
- উপুল থাৰংগা (শ্ৰীলংকা) – 6
- বাবৰ আজম (পাকিস্তান) – 6
8 টা এদিনীয়া শতক অৰ্জনকাৰী আটাইতকৈ কম বয়সীয়া বেটছমেন:
- কুইণ্টন ডি কক (দক্ষিণ আফ্ৰিকা): 22 বছৰ, 312 দিন
- ৰহমানউল্লাহ গুৰবাজ (আফগানিস্তান): 22 বছৰ, 349 দিন
- শচীন তেণ্ডুলকাৰ (ভাৰত): 22 বছৰ, 357 দিন
- বিৰাট কোহলী (ভাৰত): 23 বছৰ, 27 দিন
- বাবৰ আজম (পাকিস্তান): 23 বছৰ, 280 দিন
লগতে পঢ়ক: 6 মিনিট, 10 বল, 50 ৰাণ... ইংলেণ্ডৰ এগৰাকী বেটছমেনৰ ঐতিহাসিক কৃতিত্ব