ETV Bharat / bharat

৩০৯ দিনত ১৮৯ জন নক্সালবাদীক হত্যা

ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযানত নিৰাপত্তাৰক্ষীয়ে চলিত বৰ্ষত বিশেষ সফলতা লাভ কৰিছে ৷ এই বিষয়ে ইটিভি ভাৰতৰ আগত সদৰী কৰিছে এগৰাকী বিষয়াই ৷ চাওক সবিশেষ-

RED TERROR IN INDIA
ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 12:46 PM IST

বাষ্টাৰ: নক্সাল সমস্যাৰ বিৰুদ্ধে বাষ্টাৰত চলা যুঁজৰ ক্ষেত্ৰত ২০২৪ বৰ্ষটো সফল বছৰ বুলি প্ৰমাণিত হৈছে । যোৱা ৩০৯ দিনৰ তথ্য প্ৰকাশ কৰিছে বাষ্টাৰ ৰেঞ্জৰ আই জি সুন্দৰৰাজ পিয়ে । বাষ্টাৰ আই জিৰ তথ্য অনুসৰি ৩০৯ দিনত ১৮৯ জন নক্সালবাদীক হত্যা কৰা হৈছে । যাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । ইয়াৰ সমান্তৰালকৈ এইবাৰ বাহিনীটোৱে মুঠ ১০ কোটি টকাৰ মূৰৰ দাম থকা নক্সালবাদীক হত্যা কৰিছে । লুণ্ঠন কৰা মুঠ ২২৯ টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে ।

১৯৫ জনতকৈ অধিক মাওবাদীক হত্যা কৰাৰ দাবী: বাষ্টাৰৰ আই জি সুন্দৰৰাজ পিয়ে ইটিভি ভাৰতৰ আগত দাবী কৰে যে এই বছৰ ৯৬ টা এনকাউণ্টাৰ হৈছে । ইয়াৰ ফলত মুঠ ১৯৫ জনতকৈ অধিক নক্সালবাদী নিহত হৈছে । মুঠ ১৮৯ জন নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে । এইবাৰ নিহত হোৱা মাওবাদীসকলৰ ওপৰত ৯ কোটি ৭২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।

RED TERROR IN INDIA
অস্ত্ৰ জব্দ (ETV Bharat)

‘‘২০২৪ চনত বিভিন্ন এনকাউণ্টাৰত উদ্ধাৰ হৈছে ১৮৯ জন নক্সালবাদীৰ মৃতদেহ । ৰাজ্যিক পৰ্যায়ৰ পাঁচটা মাওবাদীক ডি কে এছ জে ডি চিত অন্তৰ্ভুক্ত কৰা হৈছে । ১০ জন মাওবাদী ডি ভি চি এম ৰেংকৰ । ৩৫জন মাওবাদীক আঞ্চলিক সমিতিৰ সদস্য পদত অন্তৰ্ভুক্ত কৰা হৈছে । বিভিন্ন পদবীত পি এল জি এ সংগঠনত থকা নক্সালবাদীও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । এনে নক্সালবাদীৰ ওপৰত মুঠ ৯ কোটি ৭২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷’’ সুন্দৰৰাজ পি, বাষ্টাৰ আই জি

নিৰাপত্তা বাহিনীয়ে বহু মাৰণাস্ত্ৰও উদ্ধাৰ কৰে: বাষ্টাৰৰ আই জিয়ে কয় যে নক্সালবাদী বিৰোধী অভিযানত বহু মাৰাত্মক অস্ত্ৰও উদ্ধাৰ কৰা হৈছে । এইবাৰ বাহিনীটোৱে মুঠ ২২৯ টা আধুনিক অস্ত্ৰ জব্দ কৰিছে । বাষ্টাৰ আই জি সুন্দৰৰাজ পিয়ে জনোৱা মতে, ২০২৪ চনত ২২৯ টাতকৈও অধিক অস্ত্ৰ উদ্ধাৰ হৈছে । এই অস্ত্ৰসমূহৰ ভিতৰত আছে এল এম জি, এ কে-৪৭, ইনছাছ ৰাইফল, এ এছ এল আৰ আৰু অৰ্ধস্বয়ংক্ৰিয় অস্ত্ৰ ।

RED TERROR IN INDIA
মাওবাদীৰ পৰা জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ (ETV Bharat)

ইয়াৰ উপৰিও বিজিএল লঞ্চাৰ আৰু মাওবাদীয়ে প্ৰস্তুত কৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে । নক্সালবাদীয়ে বাহিনীৰ জোৱানৰ পৰা লুটপাত কৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে । বাষ্টাৰৰ আই জিয়ে বিজিএল লঞ্চাৰ আৰু অন্যান্য অস্ত্ৰ মাওবাদীয়ে নিজেই নিৰ্মাণ কৰা বুলিও প্ৰকাশ কৰে ।

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ বাহিনীয়ে কেনেকৈ চিনাক্ত কৰিলে : ইটিভি ভাৰতৰে হোৱা বাৰ্তালাপত বাষ্টাৰৰ আই জিয়ে লগতে কয় যে বাহিনীটোৱে নিজৰ তদন্তত অস্ত্ৰ উদ্ধাৰ হোৱাটো নিশ্চিত কৰিছে । বাহিনীটোৰ অস্ত্ৰৰ বাট নম্বৰ আৰু ব’ডি নম্বৰ থাকে । ইয়াৰ বাহিৰেও প্ৰতিটো অস্ত্ৰৰ এটা সুকীয়া ক’ড থাকে । এই সকলোবোৰ অস্ত্ৰ জোৱানৰ তথ্যৰ সৈতে জড়িত । এই তথ্যসমূহৰ মিল আছে । ইয়াৰ পিছত ক’ডৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ চিনাক্ত কৰা হয় ।

লগতে পঢ়ক: এনকাউণ্টাৰত শীৰ্ষস্থান দখল ছত্তীশগড় আৰক্ষীৰ : পাঁচ মাহত নিহত শতাধিক নক্সাল - Red terror in Chhattisgarh

ছত্তীশগড়ত ৩১ টা নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ - Chhattisgarh Naxal encounter

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ এনকাউণ্টাৰ: নিহত ৩০ মাওবাদী - Abujhmad encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.